--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত মহাযুতি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত চোৰে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰায় ১২ লাখ টকাৰ সা-সামগ্ৰী চুৰি কৰে চোৰে। চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে সোণৰ চেইন, মোবাইল ফোন আৰু নগদ ধন। অজ্ঞাত চোৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

এই অনুষ্ঠানটোৱে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব বুলি বিবেচনা কৰা হৈছিল। এই উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিছে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ বিপৰীতে শিৱসেনাৰ একনাথ শিণ্ডে আৰু এন চি পিৰ নেতা অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি উদ্যোগ, চিনেমা আৰু ৰাজনীতিৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইমান ডাঙৰ অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। মুম্বাই আৰক্ষীয়ে মোতায়েন কৰিছিল ৪ হাজাৰৰো অধিক আৰক্ষীক। ইয়াৰ উপৰিও চিচিটিভি কেমেৰা আৰু অন্যান্য কাৰিকৰী ব্যৱস্থাৰ জৰিয়তেও নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল।

ইয়াৰ পিছতো দুই নম্বৰ গেটৰ পৰা ওলাই অহা ৰাইজৰ সুযোগ লৈ চোৰে চুৰি কাণ্ড সংঘটিত কৰে। আজাদ ময়দান আৰক্ষীয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰি অপৰাধ শাখাৰ বিশেষ দলে তদন্ত কৰি আছে। বিষয়াগৰাকীয়ে কয় যে চিচিটিভিৰ ফুটেজসমূহ ভালদৰে পৰীক্ষা কৰা হৈছে, আৰু অনুষ্ঠানত উপস্থিত থকা সাক্ষীসকলকো সোধা-পোছা কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ