--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌনকৰ্ম সম্পৰ্কে উল্লেখযোগ্য নিৰ্দেশনা জাৰী কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আন ৫টা বৃত্তিৰ দৰে যৌনকৰ্মীসকলৰো আছে সম মৰ্যাদা আৰু সমান অধিকাৰ। এই বিষয়টো সোঁৱৰাই দিয়াৰ উপৰি দেশৰ উচ্চতম ন্যায়ালয়ে স্বেচ্ছাই যৌনকৰ্মত লিপ্ত হোৱা ব্যক্তিৰ ক্ষেত্ৰত আৰক্ষীৰ হস্তক্ষেপ আৰু অপৰাধমূলক গোচৰ ৰুজু কৰাৰ প্ৰৱণতাও ৰোধ কৰিছে ন্যায়ালয়ে।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত ৬টা নিৰ্দেশনা জাৰী কৰিছে। ইয়াৰ জৰিয়তে যৌনকৰ্মীসকলৰ অধিকাৰ সুৰক্ষিত হ’ব বুলি উচ্চতম ন্যায়ালয়ে সদৰী কৰিছে। বিচাৰপীঠে কয়, ‘আইনৰ দৃষ্টিত যৌনকৰ্মীসকলো সমান সুৰক্ষাৰ অধিকাৰী। যেতিয়া স্পষ্ট হৈ পৰে যে এজন যৌনকৰ্মী এজন প্ৰাপ্তবয়স্ক আৰু সন্মতি সাপেক্ষে নিজকে এই বৃত্তিত নিয়োগ কৰিছে তেতিয়া আৰক্ষীয়ে অযথা হস্তক্ষেপৰ পৰা বিৰত থাকিব লাগিব। কোনো অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। সংবিধানৰ ২১ নং অনুচ্ছেদে এই দেশৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱনৰ অধিকাৰ সুনিশ্চিত কৰিছে।’

বেশ্যালয় সমূহত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত যৌনকৰ্মীক গ্ৰেপ্তাৰ, শাস্তি বা হাৰাশাস্তি কৰা উচিত নহয় বুলি আদালতে স্পষ্ট কৰি দিয়ে। কাৰণ যৌনতা অবৈধ নহয়, কেৱল বেশ্যালয় চলোৱাটোহে অবৈধ।’

এগৰাকী মাতৃ যৌন কৰ্মত নিয়োজিত বুলি কাৰণ দৰ্শাই শিশুটিক মাতৃৰ পৰা আঁতৰাই নিব নোৱাৰিব বুলিও মত পোষণ কৰে ন্যায়ালয়ে। তদুপৰি যদি কোনো যৌনকৰ্মীয়ে তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লৈ আৰক্ষীৰ ওচৰলৈ যায়, তেন্তে আৰক্ষীয়ে সমানে মনোযোগেৰে বিষয়টো চাব লাগিব বুলিও জনায়। কোনো ঘটনা সংঘটিত হ’লে যৌনকৰ্মীৰ পৰিচয় ৰাজহুৱা কৰিব নালাগে বুলিও স্পষ্ট নিৰ্দেশ ন্যায়ালয়ৰ।

উল্লেখ্য যে, এই পৰামৰ্শ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ মতামতো বিচাৰিছিল। ২৮ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব। উক্তদিনা উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ শুনানি গ্ৰহণ কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ