--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আপুনি চিৰসেউজ হৈ থাকিব বিচাৰে নেকি? সুন্দৰ-সুঠাম শৰীৰৰ অধিকাৰী হোৱাৰ হেঁপাহ সকলোৰে আছে৷ মোহময়ী অভিনেত্ৰীসকলৰ সুঠাম-শৰীৰে সকলোকে মুহিত কৰে৷ কিন্তু ঘৰুৱা তথা সামাজিক ব্যস্ততাৰ মাজত এইটো সঁচাকৈয়ে সম্ভৱ নেকি সাধাৰণ লোকৰ বাবে? দৰাচলতে, যদি মানুহে বিচাৰে তেন্তে সকলো সম্ভৱ। যদি অলপ সাৱধানতা আৰু প্ৰচেষ্টা থাকে তেনেহ’লে আপুনি বিচৰা সকলো সম্ভৱ হৈ উঠিব। প্ৰতিজন মানুহৰ কিছুমান অভ্যাস থাকে যি শৰীৰৰ বাবে ক্ষতিকাৰক বুলি গণ্য হ’ব পাৰে কেতিয়াবা। সেই অভ্যাসবোৰ কেৱল শৰীৰৰ বাবে ক্ষতিকাৰক নহয় কিন্তু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰে। বয়সৰ চাপ আপোনাৰ পৰিছে নেকি?

কিন্তু এই ক্ষেত্ৰত, আপুনি যদি জীৱনশৈলী সলনি কৰিব পাৰে, তেন্তে বয়স বৃদ্ধিৰ গতি সহজে হ্ৰাস কৰিব পাৰিব৷ অব্যশ্যে মহিলাৰ সমান্তৰালকৈ পৰুষৰ বাবে বৰ কঠিন নহয়৷ পাব্লিক হেল্থ নিউ মেক্সিকো ষ্টেট ইউনিভাৰ্চিটীৰ অধ্যাপক ড০ জগদীশ খেউচন্দানীয়ে মানুহৰ এনে ৫টা বেয়া অভ্যাসৰ বিষয়ে উল্লেখ কৰে যাৰ ফলত দ্ৰুতহাৰত বয়স বৃদ্ধি হয়। তাৰ প্ৰথম কাৰণটো হৈছে-

চাপ

১) চাপ - কিবা এটাৰ বিষয়ে অত্যধিক চিন্তা কৰিলে শৰীৰত বয়স বৃদ্ধি হয়। ইয়াৰ ফলত আপুনি আনকি মানসিক বা শাৰীৰিক বিকাৰত ভুগিব পাৰে। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে, মানুহে এই বয়সৰ চাপ বুজি নাপাব পাৰে, কিন্তু ই এক ‘মাৰাত্মক নীৰৱ হত্যাকাৰী’ বুলি অবিহিত কৰা হৈছে। সেয়েহে দীঘলীয়া সময়ৰ বাবে সতেজ হৈ থাকিবলৈ বেছি চাপ নল’বলৈ চেষ্টা কৰিব লাগে।

টোপনি

২) টোপনি - পৰ্যাপ্ত টোপনিয়ে চাপ উপশম কৰাত আৰু মানুহৰ যৌৱন বজাই ৰখাত সহায় কৰে। ফলস্বৰূপে, বৃদ্ধ বয়স অতি স্বাভাৱিকভাৱে দূৰত থাকে। কিন্তু কিছুমানে বিষয়টোক বিশেষ গুৰুত্ব নিদিয়ে। এই প্ৰৱণতা অধিক লক্ষ্যণীয়, বিশেষকৈ যুৱসকলৰ মাজত, যাৰ ভৱিষ্যতে পৰিণাম হ'ব পাৰে ভয়ংকৰ।

চৰ্বিযুক্ত খাদ্য

৩) আহাৰ - দ্ৰুত বয়সবৃদ্ধিৰ চিহ্নৰ আঁৰৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে বেয়া আহাৰ। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে অধিক মছলাযুক্ত খাদ্য আৰু চৰ্বিযুক্ত খাদ্যই আমাৰ শৰীৰত বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। যাৰ ফলত আমাৰ দেহত চৰ্বিৰ হাৰ বৃদ্ধি পায়৷ গতিকে এইধৰণৰ খাদ্য পৰিহাৰ কৰাটো স্বাস্থ্যৰ পক্ষে ফলপ্ৰসু হয়।

ব্যায়াম

৪) ব্যায়াম - আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল ব্যায়াম। যদি আমি নিয়মীয়াকৈ ব্যায়াম নকৰোঁ বা শৰীৰ সক্ৰিয় নকৰোঁ, ই আমাৰ স্বাস্থ্যপ্ৰভাৱিত কৰে। বিশেষজ্ঞসকলে কয় যে, যদি শৰীৰটো সক্ৰিয় নহয়, ব্যক্তিজন সোনকালে অসুস্থ হৈ পৰে আৰু বৃদ্ধ বয়সলৈ আগবাঢ়ে।

ধূমপান আৰু সুৰাপান

৫) ধূমপান আৰু সুৰাপান - চাপ হ্ৰাস কৰিবলৈ বহুলোকে ধূমপান, সুৰাপান বা ঔষধ সেৱন কৰে। কিন্তু ইয়াৰ অত্যধিক পৰিমাণে মানুহক মৃত্যুৰ দুৱাৰ দলিলৈ থেলি দিব পাৰে। তদুপৰি, প্ৰতিদিনে সুৰাপান আৰু ধূমপানৰ ফলতো দ্ৰুত বয়স বৃদ্ধি হয়। ছালখন চকুৰ তলত ওলমিবলৈ আৰম্ভ কৰে। গতিকে এই অভ্যাসবোৰ এৰাটো গুৰুত্বপূৰ্ণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ