--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ইতিমধ্যে তিনি মাহ অতিক্ৰম কৰিছে। এই যুদ্ধৰ ফলশ্ৰুতিত তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনীয়তাৰ আশংকাত ভুগি আছে বিশ্ব সম্প্ৰদায়। এই আশংকা বৃদ্ধি কৰি বিশ্ব ৰাজনীতিক পুনৰ অধিক চিন্তাত পেলাইছে চীনে। এক অত্যাধুনিক ড্ৰোন কেৰিয়াৰ উন্মোচন কৰি চীনে চিন্তিত কৰি তুলিছে সমগ্ৰ বিশ্বকে। দ্য চাউথ চাইনা মৰ্ণিং পোষ্টৰ বাতৰি অনুসৰি চীনে বুধবাৰে এক প্ৰকাৰৰ কৃত্ৰিম বুদ্ধিমত্তা প্ৰণালীৰ এক ড্ৰোন কেৰিয়াৰ মুকলি কৰিছে। এই ড্ৰোন কেৰিয়াৰত সামুদ্ৰিক গৱেষণা আৰু পৰ্যৱেক্ষণৰ বাবে যথেষ্টসংখ্যক স্বয়ংক্ৰিয় ড্ৰোন, জাহাজ, আৰু চাবমাৰ্চিবল অন্তৰ্ভুক্ত আছে। 

বাতৰি অনুসৰি এই ড্ৰোন কেৰিয়াৰ পৰিচালনাৰ বাবে নাথাকিব কোনো মানুহ। সমগ্ৰ ড্ৰোন কেৰিয়াৰৰ পৰিচালনা কৰিব কেৱল যন্ত্ৰই। ৮৮ মিটাৰ দীঘল, ১৪ মিটাৰ বহল আৰু ৬ মিটাৰ গভীৰ ‘ঝু হে য়ুন’ নামৰ এই ড্ৰোন কেৰিয়াৰৰ শত্ৰুক স্বয়ংক্ৰিয়ভাৱেই আক্ৰমণ কৰাৰ ক্ষমতা আছে। জানিব পৰা মতে এই অত্যাধুনিক বিশাল জাহাজখন সামুদ্ৰিক গৱেষণা জাহাজ হিচাপে নিৰ্মাণ কৰা হৈছিল। কিন্তু এতিয়া ইয়াত প্ৰায় ৫০ টা ড্ৰোন মিছাইল সংযোগ কৰা হৈছে।

জাহাজখন নিৰ্মাণ কৰা চিএছএছচি হুয়াংপু ৱেনচোং শ্বিপিং কো-ৰ এক বিবৃতি অনুসৰি, কেৰিয়াৰৰ স্বয়ংক্ৰিয় ড্ৰোন, জাহাজ আৰু চাবমাৰ্চিবলৰ সমগ্ৰ প্ৰণালীটো এটা নিৰ্ধাৰিত সাগৰীয় এলেকাত নিয়োজিত কৰি ত্ৰিমাত্ৰিক গতিশীল পৰ্যৱেক্ষণ কৰিব পাৰি। 

নিৰ্মাতা কোম্পানীটোৱে প্ৰকাশ কৰা মতে এই জাহাজখনে সাগৰীয় পৰ্যৱেক্ষণৰ কাৰ্যকৰীতা আৰু স্তৰ বৃদ্ধি কৰিব। লগতে উন্নত সামুদ্ৰিক বৈজ্ঞানিক আৰু প্ৰযুক্তিগত প্ৰতিভাৰ বিকাশত সহায় কৰি উদ্ভাৱন প্ৰক্ৰিয়া উন্নত কৰিব বুলিও আশা কৰা হৈছে।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ সামৰিক বিশেষজ্ঞ টিমোথি হিথে কয় যে স্মাৰ্ট মাইন মোতায়েন কৰিবলৈ ড্ৰোন কেৰিয়াৰ ব্যৱহাৰ কৰিব পাৰি। তেওঁ লগতে কয় যে এই জাহাজখনত স্বয়ংক্ৰিয় হোৱাৰ বাবে ভুল সিদ্ধান্ত লোৱাৰ আশংকা আছে। ফলস্বৰূপে, কোনো অভিযান বিফলো হ'ব পাৰে। 

ইউয়ান ৱাং সামৰিক বিজ্ঞান আৰু প্ৰযুক্তি থিংক টেংকৰ গৱেষক ঝৌ চেনমিংয়ে কয় যে এই মানৱবিহীন জাহাজবোৰ অতি বুদ্ধিমান। এই অত্যাধুনিক প্ৰণালীটোৱে সাগৰৰ পৰ্যৱেক্ষণত এক আমূল পৰিৱৰ্তন আনিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ