--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত ত্যাগৰাজ ষ্টেডিয়ামৰ খেলুৱৈ আৰু প্ৰশিক্ষকসকলে তেওঁলোকৰ প্ৰশিক্ষণ সোনকালে সামৰিবলৈ বাধ্য হোৱাৰ অভিযোগ কৰি আহিছিল৷ কিয়নো দিল্লীৰ প্ৰধান সচিব (ৰাজহ) আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰে তেওঁৰ সুবিধা অনুযায়ী তেওঁৰ কুকুৰটোক খোজ কঢ়াবলৈ লৈ যায়। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, খেলুৱৈসকলে কমেও এঘণ্টা সোনকালে খেলপথাৰ এৰিব লাগিব যাতে খিৰৱাৰে তেওঁৰ কুকুৰৰ সৈতে মাটিত খোজ কাঢ়িব পাৰে। সঞ্জীৱ খিৰৱাৰ আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাৰ সেই কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল দিল্লীৰ লগতে ছচিয়েল মিডিয়াত৷ আৰু আইএএছ বিষয়া দুগৰাকীৰ এই কাৰ্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লী চৰকাৰে৷ 

 

আইএএছ বিষয়া আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাক লাডাখ আৰু অৰুণাচল প্ৰদেশলৈ বদলি কৰা হৈছে৷ এক নিৰ্দেশনাযোগেত গৃহ মন্ত্ৰণালয়ে কয় যে ১৯৯৪ বৰ্ষৰ আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰক তাৎক্ষণিকভাৱে লাডাখ আৰু তেওঁৰ পত্নীক অৰুণাচল প্ৰদেশলৈ বদলি কৰা হৈছে। 

চৰকাৰী সূত্ৰ অনুসৰি, গৃহ মন্ত্ৰণালয়ে দিল্লীৰ মুখ্য সচিবৰ পৰা খিৰৱাৰ আৰু তেওঁৰ পত্নীৰ দ্বাৰা ত্যাগৰাজ ষ্টেডিয়ামত সুবিধাৰ অপব্যৱহাৰৰ বিষয় সম্পৰ্কত প্ৰতিবেদন বিচাৰিছিল।

মুখ্য সচিবে বৃহস্পতিবাৰে সন্ধিয়া গৃহ মন্ত্ৰণালয়ক এক প্ৰতিবেদন দাখিল কৰে, যাৰ ফলত মন্ত্ৰণালয়ে তেওঁলোকক বদলিৰ নিৰ্দেশ দিয়ে।

 

সঞ্জীৱ খিৰৱাৰ বৰ্তমান দিল্লীত প্ৰধান সচিব (ৰাজহ) হিচাপে কৰ্মৰত৷ আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সকলো ষ্টেডিয়াম খেলুৱৈৰ বাবে নিশা ১০ বজালৈকে মুকলি ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয়, এইটো মোৰ দৃষ্টিগোচৰ হৈছে যে খেলুৱৈসকলে গৰমৰ বাবে সমস্যাৰ সন্মুখীন হৈছে আৰু সন্ধিয়া ৬ বা ৭ বজাৰ ভিতৰতে ষ্টেডিয়ামসমূহ বন্ধ হৈ যায়। আমি নিৰ্দেশনা জাৰি কৰিছোঁ যে সকলো ক্ৰীড়া সুবিধা নিশা ১০ বজালৈ খোলা থাকিব লাগে যাতে খেলুৱৈসকলে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে৷

  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন