--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰ অভিযান আৰু সূৰ্য অভিযান সফল হোৱাৰ পিছত এইবাৰ ভাৰতে চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ দিশে অগ্ৰসৰ হৈছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে   গগনযান অভিযান সন্দৰ্ভত  এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গগনযান অভিযানৰ প্ৰস্তুতিৰ বিষয়ে  মূল্যায়ন কৰা হয়  আৰু ২০২৫ চনৰ ভিতৰত ইয়াক আৰম্ভ কৰাটো নিশ্চিত কৰা হয় । 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গগনযান অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি কয় যে ভাৰতে ২০৪০ চনৰ ভিতৰত প্ৰথমগৰাকী ভাৰতীয়  মহাকাশচাৰীক  চন্দ্ৰলৈ পঠোৱাৰ লক্ষ্য স্থিৰ কৰিছে  আৰু ২০৩৫ চনৰ ভিতৰত ভাৰতে  এটা মহাকাশ কেন্দ্ৰও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে বিজ্ঞানীসকলক নতুন লক্ষ্যৰ অধীনত ভেনাছ অৰ্বিটাৰ মিছন আৰু মাৰ্চ লেণ্ডাৰৰ  কাম কৰিবলৈও কয়। 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে গগনযান অভিযান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  উচ্চ পৰ্যায়ৰ বৈঠকত মহাকাশ সম্পৰ্কীয় শেহতীয়া গৱেষণাৰ বিষয়ে  বিস্তৃত অৱলোকন কৰা হয়।

উল্সলেখ্য ভাৰতে অনাগত দিনত প্ৰায় ২০ টা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰিকল্পনা কৰা হৈছে,  যাৰ ভিতৰত আছে হিউমেন ৰেটেড লঞ্চ ভেহিকেল (এইচ.এল.ভি.এম.৩)ৰ তিনিটা  অভিযান। বৈঠকখনে অভিযানটোৰ প্ৰস্তুতিৰ বিষয়ে মূল্যায়ন কৰে আৰু ২০২৫ চনৰ ভিতৰত ইয়াৰ আৰম্ভণি নিশ্চিত কৰে। 

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে  ভাৰতে এতিয়া নতুন আৰু উচ্চাকাংক্ষী লক্ষ্য স্থিৰ কৰি আগুৱাব লাগিব বুলি মন্তব্য কৰে।  তেওঁ ভাৰতৰ মহাকাশ অন্বেষণ প্ৰচেষ্টাৰ অংশ হিচাবে   ভাৰতীয় বিজ্ঞানীসকলক আন্তঃগ্ৰহ অভিযানৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ