--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যান্ত্ৰিক বিজুতি নহয়, ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছিল চীনা যাত্ৰীবাহী বিমানখন। উদ্ধাৰ হোৱা বিমানখনৰ ব্লেক বক্সটোৱে একেখিনি কথাকে সূচাইছে বুলি দাবী তদন্তকাৰী সংস্থাৰ। স্মৰ্তব্য যে, বিগত মাৰ্চ মাহত চীন ইষ্টাৰ্ণ এয়াৰলাইন্সৰ বয়িং ৭৩৭-৮০০ বিমানখন কুনমিঙৰ পৰা গুৱাংঝৌলৈ উৰা মাৰিছিল। বিমানখনত ১৩২ গৰাকী যাত্ৰী আছিল। ২৯ হাজাৰ ফুট উচ্চতাৰ পৰা গুৱাংছিৰ পাহাৰত খুন্দা মাৰে বিমানখনে। ফ্লাইট ৰাডাৰ-২৪ ৰ তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত বিমানখনৰ গতিবেগ আছিল ঘণ্টাত ১১০০ কিলোমিটাৰ। এই দুৰ্ঘটনাৰ ফলত বিমানখনৰ সকলো যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে।

প্ৰাথমিক অৱস্থাত যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰি লোৱা হৈছিল। কিন্তু তদন্তকাৰী দলে ব্লেক বক্স পৰীক্ষা কৰি দাবী কৰে যে, কোনোবাই ইচ্ছাকৃতভাৱে দুৰ্ঘটনাটো সংঘটিত কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱা দিনটোত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে পাইলটসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল যদিও কোনো সঁহাৰি পোৱা নাছিল বুলি জনাইছে। বিমানৰ পৰা কোনো আগতীয়া সংকেতো প্ৰেৰণ কৰা হোৱা নাছিল। তদন্তকাৰী দলে কোৱা মতে, বিমানৰ ককপিট কোনোবাই অচিনাকী ব্যক্তিয়ে দখল কৰিছিল।

ইফালে চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্সৰ মতে, পাইলট আৰু কো-পাইলট দুয়োজনেই সুস্থ আছিল আৰু তেওঁৰ কোনো পৰিয়াল বা আৰ্থিক সমস্যা নাছিল। তেন্তে বিমানখন কোনে দুৰ্ঘটনাগ্ৰস্ত কৰিলে সেয়া হৈ পৰিছে এক গভীৰ ৰহস্য।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি