--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো যুৱতী-মহিলাই পিন্ধিব নোৱাৰিব টাইট ট্ৰাউজাৰ। ট্ৰাউজাৰক লৈ কঠোৰ হৈছে এগৰাকী ৰাষ্ট্ৰপ্ৰধান। ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে টাইট জিনছ বা ট্ৰাউজাৰ 'অশ্লীল' বুলি অভিহিত কৰিছে। টাইট ট্ৰাউজাৰক নিষিদ্ধ ঘোষণা কৰিলে দেশখনে। এই ঘটনা সংঘটিত হৈছে উত্তৰ কোৰিয়াত।উত্তৰ কোৰিয়াৰ মহা প্ৰতাপী শাসক কিম জং উন(Kim Jong-un) এইবাৰ কঠোৰ হৈছে টাইট ট্ৰাউজাৰ আৰু জিনছক লৈ। 

শাসকগৰাকীৰ মতে টাইট ট্ৰাউজাৰ 'অশালীন পোছাক' আৰু 'অপৰিষ্কাৰ আদৰ্শ'। উল্লেখ্য যে কিম জং-উনে নিষিদ্ধ কৰা আন বস্তুবোৰৰ ভিতৰত আছে ৰঙীন চুলি, মুলেট, পশ্চিমীয়া ব্ৰেণ্ডৰ চাৰ্ট।ইয়াৰ আগতে, কিম জং উনে চামৰাৰে নিৰ্মিত জেকেট পিন্ধাটো নিষিদ্ধ কৰিছিল। যোৱা বছৰ এনে জেকেট বিক্ৰী কৰা দোকানীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছিল। এইবাৰ উত্তৰ কোৰিয়াৰ মহিলাসকলে টাইট-ফিটিং পেণ্ট বা জিন্স পিন্ধিব নোৱাৰিব বুলি ঘোষণা কৰিলে একনায়কত্ববাদী শাসকগৰাকীয়ে।

মহিলা-যুৱতীয়ে তেওঁলোকৰ পৰম্পৰাগত পোছাক আৰু স্কাৰ্ট পিন্ধিব পাৰিব বুলি জনায় কিম জং উনে। উত্তৰ কোৰিয়াৰ ফাৰ্ষ্ট লেডী তথা কিমৰ পত্নী ৰি চোল জু আৰু কিমৰ ভগ্নী কিম ইয়ো জঙে সদায়ে পৰম্পৰাগত পোছাক বা স্কাৰ্ট পৰিধান কৰে। উত্তৰ কোৰিয়াত মহিলাসকলক স্কাৰ্ট পিন্ধিবলৈ অনুমতি দিয়া হয়, কিন্তু ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব লাগে তাৰ ওপৰতো আছে নিৰ্দিষ্ট জোখ। 

উত্তৰ কোৰিয়াত মহিলাৰ স্কাৰ্ট আঁঠুলৈকে পৰা বা আঁঠু তললৈকে হ'ব লাগিব।  এই স্কাৰ্ট বেছি টাইট ফিটিঙো হ'ব নালাগিব। কিম জং উনে তেওঁৰ ভগ্নী আৰু পত্নীক অত্যাধিক হাই হিল পিন্ধিবলৈ অনুমতি নিদিয়ে। সেইকাৰণে দুয়োকে বেছিভাগ পাম্পশ্বু আৰু ষ্ট্ৰেপ হিল পিন্ধা দেখিবলৈ পোৱা যায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ