--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ সোণামাৰ্গ পৰ্যটনস্থলীত সুখৰ বতৰা ৷ এতিয়া শীতকালতো খোলা থাকিব সোণামাৰ্গ পৰ্যটনস্থলী ৷ কিয়নো জেড-মোড় সুৰংগ মুকলি হোৱাৰ লগে লগে প্ৰচণ্ড বৰফ পৰিলেও অঞ্চলটো উপত্যকাৰ সৈতে সংযুক্ত হৈ থাকিব। এতিয়ালৈকে শীতকালত প্ৰচণ্ড বৰফ পৰাৰ বাবে উপত্যকাৰ পৰা সোণামাৰ্গলৈ যোৱা পথটো বিচ্ছিন্ন হৈ পৰিছিল। 

এই সুৰংগ মুকলি হ’লে পৰ্যটনত উত্থান ঘটিব আৰু দেশৰ প্ৰতিৰক্ষাৰ বাবেও ই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব জেড মোড় টানেল। ইয়াৰ বাবে শ্ৰীনগৰত প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি অৰ্থাৎ অনলাইনৰ যোগেদি উদ্বোধন কৰিব বুলি কোৱা হৈছিল কিন্তু এতিয়া বিষয়াসকলে কয় যে তেওঁ নিজেই উদ্বোধন কৰিবলৈ শ্ৰীনগৰলৈ আহিব। নিৰাপত্তাৰ বাবে ১২ জানুৱাৰীত উপত্যকাত উপস্থিত হ’ব এছ পি জি (স্পেচিয়েল প্ৰটেকচন গ্ৰুপ)। 

উদ্বোধনী অনুষ্ঠানটো সফল কৰাৰ বাবে স্থানীয় প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। এই সুৰংগ নিৰ্মাণে পৰ্যটক আৰু স্থানীয় বাসিন্দাৰ বাবে এক বৃহৎ সুবিধা হিচাপে প্ৰমাণিত হ’ব।

শীতকালত যেতিয়া উপত্যকাটো বৰফেৰে আৱৰি থাকে তেতিয়া সোণমাৰ্গ গৈ পোৱাটো অসম্ভৱ হৈ পৰে। এই সুৰংগই সোণামাৰ্গক গোটেই বছৰটো সুলভ কৰি তোলাই নহয়, জম্মু-কাশ্মীৰৰ পৰ্যটনকো বৃদ্ধি কৰিব। পৰ্যটকসকলে এতিয়া শীতকালতো সোণমাৰ্গৰ বৰফৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও জেড-ম’ড় সুৰংগৰ কৌশলগত গুৰুত্বও আছে। 

এই সুৰংগৰ জৰিয়তে দেশৰ উত্তৰ সীমান্তলৈ সামৰিক সা-সঁজুলি আৰু জোৱানক লৈ যোৱাত সুবিধা হ’ব। ভাৰতীয় সেনা আৰু অন্যান্য প্ৰতিৰক্ষা বাহিনীৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰকল্প বুলি গণ্য কৰা হয়। বিষয়াসকলে কয় যে এই সুৰংগৰ যোগেদি কঠিন বতৰতো যাব পাৰি, যাতে যিকোনো জৰুৰীকালীন অৱস্থাত নিৰাপত্তা বাহিনীয়ে দ্ৰুতভাৱে যোগাযোগ কৰিব পাৰে।

এই দুলেনযুক্ত সুৰংগটোৱে গগাংগীৰৰ পৰা সোণামাৰ্গলৈ যোৱা পথটো বাইপাছ কৰিব, যাৰ বাবে সোণামাৰ্গ প্ৰচণ্ড বৰফ পৰিলেও গোটেই বছৰটো পৰ্যটকৰ বাবে মুকলি হৈ থাকিব। এই সুৰংগটো মাত্ৰ ১৫ মিনিটতে পাৰ হ’ব পাৰে। জোজিলা সুৰংগৰ লগতে এই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সুৰংগটোৱে অমৰনাথ গুহা, কাৰ্গিল আৰু লাডাখৰ অন্যান্য অংশ সংযোগ কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা পৰ্যটন, অৰ্থনীতি আৰু স্থানীয় যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনো বৃদ্ধি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন