--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘পুৰণি’ হৈ পৰিল ‘নতুন’ মুখ। আকস্মিক পট পৰিৱৰ্তন দেখিবলৈ পোৱা গ’ল ত্ৰিপুৰাৰ ৰাজনীতিত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লব দেবে বিধানসভা নিৰ্বাচনলৈ কেইমাহমান থকা অৱস্থাত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ত্ৰিপুৰাত দীঘলীয়া বাওঁ শাসন ওফৰাই প্ৰথমবাৰলৈ ক্ষমতা দখল কৰিছিল বিজেপিয়ে। বিপ্লব দেবক সন্মুখত লৈয়েই শাসন চলাই গৈছিল ৰাজ্যখনত। কিন্তু আকস্মিকভাৱে বিপ্লব দেবে পদত্যাগ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তেওঁ শনিবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। দলৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ অনুসৰিয়েই পদত্যাগ কৰা বুলি প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিপ্লৱ দেবৰ পদত্যাগক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। ইফালে, বিপ্লৱ দেবৰ পদত্যাগৰ পাছতে বিজেপিয়ে বিধায়িনী দলৰ জৰুৰী বৈঠক আহ্বান জনাইছে। বিয়লি পাঁচ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিজেপিয়ে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।   

এই সিদ্ধান্তৰ পাছতে বিপ্লব দেবে কয়, ‘মই বিজেপিৰ এজন নিষ্ঠাৱান কৰ্মকৰ্তা। মোৰ বিশ্বাস যে, মোক দিয়া পদটোৰ পৰা মই ত্ৰিপুৰাৰ জনসাধাৰণক ন্যায় দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া দলে বিচাৰিছে যে, মই সাংগঠনিক কামত অধিক মনোনিৱেশ কৰাটো। কিয়নো সংগঠন থাকিলেহে  চৰকাৰ থাকিব। আমাৰ দৰে কৰ্মকৰ্তাই দীৰ্ঘসময় কাম কৰিলে  চৰকাৰৰ দীঘলীয়া সময়ৰ বাবে থাকিব। তদুপৰি পদত্যাগী মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘সকলোৰে কামৰ এক নিৰ্দিষ্ট সময় আছে।’

উল্লেখ্য যে, নিৰ্বাচন সমীপত উপস্থিত হোৱা ৰাজ্যখনত বিজেপি দলে বিপ্লব দেবৰ নেতৃত্বক লৈ সন্তুষ্ট নহয় বুলি চৰ্চা চলিছে। ৰাজ্যখনত তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে ক্ৰমাৎ খোপনি পোতাৰ লগতে খিলঞ্জীয়া ত্ৰিপুৰী লোকসকলৰ অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত নতুন মুখৰ সন্ধান কৰিছে বিজেপিয়ে। বাংলাদেশী মূলৰ বুলি চৰ্চা চলি অহা বিপ্লৱ দেবে অন্যান্য দলৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সক্ষম নোহোৱাটো লক্ষ্য কৰিছে কেন্দ্ৰীয় নেতৃত্বই। বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ আগে আগে নেতৃত্ব সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰি অহা বিজেপিয়ে ত্ৰিপুৰাতো এখন সাৰ্বজনীন গ্ৰহণযোগ্য মুখক সন্মুখলৈ আনি ক্ষমতা দখল কৰি থকাৰ সম্ভাৱনাক লৈ চৰ্চা চলিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান