--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনবদ্য বাটলাৰ। অনবদ্য চাহাল। অসামান্য ৰাজস্থান ৰয়েলছ। প্ৰথমবাৰৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে জয়েৰে অভিযান আৰম্ভ কৰিছে চলিত ছিজনৰ আইপিএলৰ। গ্ৰপু লীগৰ দ্বিতীয়খন খেলতো জয়ৰ ধাৰা অব্যাহত ৰাজস্থানৰ। বাটলাৰৰ শতক আৰু চাহালৰ অনবদ্য বলিং বিক্ৰমত ধৰাশায়ী ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ। ৰাজস্থানৰ হাতত ২৩ ৰানৰ ব্যৱধানত পৰাজিত হয় মুম্বাই ইণ্ডিয়ানছ। ফলস্বৰূপে, ৰোহিত বাহিনীয়ে চলিত ছিজনৰ প্ৰথম দুখন মেচতে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে।

টছত জয়ী হৈ ৰোহিত বাহিনীয়ে প্ৰথমে বেট কৰাৰ সিদ্ধান্ত লয় যদিও সেয়া অধিক ফলপ্ৰুসূ নহ’ল। ইয়াৰ অন্যতম কাৰণ হ’ল ৰাজস্থানৰ বাটলাৰ। এককভাৱেই বাটলাৰে মুম্বাইৰ শিবিৰত কঁপনি তোলে। মাত্ৰ ৬৮ টা বলতে চলিত আইপিএলত প্ৰথমটো চেঞ্চুৰিৰ যোগ্যতা অৰ্জন কৰে বাটলাৰে। বাটলাৰৰ এই শতকীয় ইনিছংৰ সুবাদতে নিৰ্ধাৰিত ২০ অ’ভাৰত ৮ উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। ১৯৪ ৰানৰ লক্ষ্য হাতত লৈ খেলপথাৰত অৱতীৰ্ণ হোৱা মুম্বাইৰ ইনিংছৰ আৰম্ভণি সুখকৰ নহ’ল। পুনৰ ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা। ইফালে, অনমোলপ্ৰীত সিঙৰো দীঘলিয়া নহ’ল ইনিংছ। 

অৱশ্যে, ঈশান কিষাণ আৰু তিলক বৰ্মাই মুম্বাইক অগ্ৰগতি দিয়ে। ঈশানে ৪৩ টা বলত ৫৪ ৰান আৰু তিলকে ৩৩ টা বলত ৬১ ৰান সংগ্ৰহ কৰে। কিন্তু দুয়োৰে উইকেটৰ পতনৰ পাছত, পুনৰ ভাগি পৰে মুম্বাই ইণ্ডিয়ানছ। টিম ডেভিদ আৰু ডেনিয়েল চামছেৰ বিদায়ৰ পাছত ৰোহিতৰ দলটোৱে আৰু সেই আঘাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অৱশেষত, পোলাৰ্ডে অকলে চেষ্টা কৰিছিল যদিও দলক জয়ৰ সোৱাদ দিয়াত ব্যৰ্থ হয় অলৰাউণ্ডাৰগৰাকী। ৮ উইকেট হেৰুৱাই ১৭০ ৰানত সামৰণি পৰে মুম্বাইৰ ইনিংছ।
ইফালে, যুজৱেন্দ্ৰ চাহালে চলিত আইপিএলৰ প্ৰথমটো হেট-ট্ৰিক অৰ্জনত ব্যৰ্থ হয়। ২৬ৰান ব্যয়েৰে ২টাকৈ উইকেট লাভ কৰা চাহালৰ বলত মুৰুগান অশ্বিনে তুলি দিছিল কেচ। কিন্তু কৰুণ নায়াৰে মিচ কৰে সহজ কেচটো। কৰুণ নায়াৰৰ বাবে উল্লেখযোগ্য কৃতিত্বৰ নজিৰ স্থাপনত ব্যৰ্থ হয় চাহাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই