--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে অসম বা ভাৰতৰ বিভিন্ন ঘৰত আৰু নামঘৰ-মন্দিৰত ভজন-কীৰ্ত্তন আৰু আৰতিৰ সময়ত মানুহে হাত চাপৰি বজায়। এই পৰম্পৰা অতি পুৰণি। শ্ৰীমদ্ভাগৱত কথা অনুসৰি ভজন-কীৰ্তন আৰু আৰতিৰ সময়ত হাত চাপৰি বজোৱাৰ পৰম্পৰা আৰম্ভ কৰিছিল প্ৰহ্লাদে। কাৰণ প্ৰহ্লাদে পিতৃ হিৰণ্যকাশ্যপে খঙত সকলো বাদ্যযন্ত্ৰ ভাঙি পেলায়। ইয়াৰ পাছত প্ৰহ্লাদে ভগৱানৰ গীতত তাল দিবলৈ হাত চাপৰি বজাবলৈ ধৰিলে। কিন্তু ভজন আৰু কীৰ্তনৰ সময়ত হাত চাপৰি বজোৱাৰ ধৰ্মীয় তাৎপৰ্য কি জানেনে! ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক….

এটা কিংবদন্তি অনুসৰি ভজন আৰু কীৰ্তনৰ সময়ত হাত চাপৰি বজোৱাৰ প্ৰথা আৰম্ভ কৰিছিল ভগৱান বিষ্ণুৰ ভক্ত প্ৰহ্লাদে। প্ৰহ্লাদে আগতে ভগৱান বিষ্ণুক পূজা কৰিছিল, কিন্তু পিতৃ হিৰণ্যকাশ্যপ জীয়ে প্ৰহ্লাদৰ ভক্তি ভাল পোৱা নাছিল। ইয়াক বিঘ্নিত কৰিবৰ বাবে তেওঁ বহু চেষ্টা কৰিলে, কিন্তু সেইবোৰ সফল নহ’ল। এবাৰ এনে সময় আহিল যেতিয়া হিৰণ্যকাশ্যপ জীয়ে প্ৰহ্লাদৰৰ সকলো বাদ্যযন্ত্ৰ ধ্বংস কৰি পেলায়।

ইয়াৰ পাছতো প্ৰহ্লাদ ভক্তি পথৰ পৰা বিচ্যুত নহ’ল আৰু তেওঁ স্তৱত ছন্দ দিবলৈ হাত দুখনেৰে চাপৰ মাৰিবলৈ ধৰিলে। তেতিয়াৰ পৰাই ভজন-কীৰ্তনৰ সময়ত হাত চাপৰি বজোৱাৰ পৰম্পৰা আৰম্ভ হ’ল।

বিশ্বাস অনুসৰি ভজন আৰু কীৰ্তনৰ সময়ত হাত চাপৰি বজোৱাৰ জৰিয়তে ঈশ্বৰৰ মনোযোগ আকৰ্ষিত হয় আৰু ব্যক্তিজনে বেয়া পাপৰ পৰা মুক্তি পায়। লগতে নেতিবাচক গুণবোৰো আঁতৰি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়াত শোকাৱহ ঘটনা; সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া কিশোৰীৰ
লখিমপুৰৰ ছাত্ৰ নিৰুদ্দেশ; পৰিয়ালত হাহাকাৰ
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী