--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনবদ্য বাটলাৰ। অনবদ্য চাহাল। অসামান্য ৰাজস্থান ৰয়েলছ। প্ৰথমবাৰৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে জয়েৰে অভিযান আৰম্ভ কৰিছে চলিত ছিজনৰ আইপিএলৰ। গ্ৰপু লীগৰ দ্বিতীয়খন খেলতো জয়ৰ ধাৰা অব্যাহত ৰাজস্থানৰ। বাটলাৰৰ শতক আৰু চাহালৰ অনবদ্য বলিং বিক্ৰমত ধৰাশায়ী ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ। ৰাজস্থানৰ হাতত ২৩ ৰানৰ ব্যৱধানত পৰাজিত হয় মুম্বাই ইণ্ডিয়ানছ। ফলস্বৰূপে, ৰোহিত বাহিনীয়ে চলিত ছিজনৰ প্ৰথম দুখন মেচতে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে।

টছত জয়ী হৈ ৰোহিত বাহিনীয়ে প্ৰথমে বেট কৰাৰ সিদ্ধান্ত লয় যদিও সেয়া অধিক ফলপ্ৰুসূ নহ’ল। ইয়াৰ অন্যতম কাৰণ হ’ল ৰাজস্থানৰ বাটলাৰ। এককভাৱেই বাটলাৰে মুম্বাইৰ শিবিৰত কঁপনি তোলে। মাত্ৰ ৬৮ টা বলতে চলিত আইপিএলত প্ৰথমটো চেঞ্চুৰিৰ যোগ্যতা অৰ্জন কৰে বাটলাৰে। বাটলাৰৰ এই শতকীয় ইনিছংৰ সুবাদতে নিৰ্ধাৰিত ২০ অ’ভাৰত ৮ উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। ১৯৪ ৰানৰ লক্ষ্য হাতত লৈ খেলপথাৰত অৱতীৰ্ণ হোৱা মুম্বাইৰ ইনিংছৰ আৰম্ভণি সুখকৰ নহ’ল। পুনৰ ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা। ইফালে, অনমোলপ্ৰীত সিঙৰো দীঘলিয়া নহ’ল ইনিংছ। 

অৱশ্যে, ঈশান কিষাণ আৰু তিলক বৰ্মাই মুম্বাইক অগ্ৰগতি দিয়ে। ঈশানে ৪৩ টা বলত ৫৪ ৰান আৰু তিলকে ৩৩ টা বলত ৬১ ৰান সংগ্ৰহ কৰে। কিন্তু দুয়োৰে উইকেটৰ পতনৰ পাছত, পুনৰ ভাগি পৰে মুম্বাই ইণ্ডিয়ানছ। টিম ডেভিদ আৰু ডেনিয়েল চামছেৰ বিদায়ৰ পাছত ৰোহিতৰ দলটোৱে আৰু সেই আঘাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অৱশেষত, পোলাৰ্ডে অকলে চেষ্টা কৰিছিল যদিও দলক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় অলৰাউণ্ডাৰগৰাকী। ৮ উইকেট হেৰুৱাই ১৭০ ৰানত সামৰণি পৰে মুম্বাইৰ ইনিংছ।
ইফালে, যুজৱেন্দ্ৰ চাহালে চলিত আইপিএলৰ প্ৰথমটো হেট-ট্ৰিক অৰ্জনত ব্যৰ্থ হয়। ২৬ৰান ব্যয়েৰে ২টাকৈ উইকেট লাভ কৰা চাহালৰ বলত মুৰুগান অশ্বিনে তুলি দিছিল কেচ। কিন্তু কৰুণ নায়াৰে মিচ কৰে সহজ কেচটো। কৰুণ নায়াৰৰ বাবে উল্লেখযোগ্য কৃতিত্বৰ নজিৰ স্থাপনত ব্যৰ্থ হয় চাহাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ