--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠৰ শিক্ষা দিয়ে আৰু ইয়াক অনুসৰণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে জীৱনত কেতিয়াও হতাশ নহয়। শ্ৰীমদ্ভাগৱত গীতাত মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই দিয়া শিক্ষাৰ কথা বৰ্ণনা কৰা হৈছে। গীতাক আটাইতকৈ মহ্ত্বপূৰ্ণ গ্ৰন্থ বুলিও কোৱা হয়। গীতাৰ বহুমূলীয়া কথাই মানুহক জীৱন-যাপনৰ সঠিক পথ দেখুৱাব পাৰে। গীতাত শ্ৰীকৃষ্ণই ভৱিষ্যৎ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে।

* গীতাৰ বহুমূলীয়া কথা-
শ্ৰীকৃষ্ণই গীতাত কৈছে যে জীৱনৰ আন এটা নাম সংগ্ৰাম। যদি মানুহৰ জীৱনত যিকোনো ইচ্ছা থাকে, তেন্তে তাক পূৰ্ণ কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামেই ভৱিষ্যৎ জীৱনত ইচ্ছা পূৰণৰ ক্ষেত্ৰত সহায়ক হৈ পৰে। 

* গীতাত শ্ৰীকৃষ্ণই মানুহৰ ধ্বংসৰ পাঁচটা কাৰণ দাঙি ধৰিছে। গীতাত লিখা আছে যে যদি কোনো ব্যক্তিৰ অত্যধিক টোপনি, খং, ভয়, ভাগৰ আৰু কাম স্থগিত ৰখাৰ অভ্যাস থাকে, তেন্তে এনে ব্যক্তিৰ জীৱন ধ্বংস হৈ পৰে।

* শ্ৰীকৃষ্ণই গীতাত কৈছে যে বহু অৰ্থ থকা মানে মানুহ ধনী নহয়, কিন্তু প্ৰকৃত ধনী হ’ল সেইজন ব্যক্তি যিজনৰ মধুৰ আচৰণ আৰু সুন্দৰ চিন্তাশীলতা থাকে।

* শ্ৰীকৃষ্ণই কৈছে যে মানুহে কোনো কাৰণতে সাহস হেৰুৱাব নালাগে। আপোনাৰ জীৱনলৈ তেতিয়ালৈকে ভাল দিন নাহে, যেতিয়ালৈকে আপোনাৰ চিন্তা-ধাৰণা সলনি নহয়।

* গীতাই কয় যে অতিমাত্ৰা সুখ বা দুখত কোনো সিদ্ধান্ত লোৱা উচিত নহয়, কাৰণ এই দুয়োটা পৰিস্থিতিয়ে সঠিক সিদ্ধান্ত লোৱাত সহায় নকৰে।
* যদি আপুনি পৰিস্থিতি প্ৰতি লক্ষ্য কৰি নিজকে সলনি কৰাৰ শক্তি নাই তেন্তে ঈশ্বৰক বা ভাগ্যক দোষাৰোপ কৰাৰো কোনো অধিকাৰ নাই! কাৰণ প্ৰতিজন লোকেই সাহসেৰে আগবাঢ়িলে এদিন প্ৰগতিৰ পথত ভৰি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ