--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা আমিৰ খান এতিয়া  মুম্বাইৰ বাসিন্দাছ কিন্তু তেওঁ বাসস্থান  চেন্নাইলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে বুলি কথা ওলাইছে। অভিনেতাজন পৰৱৰ্তী দুমাহৰ বাবে চেন্নাইত থাকিব আৰু ইয়াৰ আঁৰৰ কাৰণ তেওঁৰ পেছাতকৈ  ব্যক্তিগত বুলিহে জানিব পৰা গৈছে।  'দঙ্গল'ৰ অভিনেতাজনে পৰৱৰ্তী দুমাহ চেন্নাইত কটোৱাৰ  সিদ্ধান্ত লৈছে তেওঁৰ মাতৃ জিনাত হুছেইনৰ অসুস্থতাৰ বাবে।  আমিৰ খানে  তেওঁৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে।

 দায়িত্ববোধৰ বাবেই তেওঁ অহা দুমাহৰ বাবে চেন্নাইলৈ অস্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লৈছে।  অভিনেতাজনৰ মাতৃ কিছুদিনৰে পৰা  অসুস্থ হৈ আছে আৰু বৰ্তমান চেন্নাইৰ এখন  ব্যক্তিগত চিকিৎসালয়ৰ  তত্বাৱধানত আছে। অভিনেতাজনৰ ঘনিষ্ঠ  সূত্ৰই প্ৰকাশ কৰা মতে অভিনেত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ সময়ত তেওঁৰ মাকৰ কাষত থাকিব বিচাৰে। সূত্ৰটোৱে এইটোও প্ৰকাশ কৰিছিল যে আমিৰে তেওঁৰ মাকৰ চিকিৎসা চলি থকা কেন্দ্ৰৰ ওচৰৰে এখন হোটেলত থকাৰ পৰিকল্পনা কৰিছে, যাতে যেতিয়াই প্ৰয়োজন হয় তেওঁৰ  ওচৰলৈ যাব পাৰে। 

 শেহতীয়াকৈ  এক ৰাজহুৱা অনুষ্ঠানত আমিৰে কৈছিল  যে ছবি  প্ৰযোজনা আৰু অভিনয়ৰ উপৰি তেওঁ এতিয়া তেওঁৰ পৰিয়ালক অধিক সময় দিব  বিচাৰে । '

লাল সিং চাড্ডা'ৰ বিফলতাৰ পিছত আমিৰ খানে এতিয়া তেওঁৰ পৰৱৰ্তী প্ৰকল্প ঘোষণা কৰিছে। এক সাক্ষাৎকাৰত আমিৰে কয়, "মই এই বিষয়ে ৰাজহুৱাভাৱে একো কোৱা নাই আৰু মই এতিয়াও বেছি ক'ব নোৱাৰিম। কিন্তু মই শিৰোনামটো ক'ব পাৰো। ছবিখনৰ শিৰোনামটো  হৈছে 'সীতাৰে জমিন পৰ'। আমিৰৰ তাৰে জমিন পৰ এখন আৱেগিক ছবি  আছিল। জানিব পৰা মতে আমিৰে তেওঁৰ আহিবলগীয়া ছবিখনো প্ৰযোজনা কৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ