--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযান আৰু সূৰ্য অভিযান সফল হোৱাৰ পিছত এইবাৰ ভাৰতে চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ দিশে অগ্ৰসৰ হৈছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে   গগনযান অভিযান সন্দৰ্ভত  এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গগনযান অভিযানৰ প্ৰস্তুতিৰ বিষয়ে  মূল্যায়ন কৰা হয়  আৰু ২০২৫ চনৰ ভিতৰত ইয়াক আৰম্ভ কৰাটো নিশ্চিত কৰা হয় । 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গগনযান অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি কয় যে ভাৰতে ২০৪০ চনৰ ভিতৰত প্ৰথমগৰাকী ভাৰতীয়  মহাকাশচাৰীক  চন্দ্ৰলৈ পঠোৱাৰ লক্ষ্য স্থিৰ কৰিছে  আৰু ২০৩৫ চনৰ ভিতৰত ভাৰতে  এটা মহাকাশ কেন্দ্ৰও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে বিজ্ঞানীসকলক নতুন লক্ষ্যৰ অধীনত ভেনাছ অৰ্বিটাৰ মিছন আৰু মাৰ্চ লেণ্ডাৰৰ  কাম কৰিবলৈও কয়। 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে গগনযান অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  উচ্চ পৰ্যায়ৰ বৈঠকত মহাকাশ সম্পৰ্কীয় শেহতীয়া গৱেষণাৰ বিষয়ে  বিস্তৃত অৱলোকন কৰা হয়।

উল্সলেখ্য ভাৰতে অনাগত দিনত প্ৰায় ২০ টা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে,  যাৰ ভিতৰত আছে হিউমেন ৰেটেড লঞ্চ ভেহিকেল (এইচ.এল.ভি.এম.৩)ৰ তিনিটা  অভিযান। বৈঠকখনে অভিযানটোৰ প্ৰস্তুতিৰ বিষয়ে মূল্যায়ন কৰে আৰু ২০২৫ চনৰ ভিতৰত ইয়াৰ আৰম্ভণি নিশ্চিত কৰে। 

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে  ভাৰতে এতিয়া নতুন আৰু উচ্চাকাংক্ষী লক্ষ্য স্থিৰ কৰি আগুৱাব লাগিব বুলি মন্তব্য কৰে।  তেওঁ ভাৰতৰ মহাকাশ অন্বেষণ প্ৰচেষ্টাৰ অংশ হিচাবে   ভাৰতীয় বিজ্ঞানীসকলক আন্তঃগ্ৰহ অভিযানৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ