--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী শিশুৰ বাবে মাতৃৰ দুগ্ধ অতি উপৰাকী৷ জন্মৰ পাছৰে পৰাই মাতৃৰ গাখীৰে এটি কণমানিৰ বা হৈ পৰে প্ৰধান খাদ্য৷ কিন্তু কেতিয়াবা এনে পৰিস্থিতিৰো সৃষ্টি হয়, যত এটি শিশু বঞ্চিত হবলগীয়া হয় মাতৃৰ দুগ্ধ খোৱাৰ পৰাও৷ শেহতীয়াকৈ সোণৰ শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা গৈছিল মাতৃৰ দুগ্ধ অভাৱৰ এক জীয়া ছবি৷ মাতৃৰ গাখীৰৰ অভাৱৰ এই সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰত পোহৰলৈ আহিছে আন এক খবৰ৷ 

এগৰাকী মহিলাই প্ৰয়োজন হোৱা লোকসকলক ৪ হাজাৰ আউন্স অৰ্থাৎ ১১৮ লিটাৰতকৈ অধিক মাতৃদুগ্ধ বিক্ৰী কৰি বহুতো নতুন অভিভাৱকক সহায় কৰাৰ দায়িত্ব লৈছে। ‘Fox-13’ত প্ৰকাশিত হোৱা এক প্ৰতিবেদন অনুসৰি উটাহৰ এলিছা চিট্টি নামৰ এগৰাকী মহিলাই প্ৰথমতে তেওঁৰ গাখীৰ এটা গাখীৰ বেংকলৈ দান কৰিবলৈ প্ৰয়াস কৰিছিল৷ কিন্তু কিছু কাৰিকৰী সমস্যাৰ বাবে আমেৰিকান ডলাৰ হিচাপত অনলাইনতে গাখীৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লয় মহিলাগৰাকীয়ে৷

 এনেদৰে হাজাৰ হাজাৰ নিৰাশ পিতৃ-মাতৃক মাতৃদুগ্ধৰে সহায় কৰি আহিছিল চিট্টিয়ে৷ চিট্টিৰ এই কাৰ্যক শলাগো জনাইছিল আমেৰিকাৰ বহু লোকে৷ কাৰণ বহু সময়ত দেখিবলৈ পোৱা যায় মাতৃদুগ্ধৰ অভাৱত বহু শিশু বেমাৰত পৰে, বহু শিশুৰ মৃত্যু হোৱাৰ খবৰো লাভ কৰা যায়৷ তেনে এক সময়তে চিট্টি নামৰ মহিলাগৰাকীয়ে মানুহক সহায় কৰাৰ অৰ্থে ওলাই আহিছে, বহু শিশুক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, যাৰ বাবে মহিলাগৰাকীৰ এই কাৰ্যক বহু লোকে শলাগ জনাইছে৷ মহিলাগৰাকীয়ে আমেৰিকান সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ গাখীৰৰ মূল্যৰ বিষয়ে আলোচনা কৰিবলৈ ইচ্ছুক, কিয়নো দেশত শিশুৰ মৃত্যুৰ হাৰ চাবলৈ গলে বহু শিশুৰ মৃত্যুৰ কাৰণ ‘মাতৃদুগ্ধ অভাৱ

 ইপিনে, মাতৃৰ দুগ্ধ সন্দৰ্ভত ‘Fox-13’ৰ সৈতে চিট্টিৰে হোৱা এক সাক্ষাৎকাৰত চিট্টিয়ে হাস্যকৰ কৰি উল্লেখ কৰিছিল যে,‘মই অনুভৱ কৰিছো যে, মই এনে এটা কোঠাৰ পৰা ওলাই আহিছোঁ, যত আন কাৰোবাক সহায় কৰিব পাৰো।মই পাৰিছো বাবে মই মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছো৷ চিট্টিয়ে মতে মাতৃৰ দুগ্ধ অভাৱত শিশুসকলে কষ্ট পাইছিল বা মৃত্যু হৈছিল, সেই খবৰত হতভম্ব হৈ পৰিছিল তেওঁ৷ মানুহৰ পেটৰ বিষ হলে ঔষধ লব পাৰি বা আন কোনো সমস্যা আহিলে ইয়াৰ সমাধান ওলাব, কিন্তু মাতৃৰ দুগ্ধৰ অভাৱত ভোগা শিশুসকলক সহায় কিয় কৰিব নোৱাৰি! এই উদ্দেশ্যৰেই চিট্টিয়ে শিশুসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে বুলি উল্লেখ কৰে৷ 

 উল্লেখ্য যে, চিট্টি হয়টো প্ৰথমগৰাকী মহিলা, যিগৰাকী মহিলাই এনেদৰে শিশুসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে৷ বৰ্তমান সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ আছে এইগৰাকী মহিলাৰ নাম৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ