--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত ভিন্ন ধৰ্মৰ মানুহে বসবাস কৰে। সকলো ধৰ্মৰে কিছু নিজা বিশেষত্ব আছে। প্ৰতিটো ধৰ্মতে এনে কিছুমান বিশেষ বস্তু আছে যি আন ধৰ্মৰ লোকক প্ৰভাৱিত কৰে। কেতিয়াবা মানুহে তেওঁলোকৰ ধৰ্ম্ম সলনি কৰিব বিচাৰে। 

উগাণ্ডাৰ পৰা আহিছে এক বিশেষ খবৰ। উগাণ্ডাৰ জনপ্ৰিয় গায়ক য়াকলিফ টুগুমে ওৰফে য়াকি বেণ্ডা। য়াকিয়ে কৈছে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰে।  তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচৰা কাৰণটো জানিলে আপুনি আচৰিত হৈ পৰিব।  য়াকলিফ টুগুমে কৈছিল যে ''মই মুছলমান হ'ব বিচাৰো, মই ইছলাম ধৰ্ম ল'ব বিচাৰো কিয়নো এই ধৰ্মত চাৰিগৰাকীকৈ মহিলাক বিয়া কৰাব পাৰি। শেহতীয়াকৈ ঈদ উদযাপনৰ সময়ত মুছলমানসকলক খাদ্য খোৱাই থাকোতে য়াকলিফে তেওঁৰ মনৰ ইচ্ছাৰ কথা ব্যক্ত কৰিছিল।'' 

তেওঁ লগতে কৈছিল যে ''মই দেখি ভালপাওঁ যে ইছলামিক বিবাহৰ সকলো পত্নীয়ে কেনেকৈ কোনো কাজিয়া নকৰাকৈ একেলগে বাস কৰে। কোনো ধৰ্মতে এনেকুৱা নহয়।''  উল্লেখ্য যে জনাওঁ যে য়াকি এটা শিশুৰ পিতৃ আৰু মহিলাৰ সৈতে তেওঁৰ সম্পৰ্কৰ প্ৰায়ে অৱনতি ঘটি থাকে। সেইকাৰণে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা ভাবি আছে। 

য়াকিয়ে কেমিকেল ইঞ্জিনীয়াৰিঙত ডিগ্ৰী লাভ কৰিছে। কেমিকেল ইঞ্জিনীয়াৰিঙত ডিগ্ৰী লাভ কৰাৰ পাছত য়াকিয়ে কেতিয়াও কোনো অফিচত কাম কৰা নাছিল। তেওঁ এজন সংগীতজ্ঞ হিচাপে নিজৰ সপোন পূৰণ কৰে আৰু তাতে তেওঁৰ কেৰিয়াৰ গঢ়ি তোলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ