--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা বিশ্বকাপত পুনৰ আধিপত্য বিস্তাৰ অষ্ট্ৰেলিয়াৰ। ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি সপ্তমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ জয় অষ্ট্ৰেলিয়াৰ। অপৰাজিত শতক অৰ্জনৰ পাছতো ইংলেণ্ডক জয়ৰ সোৱাদ দিব নোৱাৰিলে নাটালি স্কিভাৰে।

স্মৰ্তব্য যে, চলিত বিশ্বকাপৰ আৰম্ভণিৰ পৰাই দুৰ্দান্ত ফৰ্মত আছিল অষ্ট্ৰেলিয়া। ফাইনেলৰ পূৰ্বে প্ৰতিযোগিতাৰ ৮খন খেলৰ ভিতৰত ৮খনতে জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই। ইফালে, মহিলা বিশ্বকাপত আৰম্ভণি সুখকৰ নহ’ল ইংলেণ্ডৰ। বিশ্বকাপৰ গ্ৰুপ মেচো হেৰুৱাইছিল ইংৰাজ বাহিনীয়ে। 

আজিৰ খেলখনত ক্ৰাইষ্টাচাৰ্চৰ সহায়ত সুন্দৰ ইনিংছৰ পাতনি মেলে অষ্ট্ৰেলিয়াই। উইকেট ৰক্ষক এলিছা হিলি আৰু হেইনছৰ অপেনিং যুটিয়ে ১৬০ ৰানৰ সুন্দৰ অগ্ৰগতি দিছিল কেংগাৰু বাহিনীক। হেইনছে ১৬০ ৰানত আউট হ’লেও এলিছা হেলীয়ে নিজৰ ধ্বংসলীলা অব্যাহত ৰাখিছিল। হেলীয়ে মাত্ৰ ১৩৮ টা বলত ১৭০ ৰানৰ বিধ্বংসী ইনিংছ খেলিছিল। মহিলা বিশ্বকাপৰ ফাইনেলত এতিয়ালৈকে এয়া সৰ্বাধিক স্ক'ৰ হিচাপে বিবেচিত হৈছে। হেলীয়ে ষ্টেডিয়ামত তাণ্ডৱ চলাই থকা মুহূৰ্তত ষ্টেডিয়ামত উপস্থিত আছিল তেওঁৰ স্বামী তথা অষ্ট্ৰেলিয়াৰ পুৰুষ দলৰ ক্ৰিকেটাৰ মিচেল ষ্টাৰ্ক। আনহাতে, হাইনেছৰ উইকেটৰ পাছত ৪৭ টা বলত ৬২ ৰানৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়ে মুনীয়ে। মূলতঃ এই তিনিজন বেটছমেনৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবেই ৩৫৬ ৰানৰ বৃহৎ লক্ষ্যত উপনীত হয় দলটো।

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড আৰম্ভণিৰ পৰাই খেলখনত পিছ পৰি ৰয়। বৃহৎ লক্ষ্যৰ হেঁচাত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে মাত্ৰ ৮৬ ৰানতে ৩ টা মূল্যবান উইকেট হেৰুৱায়। অৱশ্য, একক সংগ্ৰাম অব্যাহত ৰাখে নাটালি স্কিভাৰে। নাটালিয়ে মাত্ৰ ১২১ টা বলত অপৰাজিত ১৪৮ ৰানৰ অভিনৱ, অনাকাংক্ষিত ইনিংছ খেলে। কিন্তু স্কিভাৰৰ একক নেতৃত্বই দলটোক জয়ৰ সোৱাদ দিবলৈ সক্ষম নহ’ল। ক্ৰমাত সংগীহীন হৈ পৰে নাটালি স্কিভাৰ। ৪৩ অ’ভাৰত ২৮৫ ৰানত ইংলেণ্ডে ইনিংছৰ সামৰণি পৰে। ৭১ ৰানৰ বৃহত্‍ ব্যৱধানত জয়ী হয় অষ্ট্ৰেলিয়া। এই জয়েৰে সপ্তমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰিলে অষ্ট্ৰেলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ