--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত ত্যাগৰাজ ষ্টেডিয়ামৰ খেলুৱৈ আৰু প্ৰশিক্ষকসকলে তেওঁলোকৰ প্ৰশিক্ষণ সোনকালে সামৰিবলৈ বাধ্য হোৱাৰ অভিযোগ কৰি আহিছিল৷ কিয়নো দিল্লীৰ প্ৰধান সচিব (ৰাজহ) আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰে তেওঁৰ সুবিধা অনুযায়ী তেওঁৰ কুকুৰটোক খোজ কঢ়াবলৈ লৈ যায়। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, খেলুৱৈসকলে কমেও এঘণ্টা সোনকালে খেলপথাৰ এৰিব লাগিব যাতে খিৰৱাৰে তেওঁৰ কুকুৰৰ সৈতে মাটিত খোজ কাঢ়িব পাৰে। সঞ্জীৱ খিৰৱাৰ আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাৰ সেই কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল দিল্লীৰ লগতে ছচিয়েল মিডিয়াত৷ আৰু আইএএছ বিষয়া দুগৰাকীৰ এই কাৰ্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে দিল্লী চৰকাৰে৷ 

 

আইএএছ বিষয়া আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাক লাডাখ আৰু অৰুণাচল প্ৰদেশলৈ বদলি কৰা হৈছে৷ এক নিৰ্দেশনাযোগেত গৃহ মন্ত্ৰণালয়ে কয় যে ১৯৯৪ বৰ্ষৰ আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰক তাৎক্ষণিকভাৱে লাডাখ আৰু তেওঁৰ পত্নীক অৰুণাচল প্ৰদেশলৈ বদলি কৰা হৈছে। 

চৰকাৰী সূত্ৰ অনুসৰি, গৃহ মন্ত্ৰণালয়ে দিল্লীৰ মুখ্য সচিবৰ পৰা খিৰৱাৰ আৰু তেওঁৰ পত্নীৰ দ্বাৰা ত্যাগৰাজ ষ্টেডিয়ামত সুবিধাৰ অপব্যৱহাৰৰ বিষয় সম্পৰ্কত প্ৰতিবেদন বিচাৰিছিল।

মুখ্য সচিবে বৃহস্পতিবাৰে সন্ধিয়া গৃহ মন্ত্ৰণালয়ক এক প্ৰতিবেদন দাখিল কৰে, যাৰ ফলত মন্ত্ৰণালয়ে তেওঁলোকক বদলিৰ নিৰ্দেশ দিয়ে।

 

সঞ্জীৱ খিৰৱাৰ বৰ্তমান দিল্লীত প্ৰধান সচিব (ৰাজহ) হিচাপে কৰ্মৰত৷ আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সকলো ষ্টেডিয়াম খেলুৱৈৰ বাবে নিশা ১০ বজালৈকে মুকলি ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয়, এইটো মোৰ দৃষ্টিগোচৰ হৈছে যে খেলুৱৈসকলে গৰমৰ বাবে সমস্যাৰ সন্মুখীন হৈছে আৰু সন্ধিয়া ৬ বা ৭ বজাৰ ভিতৰতে ষ্টেডিয়ামসমূহ বন্ধ হৈ যায়। আমি নিৰ্দেশনা জাৰি কৰিছোঁ যে সকলো ক্ৰীড়া সুবিধা নিশা ১০ বজালৈ খোলা থাকিব লাগে যাতে খেলুৱৈসকলে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে৷

  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ