--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা বিশ্বকাপত পুনৰ আধিপত্য বিস্তাৰ অষ্ট্ৰেলিয়াৰ। ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি সপ্তমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ জয় অষ্ট্ৰেলিয়াৰ। অপৰাজিত শতক অৰ্জনৰ পাছতো ইংলেণ্ডক জয়ৰ সোৱাদ দিব নোৱাৰিলে নাটালি স্কিভাৰে।

স্মৰ্তব্য যে, চলিত বিশ্বকাপৰ আৰম্ভণিৰ পৰাই দুৰ্দান্ত ফৰ্মত আছিল অষ্ট্ৰেলিয়া। ফাইনেলৰ পূৰ্বে প্ৰতিযোগিতাৰ ৮খন খেলৰ ভিতৰত ৮খনতে জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই। ইফালে, মহিলা বিশ্বকাপত আৰম্ভণি সুখকৰ নহ’ল ইংলেণ্ডৰ। বিশ্বকাপৰ গ্ৰুপ মেচো হেৰুৱাইছিল ইংৰাজ বাহিনীয়ে। 

আজিৰ খেলখনত ক্ৰাইষ্টাচাৰ্চৰ সহায়ত সুন্দৰ ইনিংছৰ পাতনি মেলে অষ্ট্ৰেলিয়াই। উইকেট ৰক্ষক এলিছা হিলি আৰু হেইনছৰ অপেনিং যুটিয়ে ১৬০ ৰানৰ সুন্দৰ অগ্ৰগতি দিছিল কেংগাৰু বাহিনীক। হেইনছে ১৬০ ৰানত আউট হ’লেও এলিছা হেলীয়ে নিজৰ ধ্বংসলীলা অব্যাহত ৰাখিছিল। হেলীয়ে মাত্ৰ ১৩৮ টা বলত ১৭০ ৰানৰ বিধ্বংসী ইনিংছ খেলিছিল। মহিলা বিশ্বকাপৰ ফাইনেলত এতিয়ালৈকে এয়া সৰ্বাধিক স্ক'ৰ হিচাপে বিবেচিত হৈছে। হেলীয়ে ষ্টেডিয়ামত তাণ্ডৱ চলাই থকা মুহূৰ্তত ষ্টেডিয়ামত উপস্থিত আছিল তেওঁৰ স্বামী তথা অষ্ট্ৰেলিয়াৰ পুৰুষ দলৰ ক্ৰিকেটাৰ মিচেল ষ্টাৰ্ক। আনহাতে, হাইনেছৰ উইকেটৰ পাছত ৪৭ টা বলত ৬২ ৰানৰ এক সুন্দৰ ইনিংছ উপহাৰ দিয়ে মুনীয়ে। মূলতঃ এই তিনিজন বেটছমেনৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবেই ৩৫৬ ৰানৰ বৃহৎ লক্ষ্যত উপনীত হয় দলটো।

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ড আৰম্ভণিৰ পৰাই খেলখনত পিছ পৰি ৰয়। বৃহৎ লক্ষ্যৰ হেঁচাত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে মাত্ৰ ৮৬ ৰানতে ৩ টা মূল্যবান উইকেট হেৰুৱায়। অৱশ্য, একক সংগ্ৰাম অব্যাহত ৰাখে নাটালি স্কিভাৰে। নাটালিয়ে মাত্ৰ ১২১ টা বলত অপৰাজিত ১৪৮ ৰানৰ অভিনৱ, অনাকাংক্ষিত ইনিংছ খেলে। কিন্তু স্কিভাৰৰ একক নেতৃত্বই দলটোক জয়ৰ সোৱাদ দিবলৈ সক্ষম নহ’ল। ক্ৰমাত সংগীহীন হৈ পৰে নাটালি স্কিভাৰ। ৪৩ অ’ভাৰত ২৮৫ ৰানত ইংলেণ্ডে ইনিংছৰ সামৰণি পৰে। ৭১ ৰানৰ বৃহত্‍ ব্যৱধানত জয়ী হয় অষ্ট্ৰেলিয়া। এই জয়েৰে সপ্তমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰিলে অষ্ট্ৰেলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?