--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱীত ভিন্ন ধৰ্মৰ মানুহে বসবাস কৰে। সকলো ধৰ্মৰে কিছু নিজা বিশেষত্ব আছে। প্ৰতিটো ধৰ্মতে এনে কিছুমান বিশেষ বস্তু আছে যি আন ধৰ্মৰ লোকক প্ৰভাৱিত কৰে। কেতিয়াবা মানুহে তেওঁলোকৰ ধৰ্ম্ম সলনি কৰিব বিচাৰে। 

উগাণ্ডাৰ পৰা আহিছে এক বিশেষ খবৰ। উগাণ্ডাৰ জনপ্ৰিয় গায়ক য়াকলিফ টুগুমে ওৰফে য়াকি বেণ্ডা। য়াকিয়ে কৈছে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচাৰে।  তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিব বিচৰা কাৰণটো জানিলে আপুনি আচৰিত হৈ পৰিব।  য়াকলিফ টুগুমে কৈছিল যে ''মই মুছলমান হ'ব বিচাৰো, মই ইছলাম ধৰ্ম ল'ব বিচাৰো কিয়নো এই ধৰ্মত চাৰিগৰাকীকৈ মহিলাক বিয়া কৰাব পাৰি। শেহতীয়াকৈ ঈদ উদযাপনৰ সময়ত মুছলমানসকলক খাদ্য খোৱাই থাকোতে য়াকলিফে তেওঁৰ মনৰ ইচ্ছাৰ কথা ব্যক্ত কৰিছিল।'' 

তেওঁ লগতে কৈছিল যে ''মই দেখি ভালপাওঁ যে ইছলামিক বিবাহৰ সকলো পত্নীয়ে কেনেকৈ কোনো কাজিয়া নকৰাকৈ একেলগে বাস কৰে। কোনো ধৰ্মতে এনেকুৱা নহয়।''  উল্লেখ্য যে জনাওঁ যে য়াকি এটা শিশুৰ পিতৃ আৰু মহিলাৰ সৈতে তেওঁৰ সম্পৰ্কৰ প্ৰায়ে অৱনতি ঘটি থাকে। সেইকাৰণে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা ভাবি আছে। 

য়াকিয়ে কেমিকেল ইঞ্জিনীয়াৰিঙত ডিগ্ৰী লাভ কৰিছে। কেমিকেল ইঞ্জিনীয়াৰিঙত ডিগ্ৰী লাভ কৰাৰ পাছত য়াকিয়ে কেতিয়াও কোনো অফিচত কাম কৰা নাছিল। তেওঁ এজন সংগীতজ্ঞ হিচাপে নিজৰ সপোন পূৰণ কৰে আৰু তাতে তেওঁৰ কেৰিয়াৰ গঢ়ি তোলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত