--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যান্ত্ৰিক বিজুতি নহয়, ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত হৈছিল চীনা যাত্ৰীবাহী বিমানখন। উদ্ধাৰ হোৱা বিমানখনৰ ব্লেক বক্সটোৱে একেখিনি কথাকে সূচাইছে বুলি দাবী তদন্তকাৰী সংস্থাৰ। স্মৰ্তব্য যে, বিগত মাৰ্চ মাহত চীন ইষ্টাৰ্ণ এয়াৰলাইন্সৰ বয়িং ৭৩৭-৮০০ বিমানখন কুনমিঙৰ পৰা গুৱাংঝৌলৈ উৰা মাৰিছিল। বিমানখনত ১৩২ গৰাকী যাত্ৰী আছিল। ২৯ হাজাৰ ফুট উচ্চতাৰ পৰা গুৱাংছিৰ পাহাৰত খুন্দা মাৰে বিমানখনে। ফ্লাইট ৰাডাৰ-২৪ ৰ তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত বিমানখনৰ গতিবেগ আছিল ঘণ্টাত ১১০০ কিলোমিটাৰ। এই দুৰ্ঘটনাৰ ফলত বিমানখনৰ সকলো যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে।

প্ৰাথমিক অৱস্থাত যান্ত্ৰিক বিজুতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰি লোৱা হৈছিল। কিন্তু তদন্তকাৰী দলে ব্লেক বক্স পৰীক্ষা কৰি দাবী কৰে যে, কোনোবাই ইচ্ছাকৃতভাৱে দুৰ্ঘটনাটো সংঘটিত কৰিছে। দুৰ্ঘটনা সংঘটিত হোৱা দিনটোত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে পাইলটসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল যদিও কোনো সঁহাৰি পোৱা নাছিল বুলি জনাইছে। বিমানৰ পৰা কোনো আগতীয়া সংকেতো প্ৰেৰণ কৰা হোৱা নাছিল। তদন্তকাৰী দলে কোৱা মতে, বিমানৰ ককপিট কোনোবাই অচিনাকী ব্যক্তিয়ে দখল কৰিছিল।

ইফালে চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্সৰ মতে, পাইলট আৰু কো-পাইলট দুয়োজনেই সুস্থ আছিল আৰু তেওঁৰ কোনো পৰিয়াল বা আৰ্থিক সমস্যা নাছিল। তেন্তে বিমানখন কোনে দুৰ্ঘটনাগ্ৰস্ত কৰিলে সেয়া হৈ পৰিছে এক গভীৰ ৰহস্য।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ