--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুক আকোঁৱালি লৈয়ো বহুতৰ জীৱন ৰক্ষা কৰি যোৱা এজন চালক৷যাৰ মৃত্যুৰ পূৰ্বে কৰি যোৱা কামক এতিয়া সমগ্ৰ দেশে সোঁৱৰণ কৰিছে৷ঘটনা উৰিষ্যাৰ চহৰ ভুৱনেশ্বৰৰ৷ ভুৱনেশ্বৰলৈ যোৱা এখন নৈশ বাছত আছিল ৪৮ জন যাত্ৰী৷ তেনেতে চালকজনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰা উপক্ৰম হয়৷সেইসময়তে  চালকজনে নিজৰ মনোবল প্ৰয়োগ কৰি বাহনখন এখন দেৱালত খুন্দা মাৰি শেষ উশাহ লোৱাৰ আগতে গাড়ীখন বন্ধ কৰি দিয়ে৷যাৰ ফলশ্ৰুতিত ৪৮ লোকৰ মৃত্যু হয়৷

কান্ধমাল জিলাৰ পাবুৰীয়া গাঁৱৰ সমীপত শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হয়৷ সনা প্ৰধান নামৰ বাছখনৰ চালকজনৰ গাড়ী চলোৱাৰ সময়তে বুকুৰ বিষ হ’বলৈ আৰম্ভ কৰে, আৰু ষ্টিয়াৰিঙৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই৷তথাপিও নিজৰ দৃঢ় মনোবলৰ দ্বাৰা সকলো যাত্ৰীক বচাবলৈ সক্ষম হয়৷

'মা লক্ষ্মী' নামৰ ব্যক্তিগত বাছখন সাধাৰণতে প্ৰতি নিশা কান্ধমালৰ সৰনগৰৰ পৰা জি উদয়াগিৰি হৈ ৰাজ্যৰ ৰাজধানী ভুৱনেশ্বৰলৈ যায় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ঘটনাৰ পাছতে চালকজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে তাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰধানৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ