ডিজিটেল ডেস্কঃ নিউয়ৰ্ক টাইম ট্ৰেভেলে ২০২৫ চনত ভ্ৰমণ কৰিবলগীয়া ৫২টা স্থানৰ তালিকা প্ৰস্তুত কৰিছে। উল্লেখযোগ্য যে ৫২ টা গন্তব্যস্থানৰ তালিকাত অসমে চতুৰ্থ স্থান দখল কৰিছে। অসম ভ্ৰমণৰ কেইটামান কাৰণ চাওঁ আহক।

চৰাইদেউ মৈদামঃ অসমৰ আহোম বংশৰ ৭০০ বছৰীয়া সমাধিৰ টিলা চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত ৰখা হৈছে ।

কামাখ্যা মন্দিৰঃ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ কামাখ্যা মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এটি জনপ্ৰিয় স্থান ৷ বহুকেইটা মন্দিৰৰ লগতে নীলাচল পাহাৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷ পাহাৰৰ পৰা পৰিলক্ষিত হোৱা ব্ৰহ্মপুত্ৰ তথা প্ৰাকৃতিক সৌন্দযৰ্তাই প্ৰতিগৰাকী দৰ্শনাৰ্থীৰে আপ্লুত কৰে ৷
চানডুবি বিলঃ চানডুবি বিল হৈছে অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে । প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয় । এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ এশিঙিয়া গড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা৷ এই স্থানৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশী-বিদেশী পৰ্যটকৰ সমাগম ঘটিছে ৷ বিভিন্ন প্ৰজাতিৰ পখিলাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰত এক অন্যতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ।

সোণাপুৰঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু নদীৰ কাষতে অৱস্থিত এই স্থান প্ৰাকৃতি সৌন্দৰ্যৰে ভৰপূৰ ৷ বৰ্তমান এসময়ত সোণাপুৰৰ আশে-পাশে দেখিবলৈ পোৱা প্ৰাকৃতিক দৃশ্য আৰু সৰিয়হৰ খেতিৰ সৌন্দৰ্যতা সঁচাকৈ অতুলনীয় ৷ ইয়াৰ সমীপত থকা বহুকেইটা জলপ্ৰপাত আছে ৷