--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো যুৱতী-মহিলাই পিন্ধিব নোৱাৰিব টাইট ট্ৰাউজাৰ। ট্ৰাউজাৰক লৈ কঠোৰ হৈছে এগৰাকী ৰাষ্ট্ৰপ্ৰধান। ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে টাইট জিনছ বা ট্ৰাউজাৰ 'অশ্লীল' বুলি অভিহিত কৰিছে। টাইট ট্ৰাউজাৰক নিষিদ্ধ ঘোষণা কৰিলে দেশখনে। এই ঘটনা সংঘটিত হৈছে উত্তৰ কোৰিয়াত।উত্তৰ কোৰিয়াৰ মহা প্ৰতাপী শাসক কিম জং উন(Kim Jong-un) এইবাৰ কঠোৰ হৈছে টাইট ট্ৰাউজাৰ আৰু জিনছক লৈ। 

শাসকগৰাকীৰ মতে টাইট ট্ৰাউজাৰ 'অশালীন পোছাক' আৰু 'অপৰিষ্কাৰ আদৰ্শ'। উল্লেখ্য যে কিম জং-উনে নিষিদ্ধ কৰা আন বস্তুবোৰৰ ভিতৰত আছে ৰঙীন চুলি, মুলেট, পশ্চিমীয়া ব্ৰেণ্ডৰ চাৰ্ট।ইয়াৰ আগতে, কিম জং উনে চামৰাৰে নিৰ্মিত জেকেট পিন্ধাটো নিষিদ্ধ কৰিছিল। যোৱা বছৰ এনে জেকেট বিক্ৰী কৰা দোকানীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছিল। এইবাৰ উত্তৰ কোৰিয়াৰ মহিলাসকলে টাইট-ফিটিং পেণ্ট বা জিন্স পিন্ধিব নোৱাৰিব বুলি ঘোষণা কৰিলে একনায়কত্ববাদী শাসকগৰাকীয়ে।

মহিলা-যুৱতীয়ে তেওঁলোকৰ পৰম্পৰাগত পোছাক আৰু স্কাৰ্ট পিন্ধিব পাৰিব বুলি জনায় কিম জং উনে। উত্তৰ কোৰিয়াৰ ফাৰ্ষ্ট লেডী তথা কিমৰ পত্নী ৰি চোল জু আৰু কিমৰ ভগ্নী কিম ইয়ো জঙে সদায়ে পৰম্পৰাগত পোছাক বা স্কাৰ্ট পৰিধান কৰে। উত্তৰ কোৰিয়াত মহিলাসকলক স্কাৰ্ট পিন্ধিবলৈ অনুমতি দিয়া হয়, কিন্তু ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব লাগে তাৰ ওপৰতো আছে নিৰ্দিষ্ট জোখ। 

উত্তৰ কোৰিয়াত মহিলাৰ স্কাৰ্ট আঁঠুলৈকে পৰা বা আঁঠু তললৈকে হ'ব লাগিব।  এই স্কাৰ্ট বেছি টাইট ফিটিঙো হ'ব নালাগিব। কিম জং উনে তেওঁৰ ভগ্নী আৰু পত্নীক অত্যাধিক হাই হিল পিন্ধিবলৈ অনুমতি নিদিয়ে। সেইকাৰণে দুয়োকে বেছিভাগ পাম্পশ্বু আৰু ষ্ট্ৰেপ হিল পিন্ধা দেখিবলৈ পোৱা যায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত