--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰা মনু ভাকেৰ আৰু কিশোৰ বিশ্ব, দবা চেম্পিয়ন ডি গুকেশকে ধৰি চাৰিগৰাকী ভাৰতীয় খেলুৱৈক সন্মানীয় মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি ভৱনত খেলুৱৈসকলক বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ উপৰিও পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু পেৰা এথলীট প্ৰবীণ কুমাৰক বঁটা প্ৰদান কৰা হয়।

২০২৪ চনৰ পেৰিছ অলিম্পিকত মনু ভাকেৰে দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল, ইয়াৰে এটাত তেওঁ একক মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত জয়ী হৈছিল। মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত দ্বিতীয়টো পদক লাভ কৰে।

আনহাতে ডি গুকেশে আটাইতকৈ কম বয়সীয়া বিশ্ব দবা চেম্পিয়ন হোৱাৰ খিতাপ লাভ কৰিছিল। চীনৰ গ্ৰেণ্ডমাষ্টাৰ ডিং লিৰেনক পৰাস্ত কৰি গুকেশে ঐতিহাসিক জয় পঞ্জীয়ন কৰিছিল। মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব চেম্পিয়ন হৈছিল গুকেশ।

২০২৪ চনৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলৰ অংশ আছিল পুৰুষৰ ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং। ইয়াৰ উপৰিও টকিঅ’ অলিম্পিকত ব্ৰঞ্জ বিজয়ী দলৰ অংশও আছিল হৰমনপ্ৰীত।

আনহাতে, হাই জাম্পাৰ প্ৰবীণ কুমাৰে ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও প্ৰবীণ কুমাৰে টকিঅ’ পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰে। উল্লেখ্য যে প্ৰবীণ কুমাৰৰ বাওঁ ভৰিখন জন্মৰ পৰাই সৰু আছিল।

৩৪ গৰাকী খেলুৱৈলৈ অৰ্জুন বঁটা 

জ্যোতি ইয়াৰাজী- এথলেটিকছ
অনুন্ন ৰাণী- এথলেটিকছ
নীতু- বক্সিং
মিঠা - বক্সিং
বন্তিকা আগৰৱালা- দবা
ছালিমা টেটে- হকী
অভিষেক- হকী
সঞ্জয় - হকী
জাৰ্মানপ্ৰীত সিং- হকী
সুখজিৎ সিং- হকী
ৰাকেশ কুমাৰ- পেৰা-আৰ্চাৰী
প্ৰীতি পাল- পেৰা-এথলেটিকছ
শচীন চাৰ্জেৰাও খিলাৰী - পেৰা এথলেটিকছ
ধৰমবীৰ- পেৰা এথলেটিকছ
প্ৰণৱ সুৰমা- পেৰা এথলেটিকছ
এইচ হোকাটো- ছেমা পেৰা এথলেটিকছ
ছিমৰান- পেৰা এথলেটিকছ
নৱদীপ- পেৰা এথলেটিকছ
থুলাচিমাটি মুৰুগেছান- পাৰা বেডমিণ্টন
নিত্য শ্ৰী সুমাথি শিৱন- পাৰা বেডমিণ্টন
মনীষা ৰামদাস- পাৰা বেডমিণ্টন
কপিল পাৰমাৰ- পাৰা জুডো
মোনা আগৰৱাল- পাৰা শ্বুটিং
ৰুবিনা ফ্ৰান্সিছ- পেৰা শ্বুটিং
স্বপ্নিল সুৰেশ কুছালে- শ্বুটিং
সৰবজোত সিং- গুলীচালনা
অভয় সিং- স্কোয়াছ
সাজন প্ৰকাশ- সাঁতোৰ
অমন সাহৱাৰত- মল্লযুঁজ
সুচা সিং (জীৱনজোৰা) – এথলেটিকছ
মুৰলী কান্ত (জীৱনজোৰা) - ৰাজাৰাম পেটকাৰ পাৰা সাঁতোৰবিদ

৫ জন প্ৰশিক্ষকলৈ দ্ৰোনাচাৰ্য বঁটা

সুভাষ ৰানা- পাৰা শ্বুটিং (নিয়মীয়া)
দীপালি দেশপাণ্ডে- শ্বুটিং (নিয়মীয়া)
সন্দীপ সাংৱান- হকী (নিয়মীয়া)
এছ মুৰলীথাৰণ- বেডমিন্টন (জীৱনজোৰা)
আৰ্মাণ্ডো এগনেলো কলাকো- ফুটবল (জীৱনজোৰা)

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী