--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  ছোনিয়া গান্ধীৰ সৈতে ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত কৰা তথা কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ বাবে প্রশান্ত কিশোৰে বিতং পৰিকল্পনা প্ৰকাশ কৰাৰ পাছতো অৱশেষত নেতাগৰাকীয়ে কংগ্ৰেছৰ সৈতে আনুষ্ঠানিক সম্পৰ্ক স্থাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে যে, প্ৰশান্ত কিশোৰে বিচৰা ‘ফ্ৰী হেণ্ড’ দিবলৈ সন্মত হোৱা নাছিল শীৰ্ষ নেতৃত্ব।

তেওঁক দলৰ শীৰ্ষ স্থানলৈ আদৰণি জনোৱা হৈছিল যদিও ‘সৰ্বময় কৰ্তা’ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত আপত্তি আছিল কংগ্ৰেছৰ। যিটো অপ্ৰত্যাশিত নহয়। তদুপৰি দলৰ একাংশ জ্যেষ্ঠ নেতাৰো প্ৰশান্ত কিশোৰক দললৈ আদৰাক লৈ আপত্তি আছিল বুলি প্ৰকাশ পাইছে। বিভিন্ন দলৰ সৈতে তেওঁৰ সম্পৰ্কক লৈও আপত্তি দৰ্শোৱা হৈছিল। তদুপৰি কংগ্ৰেছৰ সৰ্বময় কৰ্তা হিচাপে বিবেচিত ৰাহুল গান্ধীৰ এই আলোচনা প্ৰক্ৰিয়াক লৈ নিৰ্লিপ্ত ভূমিৰাও প্ৰশান্ত কিশোৰ, কংগ্ৰেছৰ আনুষ্ঠানিক সম্পৰ্কৰ বাটত হেঙাৰ হৈ পৰা বুলি চিহ্নিত হৈছে।

ইফালে, কংগ্ৰেছত যোগদানৰ পাছতে সংবাদ মাধ্যমত প্ৰশান্ত কিশোৰে বিভিন্ন তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্যৰে কৈছে যে, কংগ্ৰেছক তেওঁৰ প্ৰয়োজন নাই। কংগ্ৰেছে নিজেই নিজদৰ সিদ্ধন্ত গ্ৰহণৰ বাবে সক্ষম বুলিও মন্তব্য কৰিছে প্ৰশান্ত কিশোৰে। তেওঁ লগতে কয় যে, তেওঁ ইমান ডাঙৰ লোক নহয় যে, তেওঁক ৰাহুল গান্ধীয়ে গুৰুত্ব আৰোপ কৰিব। ইফালে তেওঁ কংগ্ৰছৰ ওচৰত দাখিল কৰা লীডাৰশ্বিপ ফৰ্মুলাত ৰাহুল বা প্ৰিয়ংকা কোনো জনৰেই নাম নাছিল বুলিও স্পষ্টকৈ কৈছে। প্ৰশান্ত কিশোৰৰ এই কৌশলপূৰ্ণ মন্তব্যৰ পাছত এইকথা স্পষ্ট হৈ পৰিছে যে, তেওঁ মুখ খুলি নক’লেও কংগ্ৰেছৰ সৈতে তেওঁ জোঁট বন্ধন সম্ভৱ নোহোৱাৰ কাৰণবোৰ এতিয়া স্পষ্ট হৈ পৰিছে।

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান বিবিচিত তেওঁ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে, তেওঁ কংগ্ৰেছৰ ওচৰত মোদীক পৰাজিত কৰাৰ ৰণকৌশল প্ৰকাশ কৰা নাছিল বৰং কিদৰে দেশক জয় কৰিব পাৰি সেয়াহে তেওঁৰ কৌশলৰ বিষয় আছিল। কংগ্ৰেছ নেতৃত্বৰ সন্মুখত তেওঁ ৬০০খন শ্লাইডৰ জৰিয়তে বিতং পৰিকল্পনা দাঙি ধৰিছিল। তেওঁ এটা সাক্ষাৎকাৰত কয়, মোৰ ৰণকৌশল আছিল কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ। কিদৰে দলটোৱে তেওঁলোকৰ গৰিমাময় দিনবোৰ ঘূৰাই আনিব পাৰিব তাক লৈ মই ৰণকৌশল দাঙি ধৰিছিলোঁ। এয়া কেৱল এটা বা দুটা নিৰ্বাচনত জয়ী হোৱাৰ কৌশল নাছিল। এয়া আছিল দেশৰ এটা শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে কংগ্ৰেছক সুসংগঠিত কৰি তোলাত সহায় কৰাৰ পৰিকল্পনা।

তেওঁ লগতে কয়, মোৰ পৰিকল্পনাৰ বিষয় মোদীক কিদৰে পৰাজিত কৰিব লাগে সেয়া নাছিল, মোৰ পৰিকল্পনাৰ মূল বিষয় আছিল দেশক কিদৰে জয় কৰিব লাগে? এই দুটা কথাৰ মাজত এটা সূক্ষ্ম কিন্তু গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে।

উল্লেখ্য যে, প্ৰশান্ত কিশোৰে উত্থাপন কৰা প্ৰস্তাৱবোৰত কংগ্ৰেছ নেতৃত্বই পৰ্যাপ্ত পৰিমাণৰ গুৰুত্ব আৰোপ নকৰা বুলি তেওঁ ধাৰণা কৰা বুলিও সদৰি কৰিছে তেওঁৰে ঘনিষ্ঠই। প্ৰশান্ত কিশোৰে প্ৰতিটো পদক্ষেপতে নানাধৰণৰ বিভ্ৰান্তিৰ মাজেৰে আগুৱাবলগীয়া হৈছিল বুলি প্ৰকাশ কৰা হৈছে। ৰাজনৈতিক কৌশল নিৰ্ধাৰকগৰাকীৰ প্ৰস্তাৱক সন্মতি দিয়াৰ পাছতো তেওঁ আশ্বস্ত হ’ব পৰা নাছিল বুলি জানিব পৰা গৈছে। যাৰ বাবে দেশৰ ৰাজনীতিত ভালেমান চমৎকাৰ সংঘটিত কৰা প্ৰশান্ত কিশোৰৰ কংগ্ৰেছৰ সৈতে প্ৰস্তাৱিত সম্পৰ্কই বাস্তৱিক ৰূপ নাপালে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ