--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ খেলখনত পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰিছে ভাৰতে। প্ৰথমে বেটিং কৰি পাকিস্তানে ১০৬ ৰানৰ টাৰ্গেট দিয়ে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ১৮.৫ অভাৰত ৪টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। হৰমনপ্ৰীত কৌৰে ভাৰতীয় দলৰ হৈ অধিনায়কত্ব কৰিছিল । শ্বাফলী বৰ্মাইও শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। শ্ৰেয়াংকা পাটিল আৰু অৰুন্ধতী ৰেড্ডীয়ে বলিংত শক্তি প্ৰদৰ্শন কৰে। অৱশ্যে খেলখনৰ আৰম্ভণি বেয়া আছিল।


ভাৰতৰ হৈ অ’পেনাৰ ৰূপে আহিছিল শ্বাফলী বৰ্মা আৰু স্মৃতি মান্ধনা। স্মৃতিয়ে বিশেষ একো কৰিব নোৱাৰিলে। ১৬টা বলত ৭ ৰান সংগ্ৰহ কৰি আউট হয় স্মৃতি। মান্ধানাক বৰ্খাস্ত কৰে সাদিয়া ইকবালে। ছাফালীয়ে ৩৫টা বলৰ মুখামুখি হৈ ৩২ ৰান সংগ্ৰহ কৰে। তেওঁ ৩টা ফ’ৰ মাৰে। জেমিমাহ ৰড্ৰিগেজে ২৩ ৰান সংগ্ৰহ কৰে।

ICC Women's T20 World Cup to be moved to the UAE

হৰমনপ্ৰীতে ২৪টা বলৰ মুখামুখি হৈ ২৯ ৰান সংগ্ৰহ কৰে। তেওঁ এটা ফ’ৰ মাৰে। কিন্তু খেলৰ পূৰ্বে আঘাতৰ বাবে তেওঁ খেলপথাৰৰ বাহিৰত আছিল, হৰমনপ্ৰীতৰ ডিঙিৰ সমস্যা হৈছিল। ৮টা বলত ৭ ৰান সংগ্ৰহ কৰে দীপ্তী শৰ্মাই।  শেষত সজনা সজীৱনে ফ’ৰ মাৰি খেলখন জয় কৰে। এইদৰে ভাৰতে ১৮ অভাৰ ৫টা বলত লক্ষ্যত উপনীত হয়।

পাকিস্তানৰ হৈ বলিং কৰাৰ সময়ত ফাতিমা ছানাই ৪ অভাৰত ২৩ ৰান প্ৰদান কৰি ২টা উইকেট দখল কৰে। সাদিয়া ইকবালে ৪ অভাৰত ২৩ ৰান প্ৰদান কৰি ১টা উইকেট দখল কৰে। সোহেলেও ৩ অভাৰত ১৭ ৰান প্ৰদান কৰে ৷

প্ৰথমে বেটিং কৰি পাকিস্তানে ৮ উইকেট হেৰুৱাই ২০ অভাৰত ১০৫ ৰান সংগ্ৰহ কৰে। প্ৰথমটো অভাৰতে দলটোৱে প্ৰথম উইকেট হেৰুৱাই। তাৰ বাবে নিদা দাৰে ২৮ ৰানৰ ইনিংছ খেলে। ৩৪টা বলৰ সন্মুখীন হৈ তেওঁ এটা ফ’ৰ মাৰে। মুনিবা আলীয়ে ২৬টা বলত ১৭ ৰান সংগ্ৰহ কৰে। মুনিবাই ২ ফ’ৰ মাৰিলে। ১৩ ৰান সংগ্ৰহ কৰি পুনৰ পেভিলিয়নলৈ উভতি আহে অধিনায়ক ফাতিমা ছানা। তেওঁ ৮টা বলৰ মুখামুখি হয় আৰু ২টা ফ’ৰ মাৰে। ১৪ ৰান সংগ্ৰহ কৰে চৈয়দ আৰুবা।


India Among Eight Direct Qualifiers For Women's T20 World Cup 2024 |  Cricket News

ভাৰতৰ হৈ অৰুন্ধতী ৰেড্ডীয়ে ৩টা উইকেট দখল কৰে। ৪ অভাৰত ১৯ ৰান দিয়ে। শ্ৰেয়াংকা পাটিলে ৪ অভাৰত ১২ ৰানত ২ উইকেট দখল কৰে। ১ টা মেডেন অভাৰো লয়। ৰেনুকা সিং আৰু দীপ্তি শৰ্মাই এটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে মহিলা টি-২০ বিশ্বকাপ ২০২৪ত ভাৰতৰ আৰম্ভণি বেয়া আছিল। প্ৰথমখন মেচত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত। কিন্তু এতিয়া ভাৰতীয় দল পুনৰ স্থিৰতালৈ ঘূৰি আহিছে ৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী