--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনে অৰ্থাত্‍ নাছাই অলপতে  ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা মঙ্গলগ্ৰহৰ এক অভূতপূৰ্ব ছবি প্ৰকাশ কৰিছে। হাই-ৰিজলিউশ্বন ইমেজিং ছাইন্স এক্সপেৰিমেণ্ট (এইচ.আই.ৰাইজ)-ৰ দ্বাৰা লোৱা ছবিখনত মঙ্গল গ্ৰহত কিছুমান বিশালকায় ছিদ্ৰৰ সন্ধান পোৱা গৈছে। ছবিখন ছ’চিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ পাছতে হৈ চৈ লগা দেখা যায়। কেৱল সেয়াই নহয় বহু জ্যোতিৰ্বিজ্ঞানীয়েও ছবিখন দেখি মুগ্ধ হৈ পৰিছে আৰু প্ৰতিক্ৰিয়াও ব্যক্ত কৰা দেখা গৈছে।

এগৰাকী সাধাৰণ নাগৰিকে ছবিখন সন্দৰ্ভত মন্তব্য কৰি কয়, ‘এনে ভাব হৈছে যে, মঙলৰ গ্ৰহত এয়া কোনো ভিন্নগ্ৰহী প্ৰাণীৰ ভৰিৰ চাপ।’ ইফালে, আন এগৰাকীয়ে লিখিছে, ‘ঈশ্বৰৰ সকলো সৃষ্টিয়েই সৌন্দৰ্যপূৰ্ণ, এই বিশ্বব্ৰহ্মাণ্ডও ইয়াৰ ব্যতিক্ৰম নহয়।’ প্ৰণিধানযোগ্য যে, সৰহভাগ মানুহে ছবিখন দেখাৰ পাছত স্তম্ভিত হৈ পৰিছে। কেৱল মাত্ৰ ছবিখনৰ সৌন্দৰ্যই হতচকিত কৰি তোলা নাই, ছবিখনৰ সৈতে হেনো জড়িত হৈ আছে এক আশ্চৰ্যকৰ ৰহস্য।অৱশ্যে সেই ৰহস্যনো কি সেয়া প্ৰকাশ কৰা নাই নাছাই।

ফটোখন পোষ্ট কৰি নাছাই লিখিছে, ‘আপুনি মঙল গ্ৰহৰ ০° দ্ৰাঘিমাংশ চাই আছে - ৰঙা গ্ৰহৰ গ্ৰীণউইচ অবজাৰ্ভেটৰীৰ সমতুল্য। গ্ৰীণউইচ অবজাৰ্ভেটৰীয়ে পৃথিৱীৰ প্ৰাইম মেৰিডিয়ান চিহ্নিত কৰে। এয়া হৈছে এক উত্তৰ-দক্ষিণ ৰেখা যি পূৱ-পশ্চিমত ক'ত মিলিত হয় তাক নিৰ্ধাৰণ কৰে আৰু জ্যোতিৰ্বৈজ্ঞানিক পৰ্যৱেক্ষণৰ বাবে শূন্য-প্ৰসংগ ৰেখা হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়।

এই ক্ৰেটাৰৰ ভিতৰত থকা ডাঙৰ ক্ৰেটাৰটোক এয়াৰী ক্ৰেটাৰ বুলি কোৱা হয়। মূলতঃ মঙ্গলগ্ৰহৰ বাবে শূন্য দ্ৰাঘিমাংশ নিৰ্ধাৰণ কৰে এয়াৰী ক্ৰেটাৰে। উচ্চ ৰিজলিউশ্বনৰ ফটোৰ বাবেও ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। এই ছবিখন মাৰ্চ ৰিকনচাইন্স অৰ্বিটাৰত হাই-ৰিজলিউশ্বন ইমেজিং চাইন্স এক্সপেৰিমেণ্ট (হাইৰাইজ)-ৰ দ্বাৰা তোলা হৈছে। মানচিত্ৰখন ইয়াত প্ৰতি পিক্সেলত ৫০ চেণ্টিমিটাৰ (১৯.৭ ইঞ্চি) স্কেলত প্ৰক্ষেপ কৰা হৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ