--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'মোদী ডাঙৰীয়াই আমাৰ প্ৰস্তাৱক সৌজন্যপূর্বক সন্মতি প্ৰকাশৰ বাবে আমি কৃতজ্ঞ। তেখেতক আদৰণি জনাবলৈ আমি অত্যন্ত হেঁপাহেৰে অপেক্ষাত ৰৈছোঁ।'

ডিজিটেল ডেস্ক : নামৰূপত স্থাপন কৰিব লগীয়া নতুন সাৰ কাৰখানাটোৰ শিলান্যাসৰ লগতে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিবলৈ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উক্ত দুয়োটা প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক অসমলৈ নিমন্ত্রণ জনায়। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'আমি তেখেতক দুটাকৈ যুগান্তকাৰী প্ৰকল্প অসমবাসীলৈ উৎসৰ্গাৰ বিশেষ অনুষ্ঠানৰ বাবে আমন্ত্রণ জনাবলৈ পাই আহলাদিত হৈছোঁ।


প্রথমটো প্রকল্প হৈছে গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সম্পূৰ্ণ নতুন টার্মিনেলটো। এই বিশ্বমানৰ প্রকল্পটোৱে গুৱাহাটীক প্ৰতি বছৰে ১.৩ কোটি যাত্রী সামর্থ্যৰে সমৃদ্ধ কৰি দেশৰ ভিতৰতে এক প্রধান বিমান চলাচল কেন্দ্র হিচাপে আত্মপ্রকাশ কৰি তোলাত বিশেষ ভূমিকা গ্রহণ কৰিব। দ্বিতীয়টো হৈছে ১০,৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নামৰূপস্থিত ব্রাউনফিল্ড এমনিয়া-ইউৰিয়া পৰিসৰৰ শিলান্যাস। এই প্রকল্পটোৱে সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব।'


আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে উক্ত দুয়োটা প্ৰকল্পৰ বাবে অসমলৈ অহাৰ ক্ষেত্ৰত সন্মতি প্রকাশ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'মোদী ডাঙৰীয়াই আমাৰ প্ৰস্তাৱক সৌজন্যপূর্বক সন্মতি প্ৰকাশৰ বাবে আমি কৃতজ্ঞ। তেখেতক আদৰণি জনাবলৈ আমি অত্যন্ত হেঁপাহেৰে অপেক্ষাত ৰৈছোঁ।' উল্লেখযোগ্য যে যোৱাবাৰ ছেপ্টেম্বৰ মাহত অসমলৈ আহি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শতবার্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্রা আনুষ্ঠানিকভাবে মুকলি কৰাৰ লগতে ড° হাজৰিকাৰ বহুভাষিক জীৱনী গ্রন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিল। আনহাতে তেৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীগৰাকী মঙলদৈলৈ গৈ প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি প্ৰায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰো আধাৰশিলা স্থাপন কৰিছিল।


ইয়াৰ পাছত তেওঁ নুমলীগড়লৈ গৈ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন আৰু শোধনাগাৰটোৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিছিল। ছেপ্টেম্বৰত অসমলৈ আহি বহুকেইটা প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা প্ৰধানমন্ত্ৰীগৰাকী এতিয়া পুনৰ দুটাকৈ বৃহৎ প্রকল্পৰ বাবে অসমলৈ অহাটো লক্ষণীয় হৈ পৰিছে। আনহাতে বিধানসভাৰ নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকাৰ সময়ত প্ৰধানমন্ত্ৰীৰ এই আগমনে নির্বাচনী ৰণখনতো বিশেষ প্রভাৱ পেলোৱাটো নিশ্চিত।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা