--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাছাই সৌৰজগতৰ চাৰিসীমাৰ বাহিৰত আন এক সভ্যতাৰ সন্ধানত উঠি পৰি লাগিছে। কিন্তু নাছাৰ এই কৌতূহলে পৃথিৱীলৈ বিপদ মাতি আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে মহাকাশ বিজ্ঞানীসকলে। ভিন্নগ্ৰহীৰ সন্ধানত বহিৰ্বিশ্বলৈ সাংকেতিক চিহ্ন প্ৰেৰণৰ সিদ্ধান্ত লৈছে নাছাই। অতি সোনকালেই নাছাৰ এই বাৰ্তা কক্ষপথৰ নিৰ্দিষ্ট অংশত উপনীত হ'ব। ভিন্নগ্ৰহী বিষয়ক গৱেষকসকলৰ একাংশৰ দৃঢ় ধাৰণা যে, নাছাৰ এই সাহসী পদক্ষেপে পৃথিৱীক বিপদত পেলাব পাৰে।

বহিৰ্বিশ্ব অৰ্থাত্‍ সৌৰজগতৰ বাহিৰৰ কক্ষপথত যে আৰু অধিক নক্ষত্ৰমণ্ডল আছে তথা সেই নক্ষত্ৰবোৰত যে মানুহৰ দৰে বুদ্ধিমান প্ৰাণী থাকিব পাৰে এই কথাটো দীৰ্ঘদিন ধৰি কৈ আহিছে নাছাই। এই সন্দেহ আঁতৰাবলৈ এইবাৰ নাছাই লৈছে বিশেষ সিদ্ধান্ত। বহিৰ্বিশ্বলৈ পৃথিৱীৰ পৰা প্ৰেৰণ কৰা হ’ব সাংকেতিক বাৰ্তা। এই সাংকেতিক বাৰ্তাত পৃথিৱীৰ ঠিকনাৰ উপৰিও থাকিব পৃথিৱীত বাস কৰা লোকসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য। থাকিব পুৰুষ-মহিলা উভয়ৰে ছবি, সৌৰজগতৰ বিৱৰণ, পৃথিৱীত কিদৰে প্ৰৱেশ কৰিব পাৰি, আনকি পৃথিৱীৰ সৈতে যোগাযোগৰ অনুৰোধৰ সৈতে এক সাংকেতিক আমন্ত্ৰণলিপি।

নাছাৰ এনে কাণ্ডক সমালোচনাৰ দৃষ্টিৰে চাইছে মহাকাশ বিজ্ঞানীসকলে। নাছাৰ এই সাংকেতিক বাৰ্তাত মানুহৰ শাৰীৰিক গঠন সংক্ৰান্তত বিশদ তথ্য দিয়া হৈছে, কিন্তু নাছাই কিদৰে নিশ্চিত হৈছে যে এই বাৰ্তা লাভৰ পাছত ভিন্নগ্ৰহীয়ে কোনো অসত্‍ উদ্দেশ্যৰে পৃথিৱীত প্ৰৱেশ নকৰিব।এই প্ৰশ্ন মহাকাশ বিজ্ঞানীসকলৰ।

পৰিতাপৰ বিষয় যে, নাছাই এতিয়ালৈকে ছেণ্ডবাৰ্গ বা অৰ্ডৰ দৰে গৱেষকৰ আশংকা তথা মহাকাশ বিজ্ঞানীসকলৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। অৱশ্যে, এতিয়ালৈকে নাছাই বহিৰ্বিশ্বলৈ পৃথিৱীৰ সংকেত প্ৰেৰণ কৰা নাই। জানিবলৈ পোৱা মতে,এই সাংকেতিক বাৰ্তা চীনৰ ৫০০ মিটাৰ এপাৰচাৰ স্পেৰিকেল ৰেডিঅ' টেলিস্কোপ আৰু উত্তৰ কেলিফৰ্ণিয়াৰ ছেটি ইনষ্টিটিউটৰ এলেন টেলিস্কোপ এৰেৰ পৰা কক্ষপথৰ এটা বিশেষ শাখালৈ প্ৰেৰণ কৰা হ'ব। ফলাফল যিয়েই নহওক, বিশ্বৰ সৰহসংখ্যক মহাকাশচাৰীয়ে এটা বিষয়ত একমত যে, বহিৰ্বিশ্বৰ লোকসকলক আমন্ত্ৰণ জনোৱাৰ এই পদক্ষেপ নিঃসন্দেহে মহাকাশ বিজ্ঞানৰ চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ