--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাছাই সৌৰজগতৰ চাৰিসীমাৰ বাহিৰত আন এক সভ্যতাৰ সন্ধানত উঠি পৰি লাগিছে। কিন্তু নাছাৰ এই কৌতূহলে পৃথিৱীলৈ বিপদ মাতি আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে মহাকাশ বিজ্ঞানীসকলে। ভিন্নগ্ৰহীৰ সন্ধানত বহিৰ্বিশ্বলৈ সাংকেতিক চিহ্ন প্ৰেৰণৰ সিদ্ধান্ত লৈছে নাছাই। অতি সোনকালেই নাছাৰ এই বাৰ্তা কক্ষপথৰ নিৰ্দিষ্ট অংশত উপনীত হ'ব। ভিন্নগ্ৰহী বিষয়ক গৱেষকসকলৰ একাংশৰ দৃঢ় ধাৰণা যে, নাছাৰ এই সাহসী পদক্ষেপে পৃথিৱীক বিপদত পেলাব পাৰে।

বহিৰ্বিশ্ব অৰ্থাত্‍ সৌৰজগতৰ বাহিৰৰ কক্ষপথত যে আৰু অধিক নক্ষত্ৰমণ্ডল আছে তথা সেই নক্ষত্ৰবোৰত যে মানুহৰ দৰে বুদ্ধিমান প্ৰাণী থাকিব পাৰে এই কথাটো দীৰ্ঘদিন ধৰি কৈ আহিছে নাছাই। এই সন্দেহ আঁতৰাবলৈ এইবাৰ নাছাই লৈছে বিশেষ সিদ্ধান্ত। বহিৰ্বিশ্বলৈ পৃথিৱীৰ পৰা প্ৰেৰণ কৰা হ’ব সাংকেতিক বাৰ্তা। এই সাংকেতিক বাৰ্তাত পৃথিৱীৰ ঠিকনাৰ উপৰিও থাকিব পৃথিৱীত বাস কৰা লোকসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য। থাকিব পুৰুষ-মহিলা উভয়ৰে ছবি, সৌৰজগতৰ বিৱৰণ, পৃথিৱীত কিদৰে প্ৰৱেশ কৰিব পাৰি, আনকি পৃথিৱীৰ সৈতে যোগাযোগৰ অনুৰোধৰ সৈতে এক সাংকেতিক আমন্ত্ৰণলিপি।

নাছাৰ এনে কাণ্ডক সমালোচনাৰ দৃষ্টিৰে চাইছে মহাকাশ বিজ্ঞানীসকলে। নাছাৰ এই সাংকেতিক বাৰ্তাত মানুহৰ শাৰীৰিক গঠন সংক্ৰান্তত বিশদ তথ্য দিয়া হৈছে, কিন্তু নাছাই কিদৰে নিশ্চিত হৈছে যে এই বাৰ্তা লাভৰ পাছত ভিন্নগ্ৰহীয়ে কোনো অসত্‍ উদ্দেশ্যৰে পৃথিৱীত প্ৰৱেশ নকৰিব।এই প্ৰশ্ন মহাকাশ বিজ্ঞানীসকলৰ।

পৰিতাপৰ বিষয় যে, নাছাই এতিয়ালৈকে ছেণ্ডবাৰ্গ বা অৰ্ডৰ দৰে গৱেষকৰ আশংকা তথা মহাকাশ বিজ্ঞানীসকলৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। অৱশ্যে, এতিয়ালৈকে নাছাই বহিৰ্বিশ্বলৈ পৃথিৱীৰ সংকেত প্ৰেৰণ কৰা নাই। জানিবলৈ পোৱা মতে,এই সাংকেতিক বাৰ্তা চীনৰ ৫০০ মিটাৰ এপাৰচাৰ স্পেৰিকেল ৰেডিঅ' টেলিস্কোপ আৰু উত্তৰ কেলিফৰ্ণিয়াৰ ছেটি ইনষ্টিটিউটৰ এলেন টেলিস্কোপ এৰেৰ পৰা কক্ষপথৰ এটা বিশেষ শাখালৈ প্ৰেৰণ কৰা হ'ব। ফলাফল যিয়েই নহওক, বিশ্বৰ সৰহসংখ্যক মহাকাশচাৰীয়ে এটা বিষয়ত একমত যে, বহিৰ্বিশ্বৰ লোকসকলক আমন্ত্ৰণ জনোৱাৰ এই পদক্ষেপ নিঃসন্দেহে মহাকাশ বিজ্ঞানৰ চৰ্চাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে