--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত মহাযুতি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত চোৰে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰায় ১২ লাখ টকাৰ সা-সামগ্ৰী চুৰি কৰে চোৰে। চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে সোণৰ চেইন, মোবাইল ফোন আৰু নগদ ধন। অজ্ঞাত চোৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

এই অনুষ্ঠানটোৱে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব বুলি বিবেচনা কৰা হৈছিল। এই উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিছে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ বিপৰীতে শিৱসেনাৰ একনাথ শিণ্ডে আৰু এন চি পিৰ নেতা অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি উদ্যোগ, চিনেমা আৰু ৰাজনীতিৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইমান ডাঙৰ অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। মুম্বাই আৰক্ষীয়ে মোতায়েন কৰিছিল ৪ হাজাৰৰো অধিক আৰক্ষীক। ইয়াৰ উপৰিও চিচিটিভি কেমেৰা আৰু অন্যান্য কাৰিকৰী ব্যৱস্থাৰ জৰিয়তেও নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল।

ইয়াৰ পিছতো দুই নম্বৰ গেটৰ পৰা ওলাই অহা ৰাইজৰ সুযোগ লৈ চোৰে চুৰি কাণ্ড সংঘটিত কৰে। আজাদ ময়দান আৰক্ষীয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰি অপৰাধ শাখাৰ বিশেষ দলে তদন্ত কৰি আছে। বিষয়াগৰাকীয়ে কয় যে চিচিটিভিৰ ফুটেজসমূহ ভালদৰে পৰীক্ষা কৰা হৈছে, আৰু অনুষ্ঠানত উপস্থিত থকা সাক্ষীসকলকো সোধা-পোছা কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post