--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আচলতে জীৱনৰ সংজ্ঞা কি? আছলতে জীৱনৰ আছে এক সুকীয়া মাদকতা৷ জীৱন বুলি এতিয়ালৈ সথিক উত্তৰ দিয়া মানুহ হয়তো এজনো নোলাব৷ মনোৰোগ বিশ্লেষকৰ মতে, জীৱন ৰ সথিক উত্তৰ বিচাৰি সাম্প্ৰতিক গৱেষণা চলি আছে। আধুনিক মনোবিজ্ঞানত, জীৱনৰ অৰ্থ বিচাৰাটো সবাটোতকৈ কঠিন কাম৷

ভগৱৎ-গীতাত ভগৱান কৃষ্ণই কৈছিল যে, সকলোবোৰ এটা কাৰণ বা ভাল কাৰণৰ বাবে হয়। জীৱনত যি ঘটে সেয়া ভালৰ বাবে হয় আৰু তাৰ আঁৰত সদায় এটা অন্তৰ্নিহিত কাৰণ থাকে৷ তেওঁ লগতে উল্লেখ কৰিছিল যে আমি সকলোৱে ঈশ্বৰৰ সন্তান, এজন সৃষ্টিকৰ্তা। ঈশ্বৰ হৈছে সৰ্বোচ্চ শক্তি আৰু এই পৃথিৱীখন তেওঁৰ দ্বাৰা পৰিচালিত হয়।

আইৰ কোলাত প্ৰথম চকু মেলাৰ দিনাখনৰ পৰাই শেষ চকুমোদাৰ দিনাখনকেই হয়তো জীৱন বুলি কোৱা হয়৷ আচলতে জীৱন আমি যি অনুভৱ কৰো, যি আমাৰ লগত ঘটি আছে সেয়াই হয়টো জীৱন৷ জীৱনৰ ওপৰত বহুজনে ভিন্নভাৱে মন্তব্য কৰি আহিছে৷ জীৱনৰ সংজ্ঞা বিচাৰি প্ৰাগ ডিজিটেলৰ এক বিশেষ প্ৰচেষ্টা৷

এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য৷ এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে এখনি সৰু দোকানৰ সৈতে কৰি গৈছে জীৱন সংগ্ৰাম৷ বিলাসিতাৰ বিপৰীতে শীতৰ কুঁৱলি ফালি অথবা প্ৰচৰ উত্তাপ সহিও কৰি গৈছে জীৱন সংগ্ৰাম৷ কিশোৰীগৰাকীৰ নাম মিতালী দাস৷ ক্ষুধাই যেন গদ্যময় কৰি তোলে সমগ্ৰ ধৰা৷ পেটৰ তাড়নাত শিক্ষাৰ পথাৰখনৰ পৰা আধাতেই সামৰিবলগীয়া হয় শিক্ষাজীৱন৷ আৰু হাতত পুথিৰ পৰিবৰ্তে ল'বলগীয়া হয় জীৱনৰ দায়িত্বভাৰ৷ এইগৰাকী কিশোৰীৰ ঘৰ মহানগৰীৰ কালীবাৰীত৷ মাক আৰু ককায়েকৰ সৈতে বাস কৰা মিতালীয়ে গুৱাহাটী ৰে'ল ষ্টেচনত এখন সৰু দোকানেৰে কৰি গৈছে জীৱন সংগ্ৰাম৷ মিতালীৰ জীৱন সংগ্ৰাম যেন কোনোদিনেই কম নহ'ল৷ এটি দুৰ্ঘটনাত ককায়েক কুমুট দাসে হেৰুৱাইছিল দুয়োখন ভৰি৷ মাতৃ নিৰ্মালী দাসো শাৰীৰিকভাৱে অসুস্থ৷ যাৰবাবে ঘৰৰ সমস্ত্ৰ দায়িত্ব যেন অকলেই মূৰ পাতি লৈছিল মিতালীয়ে৷ সৰুতেই পিতৃহীনা হোৱা মিতালীয়ে বুজি নাপায় পিতৃৰ মৰমৰ কথা৷

মিতালীয়ে কৈছিল, 'মোৰ মনত আছে মই তেতিয়া বিদ্যালয়ৰ পৰা আহি পাইছো৷ আৰু মোৰ মায়ে কৈছিল আইতু মোক ক্ষমা কৰি দে৷ মই তোক আৰু একো দিব নোৱাৰিম৷' তাৰপাছতেই মিতালী হৈ পৰে এগৰাকী জীৱনৰ যুঁজাৰু৷ যদিটো সময়ত পিতৃ-মাতৃৰ উমাল বুকুত উমলি জীৱনৰ ৰং বুটলি ৰামধেনুৰ ছবি আকেঁ৷ সেই সময়তেই নিথৰুৱা হৈছিল মিতালী৷ মাকৰ চকুলোৱে যেন অধিক শক্তিশালী কৰি তুলিছিল তেওঁক৷ তাৰপাছতৰে পৰা মিতালীয়ে আৰু ঘূৰি চোৱা নাই জীৱনৰ বেলিকা৷ মাকক অলপ হাঁহি আৰু ককায়েকক সাহস দিবলৈ পাকৈত যুঁজাৰুৰ দৰে জীৱন যুঁজত অৱৰ্তীন হৈছে কণমানি মিতালী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক