--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘পুৰণি’ হৈ পৰিল ‘নতুন’ মুখ। আকস্মিক পট পৰিৱৰ্তন দেখিবলৈ পোৱা গ’ল ত্ৰিপুৰাৰ ৰাজনীতিত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লব দেবে বিধানসভা নিৰ্বাচনলৈ কেইমাহমান থকা অৱস্থাত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ত্ৰিপুৰাত দীঘলীয়া বাওঁ শাসন ওফৰাই প্ৰথমবাৰলৈ ক্ষমতা দখল কৰিছিল বিজেপিয়ে। বিপ্লব দেবক সন্মুখত লৈয়েই শাসন চলাই গৈছিল ৰাজ্যখনত। কিন্তু আকস্মিকভাৱে বিপ্লব দেবে পদত্যাগ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তেওঁ শনিবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ অনুসৰিয়েই পদত্যাগ কৰা বুলি প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিপ্লৱ দেবৰ পদত্যাগক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। ইফালে, বিপ্লৱ দেবৰ পদত্যাগৰ পাছতে বিজেপিয়ে বিধায়িনী দলৰ জৰুৰী বৈঠক আহ্বান জনাইছে। বিয়লি পাঁচ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিজেপিয়ে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।   

এই সিদ্ধান্তৰ পাছতে বিপ্লব দেবে কয়, ‘মই বিজেপিৰ এজন নিষ্ঠাৱান কৰ্মকৰ্তা। মোৰ বিশ্বাস যে, মোক দিয়া পদটোৰ পৰা মই ত্ৰিপুৰাৰ জনসাধাৰণক ন্যায় দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া দলে বিচাৰিছে যে, মই সাংগঠনিক কামত অধিক মনোনিৱেশ কৰাটো। কিয়নো সংগঠন থাকিলেহে  চৰকাৰ থাকিব। আমাৰ দৰে কৰ্মকৰ্তাই দীৰ্ঘসময় কাম কৰিলে  চৰকাৰৰ দীঘলীয়া সময়ৰ বাবে থাকিব। তদুপৰি পদত্যাগী মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘সকলোৰে কামৰ এক নিৰ্দিষ্ট সময় আছে।’

উল্লেখ্য যে, নিৰ্বাচন সমীপত উপস্থিত হোৱা ৰাজ্যখনত বিজেপি দলে বিপ্লব দেবৰ নেতৃত্বক লৈ সন্তুষ্ট নহয় বুলি চৰ্চা চলিছে। ৰাজ্যখনত তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে ক্ৰমাৎ খোপনি পোতাৰ লগতে খিলঞ্জীয়া ত্ৰিপুৰী লোকসকলৰ অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত নতুন মুখৰ সন্ধান কৰিছে বিজেপিয়ে। বাংলাদেশী মূলৰ বুলি চৰ্চা চলি অহা বিপ্লৱ দেবে অন্যান্য দলৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সক্ষম নোহোৱাটো লক্ষ্য কৰিছে কেন্দ্ৰীয় নেতৃত্বই। বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ আগে আগে নেতৃত্ব সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰি অহা বিজেপিয়ে ত্ৰিপুৰাতো এখন সাৰ্বজনীন গ্ৰহণযোগ্য মুখক সন্মুখলৈ আনি ক্ষমতা দখল কৰি থকাৰ সম্ভাৱনাক লৈ চৰ্চা চলিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ