--°C
Loading...
Listen to Article
2 min read
80%

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা পোষ্ট

১) মায়ে ৯ মাহলৈ ধাৰণ কৰে,  দেউতাই ২৫ বছৰলৈ কঢ়িয়াই ফুৰে, সেয়ে দুয়োজনেই সমান, তথাপি বুজিব নোৱাৰোঁ দেউতা কিয় পিছ পৰি ৰয়!

২) পৰিয়ালটোৰ বাবে মায়ে বেতন নলৈও কাম কৰি যায়। দেউতাই বেতনৰ সকলো টকা পৰিয়ালৰ বাবেই খৰছ কৰে, দুয়োজনৰে প্ৰয়াস সমান সমান, কিন্তু বুজি নাপাওঁ দেউতা সদায় কিয় পিছ পৰি ৰয়!

৩) খাবলৈ যিয়েই বিচাৰা মায়ে তাকেই ৰান্ধে, যিয়েই বিচাৰা দেউতাই কিনি আনি দিয়ে, দুয়োৰে মৰম সমান সমান, কিন্তু মাৰ মৰম সবাতকৈ ওপৰত বুলি দেখুওৱা হয়। দেউতা কিয় পিছ পৰি ৰয়!

৪) যেতিয়া তুমি ফোন কৰা, তুমি প্ৰথমেই মাকহে বিচাৰা। দুখ পোৱাও যদি "মা' বুলিহে চিঞৰা। তোমাৰ যেতিয়া কিহবাৰ প্ৰয়োজন, তেতিয়াহে দেউতাক বিচাৰা, তথাপি দেউতাই এইকথা মনলৈ নানে যে আন সময়ত তুমি তেওঁক মনত নেপেলোঁৱা। যেতিয়া ল’ৰা-ছোৱালীৰ মৰম বিচাৰে, যুগে যুগে, কিয় জানো দেউতাবোৰ সদায় পিছ পৰি ৰয়!

৫) আলমাৰীবোৰ বিভিন্নৰঙী শাৰীৰে ভৰ্তি হয়, লগতে ল'ৰা-ছোৱালীৰ বিভিন্নৰঙী পোছাক। কিন্তু দেউতাৰ কাপোৰ তেনেই কম থাকে, কাৰণ নিজৰ প্ৰয়োজনৰ বাবে তেওঁৰ আগ্ৰহ নাই। তথাপি নাজানো সদায় তেওঁ কিয় পিছত ৰয়!

৬) মাৰ সোণৰ অলংকাৰ বহুত, দেউতাৰ মাথোঁ এটাহে সোণৰ আঙুঠি, সেয়াও তেওঁৰ বিয়াৰ সময়তে পাইছিল। তথাপি মায়ে ভোৰভোৰায়, কম অলংকাৰ আছে বুলি আৰু দেউতাৰ একো আপত্তি নাই। তথাপি বুজি নাপাওঁ দেউতা কিয় সদায় পিছ পৰি ৰয়।

৭) জীৱনটোৰ সৰহভাগ জুৰি দেউতাই কষ্ট কৰে পৰিয়াল পোহপালৰ বাবে, কিন্তু যেতিয়া স্বীকৃতিৰ কথা আহে, নাজানো কিয় তেওঁ পিছ পৰি ৰয়!

৮) মায়ে কয়, কলেজৰ ফীজ আমি এইবাৰ দিবৰ হ', এইবাৰ মোক পূজাত কাপোৰ দিব নালাগে কিন্তু দেউতাৰ কিঞ্চিত মনলৈও নাহে তেতিয়া, কোনো নতুন কাপোৰৰ কথা! তেওঁলোকৰ মৰম সমান কিন্তু নুবুজোঁ সদায়, দেউতা কিয় পিছ পৰে।

৯) যেতিয়া পিতৃ-মাতৃ বুঢ়া হৈ আহে, সন্তানে কয়, ঘৰৰ কাম-বন মায়ে আৰু নোৱাৰা হৈ আহিছে, কিন্তু দেউতাঅদৰকাৰী।

দেউতা ‘পিছত’ থাকে (ক’ব পাৰি পিছফালে থাকে)কাৰণ তেওঁ হ'ল পৰিয়ালটোৰ ৰাজহাড়। তেওঁৰ বাবেই আমি পোন হৈ থাকিব পাৰোঁ। সম্ভৱ, সেয়ে হয়তো তেওঁ ‘পিছত থাকিবলগা হয়’!

 ( মূল ইংৰাজী চৈয়দ মাহমুদ হাছানৰ সৌজন্যত)

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ