--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ইতিমধ্যে তিনি মাহ অতিক্ৰম কৰিছে। এই যুদ্ধৰ ফলশ্ৰুতিত তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনীয়তাৰ আশংকাত ভুগি আছে বিশ্ব সম্প্ৰদায়। এই আশংকা বৃদ্ধি কৰি বিশ্ব ৰাজনীতিক পুনৰ অধিক চিন্তাত পেলাইছে চীনে। এক অত্যাধুনিক ড্ৰোন কেৰিয়াৰ উন্মোচন কৰি চীনে চিন্তিত কৰি তুলিছে সমগ্ৰ বিশ্বকে। দ্য চাউথ চাইনা মৰ্ণিং পোষ্টৰ বাতৰি অনুসৰি চীনে বুধবাৰে এক প্ৰকাৰৰ কৃত্ৰিম বুদ্ধিমত্তা প্ৰণালীৰ এক ড্ৰোন কেৰিয়াৰ মুকলি কৰিছে। এই ড্ৰোন কেৰিয়াৰত সামুদ্ৰিক গৱেষণা আৰু পৰ্যৱেক্ষণৰ বাবে যথেষ্টসংখ্যক স্বয়ংক্ৰিয় ড্ৰোন, জাহাজ, আৰু চাবমাৰ্চিবল অন্তৰ্ভুক্ত আছে। 

বাতৰি অনুসৰি এই ড্ৰোন কেৰিয়াৰ পৰিচালনাৰ বাবে নাথাকিব কোনো মানুহ। সমগ্ৰ ড্ৰোন কেৰিয়াৰৰ পৰিচালনা কৰিব কেৱল যন্ত্ৰই। ৮৮ মিটাৰ দীঘল, ১৪ মিটাৰ বহল আৰু ৬ মিটাৰ গভীৰ ‘ঝু হে য়ুন’ নামৰ এই ড্ৰোন কেৰিয়াৰৰ শত্ৰুক স্বয়ংক্ৰিয়ভাৱেই আক্ৰমণ কৰাৰ ক্ষমতা আছে। জানিব পৰা মতে এই অত্যাধুনিক বিশাল জাহাজখন সামুদ্ৰিক গৱেষণা জাহাজ হিচাপে নিৰ্মাণ কৰা হৈছিল। কিন্তু এতিয়া ইয়াত প্ৰায় ৫০ টা ড্ৰোন মিছাইল সংযোগ কৰা হৈছে।

জাহাজখন নিৰ্মাণ কৰা চিএছএছচি হুয়াংপু ৱেনচোং শ্বিপিং কো-ৰ এক বিবৃতি অনুসৰি, কেৰিয়াৰৰ স্বয়ংক্ৰিয় ড্ৰোন, জাহাজ আৰু চাবমাৰ্চিবলৰ সমগ্ৰ প্ৰণালীটো এটা নিৰ্ধাৰিত সাগৰীয় এলেকাত নিয়োজিত কৰি ত্ৰিমাত্ৰিক গতিশীল পৰ্যৱেক্ষণ কৰিব পাৰি। 

নিৰ্মাতা কোম্পানীটোৱে প্ৰকাশ কৰা মতে এই জাহাজখনে সাগৰীয় পৰ্যৱেক্ষণৰ কাৰ্যকৰীতা আৰু স্তৰ বৃদ্ধি কৰিব। লগতে উন্নত সামুদ্ৰিক বৈজ্ঞানিক আৰু প্ৰযুক্তিগত প্ৰতিভাৰ বিকাশত সহায় কৰি উদ্ভাৱন প্ৰক্ৰিয়া উন্নত কৰিব বুলিও আশা কৰা হৈছে।

আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ সামৰিক বিশেষজ্ঞ টিমোথি হিথে কয় যে স্মাৰ্ট মাইন মোতায়েন কৰিবলৈ ড্ৰোন কেৰিয়াৰ ব্যৱহাৰ কৰিব পাৰি। তেওঁ লগতে কয় যে এই জাহাজখনত স্বয়ংক্ৰিয় হোৱাৰ বাবে ভুল সিদ্ধান্ত লোৱাৰ আশংকা আছে। ফলস্বৰূপে, কোনো অভিযান বিফলো হ'ব পাৰে। 

ইউয়ান ৱাং সামৰিক বিজ্ঞান আৰু প্ৰযুক্তি থিংক টেংকৰ গৱেষক ঝৌ চেনমিংয়ে কয় যে এই মানৱবিহীন জাহাজবোৰ অতি বুদ্ধিমান। এই অত্যাধুনিক প্ৰণালীটোৱে সাগৰৰ পৰ্যৱেক্ষণত এক আমূল পৰিৱৰ্তন আনিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান