--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আচলতে জীৱনৰ সংজ্ঞা কি? আছলতে জীৱনৰ আছে এক সুকীয়া মাদকতা৷ জীৱন বুলি এতিয়ালৈ সথিক উত্তৰ দিয়া মানুহ হয়তো এজনো নোলাব৷ মনোৰোগ বিশ্লেষকৰ মতে, জীৱন ৰ সথিক উত্তৰ বিচাৰি সাম্প্ৰতিক গৱেষণা চলি আছে। আধুনিক মনোবিজ্ঞানত, জীৱনৰ অৰ্থ বিচাৰাটো সবাটোতকৈ কঠিন কাম৷

ভগৱৎ-গীতাত ভগৱান কৃষ্ণই কৈছিল যে, সকলোবোৰ এটা কাৰণ বা ভাল কাৰণৰ বাবে হয়। জীৱনত যি ঘটে সেয়া ভালৰ বাবে হয় আৰু তাৰ আঁৰত সদায় এটা অন্তৰ্নিহিত কাৰণ থাকে৷ তেওঁ লগতে উল্লেখ কৰিছিল যে আমি সকলোৱে ঈশ্বৰৰ সন্তান, এজন সৃষ্টিকৰ্তা। ঈশ্বৰ হৈছে সৰ্বোচ্চ শক্তি আৰু এই পৃথিৱীখন তেওঁৰ দ্বাৰা পৰিচালিত হয়।

আইৰ কোলাত প্ৰথম চকু মেলাৰ দিনাখনৰ পৰাই শেষ চকুমোদাৰ দিনাখনকেই হয়তো জীৱন বুলি কোৱা হয়৷ আচলতে জীৱন আমি যি অনুভৱ কৰো, যি আমাৰ লগত ঘটি আছে সেয়াই হয়টো জীৱন৷ জীৱনৰ ওপৰত বহুজনে ভিন্নভাৱে মন্তব্য কৰি আহিছে৷ জীৱনৰ সংজ্ঞা বিচাৰি প্ৰাগ ডিজিটেলৰ এক বিশেষ প্ৰচেষ্টা৷

এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য৷ এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে এখনি সৰু দোকানৰ সৈতে কৰি গৈছে জীৱন সংগ্ৰাম৷ বিলাসিতাৰ বিপৰীতে শীতৰ কুঁৱলি ফালি অথবা প্ৰচৰ উত্তাপ সহিও কৰি গৈছে জীৱন সংগ্ৰাম৷ কিশোৰীগৰাকীৰ নাম মিতালী দাস৷ ক্ষুধাই যেন গদ্যময় কৰি তোলে সমগ্ৰ ধৰা৷ পেটৰ তাড়নাত শিক্ষাৰ পথাৰখনৰ পৰা আধাতেই সামৰিবলগীয়া হয় শিক্ষাজীৱন৷ আৰু হাতত পুথিৰ পৰিবৰ্তে ল'বলগীয়া হয় জীৱনৰ দায়িত্বভাৰ৷ এইগৰাকী কিশোৰীৰ ঘৰ মহানগৰীৰ কালীবাৰীত৷ মাক আৰু ককায়েকৰ সৈতে বাস কৰা মিতালীয়ে গুৱাহাটী ৰে'ল ষ্টেচনত এখন সৰু দোকানেৰে কৰি গৈছে জীৱন সংগ্ৰাম৷ মিতালীৰ জীৱন সংগ্ৰাম যেন কোনোদিনেই কম নহ'ল৷ এটি দুৰ্ঘটনাত ককায়েক কুমুট দাসে হেৰুৱাইছিল দুয়োখন ভৰি৷ মাতৃ নিৰ্মালী দাসো শাৰীৰিকভাৱে অসুস্থ৷ যাৰবাবে ঘৰৰ সমস্ত্ৰ দায়িত্ব যেন অকলেই মূৰ পাতি লৈছিল মিতালীয়ে৷ সৰুতেই পিতৃহীনা হোৱা মিতালীয়ে বুজি নাপায় পিতৃৰ মৰমৰ কথা৷

মিতালীয়ে কৈছিল, 'মোৰ মনত আছে মই তেতিয়া বিদ্যালয়ৰ পৰা আহি পাইছো৷ আৰু মোৰ মায়ে কৈছিল আইতু মোক ক্ষমা কৰি দে৷ মই তোক আৰু একো দিব নোৱাৰিম৷' তাৰপাছতেই মিতালী হৈ পৰে এগৰাকী জীৱনৰ যুঁজাৰু৷ যদিটো সময়ত পিতৃ-মাতৃৰ উমাল বুকুত উমলি জীৱনৰ ৰং বুটলি ৰামধেনুৰ ছবি আকেঁ৷ সেই সময়তেই নিথৰুৱা হৈছিল মিতালী৷ মাকৰ চকুলোৱে যেন অধিক শক্তিশালী কৰি তুলিছিল তেওঁক৷ তাৰপাছতৰে পৰা মিতালীয়ে আৰু ঘূৰি চোৱা নাই জীৱনৰ বেলিকা৷ মাকক অলপ হাঁহি আৰু ককায়েকক সাহস দিবলৈ পাকৈত যুঁজাৰুৰ দৰে জীৱন যুঁজত অৱৰ্তীন হৈছে কণমানি মিতালী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ