--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নুছৰত জাহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দীঘলীয়া বন্ধ ল`বলৈ পৰামৰ্শ দিছে। নুছৰতে অভিযোগ কৰে যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক আৰু আইন-শৃংখলা বজাই ৰখাত ব্যৰ্থ হৈছে বুলি তেওঁ অভিযোগ কৰে। মধ্যপ্ৰদেশত চোৰাং চিকাৰীৰ হাতত আৰক্ষীৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰি সাংসদ অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। 



নুচৰতে কয়, "প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ছুটি ল'ব লাগিব। আপুনালোক বন্ধলৈ যাওক। ৰাজনীতি আৰু প্ৰশাসনিক কাম-কাজ কৰিব নালাগে। একে সময়তে, তৃণমূল কংগ্ৰেছৰ সাংসদজনে আক্ৰমণ কৰি কয়, "তেওঁলোকে তেওঁলোকৰ কামত সম্পূৰ্ণৰূপে বিফল হৈছে আৰু দেশৰ মানুহে এই বিফলতাৰ চূড়ান্ত পৰিণাম ভূগিব লগা হৈছে। ''

শেহতীয়াকৈ, মধ্য প্ৰদেশত তিনিজন আৰক্ষীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।  এজন উপ পৰিদৰ্শক, এজন হেড কনিষ্টবল আৰু এজন কনিষ্টবল অন্তৰ্ভুক্ত আছে। তেওঁলোকক মধ্য প্ৰদেশৰ গুনা অঞ্চলত চোৰাং চিকাৰীয়ে হত্যা কৰিছে।  জনা যায় যে গোপন উৎসৰ পৰা চোৰাং চিকাৰীৰ বিষয়ে তথ্য পোৱাৰ পাছত আৰক্ষীয়ে তালাচী চলাইছিল। নিৰ্ধাৰিত স্থানত উপস্থিত হোৱাৰ লগে লগে চোৰাং চিকাৰীসকলে তেওঁলোকক ঘেৰি ধৰিছিল, তাৰ পিছত  তেওঁলোকৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল। গুলীচালনাৰ ফলত তিনিজন আৰক্ষী বিষয়া নিহত হৈছিল। মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। 

ইয়াৰ পূৰ্বে অভিনেত্ৰী-সাংসদ নুছৰত জাহানে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীক টুইটাৰযোগে সমালোচনা কৰি তৃণমূলৰ সাংসদ নুছৰত জাহানে ছ'চিয়েল মিডিয়াত লিখিছে, " প্ৰধানমন্ত্ৰী মহোদয়, সময় আহি পৰিছে। এতিয়া অন্তত নেতৃত্ব কেনেদৰে দিব লাগে শিকক। ভাৰত স্বাৱলম্বী হ'ব, কেৱল আপুনি টেলিপ্ৰম্পটাৰৰ নিৰ্ভৰশীলতা ত্যাগ কৰক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ