--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোন এতিয়া বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। ফোনৰ  বিস্ফোৰণ ঘটাৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ । এনে অঘটনৰ ফলত বহু সময়ত বহু লোক ঘূণীয়া হৈ আহিছে বা বহুতৰ ক্ষেত্ৰত ভাবিব নোৱাৰা ধৰণৰ অঘটনো ঘটিছে। আজি প্ৰায় সংখ্যক লোকৰে হাতে হাতে স্মাৰ্টফোন। এক কথাত ক'বলৈ গ'লে স্মাৰ্টফোনটো  এতিয়া বহুতৰে  জীৱনৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে। এতিয়া এনে কিছুমান কামো আছে যি বোৰ কাম স্মাৰ্টফোন অবিহনে কৰিব নোৱাৰি। আমাৰ বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰা স্মাৰ্টফোনটোৱেই কেতিয়াবা আমাৰ জীৱনলৈ ভাবুকি নমাই আনিব পাৰে।

স্মাৰ্টফোনৰ  ব্যৱহাৰ  এতিয়া যিমানে বাঢ়িছে,সিমানেই  এনে ফোনৰ বিস্ফোৰণৰ ঘটনাও বৃদ্ধি পাইছে।  স্মাৰ্টফোনটোক নিৰাপদে ৰাখিবলৈ আৰু  বিস্ফোৰণ ঘটাৰ পৰা  পৰা ৰক্ষা কৰিবলৈ এই ভুল দুটা আমি কেতিয়াও কৰা উচিৎ নহয়—

(ক)অন্য চাৰ্জাৰেৰে  ফোনটো চাৰ্জ দিয়া–

আমি বহুতেই মোবাইল ফোনটো চাৰ্জ দিবলৈ ফোনটোত খাপ খোৱা যিকোনো চাৰ্জাৰ ব্যৱহাৰ কৰো। দৰাচলতে কোম্পানীয়ে একো একোটা মোবাইল ফোনৰ বাবে নিৰ্দিষ্ট চাৰ্জাৰ দিয়ে। সেই নিৰ্দিষ্ট চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে বিপদ ঘটাৰ ভয় বহু খিনি কমি যায়। কিন্তু চাৰ্জ দিবলৈ আজি এটা চাৰ্জাৰ, কাইলৈ এটা চাৰ্জাৰ ব্যৱহাৰ কৰিলে ফোনটো বিস্ফোৰণ ঘটাৰ আশংকা বৃদ্ধি পায়। দৰাচলতে একোটা স্মাৰ্টফোন চাৰ্জাৰৰ ইনপুট আৰু আউটপুট নিৰ্দিষ্ট কৰি থোৱা থাকে। আনকি একে কোম্পানিৰ হ’লেও, দুটা বেলেগ বেলেগ ম’বাইল ফোনৰ চাৰ্জাৰৰ ক্ষমতা বেলেগ বেলেগ হয়।

 আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰটো ফোনটোৰ প্ৰয়োজনীয়তা অনুসৰি কোম্পানিয়ে তৈয়াৰ কৰে। কিন্তু বেছিভাগ লোকেই হাতত যি চাৰ্জাৰ পায় তাৰেই চাৰ্জ কৰা দেখা যায়।

বিস্ফোৰণৰ হাত সাৰিব থাকিবলৈ বেলেগ চাৰ্জাৰেৰে কেতিয়াও আপোনাৰ ফোনটো চাৰ্জ নকৰিব। এডাল চাৰ্জাৰ যদি বেয়া হৈছে তেন্তে সেই নিৰ্দিষ্ট ফোনটোৰ কাৰণে তৈয়াৰী আন এডাল চাৰ্জাৰহে সংগ্ৰহ কৰি ল'ব।

(খ) চাৰ্জ দি থকা অৱস্থাতে ফোনটো  ব্যৱহাৰ কৰা–

বহুতেই মোবাইল ফোনটো চাৰ্জ দি থকা অৱস্থাতো ফোন কৰাকে ধৰি আন কামো কৰি থাকে। এনে কৰিলে বিপদৰ আশংকা বহু গুণে বাঢ়ি যায়।  ফোনটো চাৰ্জ দি থকা অৱস্থাত কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব নালাগে।

চাৰ্জ কৰি থাকোতে প্ৰায়ভাগ ফোন গৰম হোৱা দেখা যায়। তাতে আকৌ তাত আন এপ্লিকে’চন চলাই থাকিলে স্বাভাৱিকতেই তাৰ ওপৰত প্ৰ’চেছিঙৰ বোজা বাঢ়ি যায়। ফলত ফোনটোৰ উষ্ণতা বৃদ্ধি হৈ বিস্ফোৰণ ঘটিব  পাৰে।

সাধাৰণ যেন লগা এই দুই দুটা ভুলৰ বাবেই মোবাইল ফোনৰ প্ৰায় ভাগ বিস্ফোৰণ ঘটি আহিছে। গতিকে এনে ভুলবোৰ নকৰাকৈ থাকিলেই ফোনটোৰ লগতে আমাৰো স্বাস্থ্য ভালে থাকিব, কুশলে থাকিব পাৰিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ