--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আদালতে জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰাৰ সময়ত আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। তাৰ পাছতে বিষয়টোক লৈ দেশজুৰি চৰ্চা হোৱা পৰিলক্ষিত হৈছে। এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দি তেওঁৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰাৰ ঘটনাক ন্যায় বহিৰ্ভূত বুলি আৰক্ষীক সমালোচনা কৰে আদালতে। আদালতৰ এই ভূমিকাৰ পাছতে দেশজুৰি সমালোচনাৰ পাত্ৰ হৈ উঠিছে অসম আৰক্ষী।    

ইফালে, অসমতো এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দানক স্বাগতম জনাইছে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে। তেওঁ কয় যে, ন্যায়পালিকাৰ ওপৰতো জনগণৰ আস্থা কমি অহাৰ সময়তে এনে ৰায়দানে এতিয়া আদালতৰ ওপৰত আস্থা বৃদ্ধি কৰিব। তেওঁ আদালতৰ ৰায়ক আদৰণি জনাই কয় যে, আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীৰ জিম্মাত চিচি টিভি সংযোগৰ যি সিদ্ধান্ত, সেয়া উচিত সিদ্ধান্ত। নহ’লে আমি প্ৰতিবাদ কৰিলে আমাকো গ্ৰেপ্তাৰ কৰি গাড়ীত ভৰাই এনকাউন্টাৰ কৰিব পাৰে।

বিচাৰ নোহোৱা কৈ কাকো এনকাউণ্টাৰ কৰিব নালাগে বুলিও তেওঁ মত পোষণ কৰে। কালিৰ ৰায়ে সকলোৰে চকু মেল খুৱাব বুলি প্ৰকাশ কৰি তেওঁ কয় যে, বিৰোধী নেতাক হেয় প্ৰতিপন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মহিলা আৰক্ষীক ব্যৱহাৰ কৰাটো অতি লজ্জ্বাজনক। অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক নিজৰ ভাৱমূৰ্তি ধৰি ৰাখিবলৈ আহ্বান জনায় আব্দুল খালেকে। 
তেওঁ কয় যে, চৰকাৰে যি কয় তাকে কৰিব নালাগে। কাৰণ অসম পুলিচ অসমৰ জনগণৰ সম্পত্তি, কোনো ৰাজনৈতিক দলৰ সম্পত্তি নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান
পথাৰত ছিঁৰাল ফাট! পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি চিন্তিত কৃষক
৭৫ বছৰ! কাক লক্ষ্য কৰি মন্তব্য মোহন ভাগৱতৰ