--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ সোণামাৰ্গ পৰ্যটনস্থলীত সুখৰ বতৰা ৷ এতিয়া শীতকালতো খোলা থাকিব সোণামাৰ্গ পৰ্যটনস্থলী ৷ কিয়নো জেড-মোড় সুৰংগ মুকলি হোৱাৰ লগে লগে প্ৰচণ্ড বৰফ পৰিলেও অঞ্চলটো উপত্যকাৰ সৈতে সংযুক্ত হৈ থাকিব। এতিয়ালৈকে শীতকালত প্ৰচণ্ড বৰফ পৰাৰ বাবে উপত্যকাৰ পৰা সোণামাৰ্গলৈ যোৱা পথটো বিচ্ছিন্ন হৈ পৰিছিল। 

এই সুৰংগ মুকলি হ’লে পৰ্যটনত উত্থান ঘটিব আৰু দেশৰ প্ৰতিৰক্ষাৰ বাবেও ই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব জেড মোড় টানেল। ইয়াৰ বাবে শ্ৰীনগৰত প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।

পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি অৰ্থাৎ অনলাইনৰ যোগেদি উদ্বোধন কৰিব বুলি কোৱা হৈছিল কিন্তু এতিয়া বিষয়াসকলে কয় যে তেওঁ নিজেই উদ্বোধন কৰিবলৈ শ্ৰীনগৰলৈ আহিব। নিৰাপত্তাৰ বাবে ১২ জানুৱাৰীত উপত্যকাত উপস্থিত হ’ব এছ পি জি (স্পেচিয়েল প্ৰটেকচন গ্ৰুপ)। 

উদ্বোধনী অনুষ্ঠানটো সফল কৰাৰ বাবে স্থানীয় প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। এই সুৰংগ নিৰ্মাণে পৰ্যটক আৰু স্থানীয় বাসিন্দাৰ বাবে এক বৃহৎ সুবিধা হিচাপে প্ৰমাণিত হ’ব।

শীতকালত যেতিয়া উপত্যকাটো বৰফেৰে আৱৰি থাকে তেতিয়া সোণমাৰ্গ গৈ পোৱাটো অসম্ভৱ হৈ পৰে। এই সুৰংগই সোণামাৰ্গক গোটেই বছৰটো সুলভ কৰি তোলাই নহয়, জম্মু-কাশ্মীৰৰ পৰ্যটনকো বৃদ্ধি কৰিব। পৰ্যটকসকলে এতিয়া শীতকালতো সোণমাৰ্গৰ বৰফৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও জেড-ম’ড় সুৰংগৰ কৌশলগত গুৰুত্বও আছে। 

এই সুৰংগৰ জৰিয়তে দেশৰ উত্তৰ সীমান্তলৈ সামৰিক সা-সঁজুলি আৰু জোৱানক লৈ যোৱাত সুবিধা হ’ব। ভাৰতীয় সেনা আৰু অন্যান্য প্ৰতিৰক্ষা বাহিনীৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰকল্প বুলি গণ্য কৰা হয়। বিষয়াসকলে কয় যে এই সুৰংগৰ যোগেদি কঠিন বতৰতো যাব পাৰি, যাতে যিকোনো জৰুৰীকালীন অৱস্থাত নিৰাপত্তা বাহিনীয়ে দ্ৰুতভাৱে যোগাযোগ কৰিব পাৰে।

এই দুলেনযুক্ত সুৰংগটোৱে গগাংগীৰৰ পৰা সোণামাৰ্গলৈ যোৱা পথটো বাইপাছ কৰিব, যাৰ বাবে সোণামাৰ্গ প্ৰচণ্ড বৰফ পৰিলেও গোটেই বছৰটো পৰ্যটকৰ বাবে মুকলি হৈ থাকিব। এই সুৰংগটো মাত্ৰ ১৫ মিনিটতে পাৰ হ’ব পাৰে। জোজিলা সুৰংগৰ লগতে এই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সুৰংগটোৱে অমৰনাথ গুহা, কাৰ্গিল আৰু লাডাখৰ অন্যান্য অংশ সংযোগ কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা পৰ্যটন, অৰ্থনীতি আৰু স্থানীয় যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনো বৃদ্ধি পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি