--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠৰ শিক্ষা দিয়ে আৰু ইয়াক অনুসৰণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে জীৱনত কেতিয়াও হতাশ নহয়। শ্ৰীমদ্ভাগৱত গীতাত মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই দিয়া শিক্ষাৰ কথা বৰ্ণনা কৰা হৈছে। গীতাক আটাইতকৈ মহ্ত্বপূৰ্ণ গ্ৰন্থ বুলিও কোৱা হয়। গীতাৰ বহুমূলীয়া কথাই মানুহক জীৱন-যাপনৰ সঠিক পথ দেখুৱাব পাৰে। গীতাত শ্ৰীকৃষ্ণই ভৱিষ্যৎ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে।

* গীতাৰ বহুমূলীয়া কথা-
শ্ৰীকৃষ্ণই গীতাত কৈছে যে জীৱনৰ আন এটা নাম সংগ্ৰাম। যদি মানুহৰ জীৱনত যিকোনো ইচ্ছা থাকে, তেন্তে তাক পূৰ্ণ কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামেই ভৱিষ্যৎ জীৱনত ইচ্ছা পূৰণৰ ক্ষেত্ৰত সহায়ক হৈ পৰে। 

* গীতাত শ্ৰীকৃষ্ণই মানুহৰ ধ্বংসৰ পাঁচটা কাৰণ দাঙি ধৰিছে। গীতাত লিখা আছে যে যদি কোনো ব্যক্তিৰ অত্যধিক টোপনি, খং, ভয়, ভাগৰ আৰু কাম স্থগিত ৰখাৰ অভ্যাস থাকে, তেন্তে এনে ব্যক্তিৰ জীৱন ধ্বংস হৈ পৰে।

* শ্ৰীকৃষ্ণই গীতাত কৈছে যে বহু অৰ্থ থকা মানে মানুহ ধনী নহয়, কিন্তু প্ৰকৃত ধনী হ’ল সেইজন ব্যক্তি যিজনৰ মধুৰ আচৰণ আৰু সুন্দৰ চিন্তাশীলতা থাকে।

* শ্ৰীকৃষ্ণই কৈছে যে মানুহে কোনো কাৰণতে সাহস হেৰুৱাব নালাগে। আপোনাৰ জীৱনলৈ তেতিয়ালৈকে ভাল দিন নাহে, যেতিয়ালৈকে আপোনাৰ চিন্তা-ধাৰণা সলনি নহয়।

* গীতাই কয় যে অতিমাত্ৰা সুখ বা দুখত কোনো সিদ্ধান্ত লোৱা উচিত নহয়, কাৰণ এই দুয়োটা পৰিস্থিতিয়ে সঠিক সিদ্ধান্ত লোৱাত সহায় নকৰে।
* যদি আপুনি পৰিস্থিতি প্ৰতি লক্ষ্য কৰি নিজকে সলনি কৰাৰ শক্তি নাই তেন্তে ঈশ্বৰক বা ভাগ্যক দোষাৰোপ কৰাৰো কোনো অধিকাৰ নাই! কাৰণ প্ৰতিজন লোকেই সাহসেৰে আগবাঢ়িলে এদিন প্ৰগতিৰ পথত ভৰি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ আকাৰৰ মুখা নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িলে ওৰাঙৰ কণজিৎ মেধিয়ে
নাহৰকটীয়াত শোকাৱহ ঘটনা; সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া কিশোৰীৰ
লখিমপুৰৰ ছাত্ৰ নিৰুদ্দেশ; পৰিয়ালত হাহাকাৰ
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?