--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী শিশুৰ বাবে মাতৃৰ দুগ্ধ অতি উপৰাকী৷ জন্মৰ পাছৰে পৰাই মাতৃৰ গাখীৰে এটি কণমানিৰ বা হৈ পৰে প্ৰধান খাদ্য৷ কিন্তু কেতিয়াবা এনে পৰিস্থিতিৰো সৃষ্টি হয়, য’ত এটি শিশু বঞ্চিত হ’বলগীয়া হয় মাতৃৰ দুগ্ধ খোৱাৰ পৰাও৷ শেহতীয়াকৈ সোণৰ শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত দেখা গৈছিল মাতৃৰ দুগ্ধ অভাৱৰ এক জীয়া ছবি৷ মাতৃৰ গাখীৰৰ অভাৱৰ এই সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰত পোহৰলৈ আহিছে আন এক খবৰ৷ 

এগৰাকী মহিলাই প্ৰয়োজন হোৱা লোকসকলক ৪ হাজাৰ আউন্স অৰ্থাৎ ১১৮ লিটাৰতকৈ অধিক মাতৃদুগ্ধ বিক্ৰী কৰি বহুতো নতুন অভিভাৱকক সহায় কৰাৰ দায়িত্ব লৈছে। ‘Fox-13’ত প্ৰকাশিত হোৱা এক প্ৰতিবেদন অনুসৰি উটাহৰ এলিছা চিট্টি নামৰ এগৰাকী মহিলাই প্ৰথমতে তেওঁৰ গাখীৰ এটা গাখীৰ বেংকলৈ দান কৰিবলৈ প্ৰয়াস কৰিছিল৷ কিন্তু কিছু কাৰিকৰী সমস্যাৰ বাবে আমেৰিকান ডলাৰ হিচাপত অনলাইনতে গাখীৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লয় মহিলাগৰাকীয়ে৷

 এনেদৰে হাজাৰ হাজাৰ নিৰাশ পিতৃ-মাতৃক মাতৃদুগ্ধৰে সহায় কৰি আহিছিল চিট্টিয়ে৷ চিট্টিৰ এই কাৰ্যক শলাগো জনাইছিল আমেৰিকাৰ বহু লোকে৷ কাৰণ বহু সময়ত দেখিবলৈ পোৱা যায় মাতৃদুগ্ধৰ অভাৱত বহু শিশু বেমাৰত পৰে, বহু শিশুৰ মৃত্যু হোৱাৰ খবৰো লাভ কৰা যায়৷ তেনে এক সময়তে চিট্টি নামৰ মহিলাগৰাকীয়ে মানুহক সহায় কৰাৰ অৰ্থে ওলাই আহিছে, বহু শিশুক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, যাৰ বাবে মহিলাগৰাকীৰ এই কাৰ্যক বহু লোকে শলাগ জনাইছে৷ মহিলাগৰাকীয়ে আমেৰিকান সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ গাখীৰৰ মূল্যৰ বিষয়ে আলোচনা কৰিবলৈ ইচ্ছুক, কিয়নো দেশত শিশুৰ মৃত্যুৰ হাৰ চাবলৈ গ’লে বহু শিশুৰ মৃত্যুৰ কাৰণ ‘মাতৃদুগ্ধ অভাৱ’৷

 ইপিনে, মাতৃৰ দুগ্ধ সন্দৰ্ভত ‘Fox-13’ৰ সৈতে চিট্টিৰে হোৱা এক সাক্ষাৎকাৰত চিট্টিয়ে হাস্যকৰ কৰি উল্লেখ কৰিছিল যে,‘মই অনুভৱ কৰিছো যে, মই এনে এটা কোঠাৰ পৰা ওলাই আহিছোঁ, য’ত আন কাৰোবাক সহায় কৰিব পাৰো।মই পাৰিছো বাবে মই মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছো৷ চিট্টিয়ে মতে মাতৃৰ দুগ্ধ অভাৱত শিশুসকলে কষ্ট পাইছিল বা মৃত্যু হৈছিল, সেই খবৰত হতভম্ব হৈ পৰিছিল তেওঁ৷ মানুহৰ পেটৰ বিষ হ’লে ঔষধ ল’ব পাৰি বা আন কোনো সমস্যা আহিলে ইয়াৰ সমাধান ওলাব, কিন্তু মাতৃৰ দুগ্ধৰ অভাৱত ভোগা শিশুসকলক সহায় কিয় কৰিব নোৱাৰি! এই উদ্দেশ্যৰেই চিট্টিয়ে শিশুসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে বুলি উল্লেখ কৰে৷ 

 উল্লেখ্য যে, চিট্টি হয়টো প্ৰথমগৰাকী মহিলা, যিগৰাকী মহিলাই এনেদৰে শিশুসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে৷ বৰ্তমান সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ আছে এইগৰাকী মহিলাৰ নাম৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ