--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ টেনিছ তাৰকা  কিনৱেন ঝেঙৰ ফ্ৰেঞ্চ অপেন অভিযানত ঋতুস্ৰাৱৰ আঘাত আৰু ভৰিৰ আঘাতৰ বাবে তেওঁৰ যাত্ৰা অপ্ৰত্যাশিতভাৱে সামৰিব লগা হৈছিল। ঋতুস্ৰাৱৰ বাবে, তেওঁ দ্বিতীয় ছেটত চিকিৎসাৰ সময়সীমাও লৈছিল। ইয়াৰ স্বত্ত্বেও, তেওঁ পোলেণ্ডৰ বিশ্বৰ এক নম্বৰ ইগা চুয়াটেকৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল। ইয়াৰ লগে লগে চীনা তাৰকাগৰাকীৰ ফ্ৰেঞ্চ অপেন চেম্পিয়ন হোৱাৰ সপোন পূৰ্ণ নহ'ল।

সকলোৱে ১৯ বছৰীয়া কিনৱেন ঝেঙৰ পৰা এক অত্যাশ্চৰ্য বিজয়ৰ বাবে অপেক্ষা কৰি আছিল যিহেতু তেওঁ প্ৰথম ছেটতে ৭-৬ ত তেওঁৰ নাম দখল কৰিছিল। ইগা চুয়াটেকে যোৱা এমাহত কোনো এটা ছেটতে পৰাজিত হোৱা নাছিল। ঝেং মেডিকেল টাইম আউটৰ পাছতে টেনিছ কৰ্টত নামিছিল যদিও তেওঁ  ক্ষিপ্ৰতা প্ৰদৰ্শন কৰিব নোৱাৰিলে। ইয়াৰ ফলত তেওঁক ইগা চুয়াটেকৰ বিৰুদ্ধে ৬-৭, ৬-০ আৰু ৬-২ ব্যৱধানত অৱশেষত পৰাজিত হৈছিল। এতিয়ালৈকে, চীনৰ পৰা মাত্ৰ এগৰাকী মহিলা খেলুৱৈয়ে ফ্ৰেঞ্চ অপেন খিতাপ জিকিছে। চীনৰ লি নায়ে ২০১১ চনৰ ফাইনেলত ইটালীৰ ফ্ৰান্সেস্কা শিৱাৱনক ৬-৪, ৭-৬(৭-০)ত পৰাস্ত কৰি ফ্ৰেঞ্চ অপেনৰ খিতাপ অৰ্জন কৰিছিল।


চিএনএনৰ মতে, আৰম্ভণিৰ ছেটৰ সময়ত তেওঁৰ কোনো বিষ হোৱা নাছিল, কিন্তু আঘাতপ্ৰাপ্ত সোঁ ভৰিখন স্ট্ৰেপ কৰিবলৈ চিকিৎসাৰ সময় উলিয়াইছিল। সেই সময়ত, তেওঁ ০-৩ ত পিছ-পৰি আছিল। বিশ্বৰ ৭৪ নম্বৰ খেলুৱৈ ঝেঙে খেলখনৰ পিছত সাংবাদিকক ক'য়, "হয়, ভৰিখনৰ অসহ্য বিষ অনুভৱ কৰিছিলো, একেসময়তে ঋতুস্ৰাৱৰ বাবে পেটৰো অসহনীয় বিষ আছিল। যাৰ বাবে মই মোৰ খেল খেলিব নোৱাৰিলোঁ।

ঝেঙে লগতে কয় "যদি মই লৰা হ'লো হয়, তেনেহসে এই ঋতুস্ৰাৱৰ দৰে সমস্যৰ সন্মুখীন নহ'লোহেতেন।  মই সঁচাকৈয়ে লৰা হবলৈ  বিচাৰো, যাতে মই ইয়াৰ ফল ভোগ কৰিব নালাগে। '

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ