--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা আমিৰ খান এতিয়া  মুম্বাইৰ বাসিন্দাছ কিন্তু তেওঁ বাসস্থান  চেন্নাইলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে বুলি কথা ওলাইছে। অভিনেতাজন পৰৱৰ্তী দুমাহৰ বাবে চেন্নাইত থাকিব আৰু ইয়াৰ আঁৰৰ কাৰণ তেওঁৰ পেছাতকৈ  ব্যক্তিগত বুলিহে জানিব পৰা গৈছে।  'দঙ্গল'ৰ অভিনেতাজনে পৰৱৰ্তী দুমাহ চেন্নাইত কটোৱাৰ  সিদ্ধান্ত লৈছে তেওঁৰ মাতৃ জিনাত হুছেইনৰ অসুস্থতাৰ বাবে।  আমিৰ খানে  তেওঁৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে।

 দায়িত্ববোধৰ বাবেই তেওঁ অহা দুমাহৰ বাবে চেন্নাইলৈ অস্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লৈছে।  অভিনেতাজনৰ মাতৃ কিছুদিনৰে পৰা  অসুস্থ হৈ আছে আৰু বৰ্তমান চেন্নাইৰ এখন  ব্যক্তিগত চিকিৎসালয়ৰ  তত্বাৱধানত আছে। অভিনেতাজনৰ ঘনিষ্ঠ  সূত্ৰই প্ৰকাশ কৰা মতে অভিনেত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ সময়ত তেওঁৰ মাকৰ কাষত থাকিব বিচাৰে। সূত্ৰটোৱে এইটোও প্ৰকাশ কৰিছিল যে আমিৰে তেওঁৰ মাকৰ চিকিৎসা চলি থকা কেন্দ্ৰৰ ওচৰৰে এখন হোটেলত থকাৰ পৰিকল্পনা কৰিছে, যাতে যেতিয়াই প্ৰয়োজন হয় তেওঁৰ  ওচৰলৈ যাব পাৰে। 

 শেহতীয়াকৈ  এক ৰাজহুৱা অনুষ্ঠানত আমিৰে কৈছিল  যে ছবি  প্ৰযোজনা আৰু অভিনয়ৰ উপৰি তেওঁ এতিয়া তেওঁৰ পৰিয়ালক অধিক সময় দিব  বিচাৰে । '

লাল সিং চাড্ডা'ৰ বিফলতাৰ পিছত আমিৰ খানে এতিয়া তেওঁৰ পৰৱৰ্তী প্ৰকল্প ঘোষণা কৰিছে। এক সাক্ষাৎকাৰত আমিৰে কয়, "মই এই বিষয়ে ৰাজহুৱাভাৱে একো কোৱা নাই আৰু মই এতিয়াও বেছি ক'ব নোৱাৰিম। কিন্তু মই শিৰোনামটো ক'ব পাৰো। ছবিখনৰ শিৰোনামটো  হৈছে 'সীতাৰে জমিন পৰ'। আমিৰৰ তাৰে জমিন পৰ এখন আৱেগিক ছবি  আছিল। জানিব পৰা মতে আমিৰে তেওঁৰ আহিবলগীয়া ছবিখনো প্ৰযোজনা কৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত