--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিতৰ্কই লগ নেৰা হৈছে ৰাহুল গান্ধীক। ৰাহুলৰ ইংলেণ্ড ভ্ৰমণক লৈ ইটোৰ পাছত সিটো বিতৰ্কৰ সূত্ৰপাত ঘটিছে। কংগ্ৰেছ নেতাগৰাকীয়ে কেম্বব্ৰিজৰ একাধিক কাৰ্যসূচীত ভাগ লৈ ভাৰতৰ শেহতীয়া স্থিতি তথা বিজেপিৰ শাসনক লৈ কৰা মন্তব্যক লৈ এফালে যিদৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে আনফালে দেশক ‘দীপ ষ্টেট’ত থকা বুলি কৈও বিতৰ্কৰ সূচনা কৰিছে। তাৰ মাজতে চেম পিট্ৰ’ডা আৰু বৃটিছ সাংসদ জেৰেমী ক’ৰবিনৰ সৈতে তেওঁৰ এখন আলোকচিত্ৰক লৈও চলিছে ব্যাপক বিতৰ্ক। পিছে ইমানতে বিতৰ্কৰ অন্ত হোৱা নাই। এইবাৰ আন এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

 

এটা সূত্ৰই প্ৰকাশ কৰা মতে ৰাহুল গান্ধীয়ে তেওঁৰ লণ্ডন ভ্ৰমণৰ বাবে বিদেশ মন্ত্ৰণালয়ৰ পৰা পলিটিকেল ক্লিয়াৰেন্স বা ৰাজনৈতিক অনুমোদন লোৱা নাছিল। ইয়াকে লৈও এতিয়া ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।নিয়ম অনুসৰি সংসদৰ সদস্যসকলে কোনো বিদেশ ভ্ৰমণৰ পূৰ্বে বিদেশ মন্ত্ৰণালয়ৰ পৰা অনুমতি ল’ব লাগে। অৰ্থাৎ ৰাজনৈতিক অনুমোদন গ্ৰহণ কৰাটো নিয়ম। মন্ত্ৰণালয়ৰ ৱেবছাইটত ভ্ৰমণৰ তিনি সপ্তাহৰ পূ্ৰ্বে সবিশেষ তথ্য সন্নিৱিষ্ট কৰি এই অনুমোদন লাভ কৰিব পাৰি।

 

সাধাৰণতে সকলো সাংসদে কোনো বিদেশৰ চৰকাৰৰ পাৰ অনুষ্ঠানত অংশ লোৱাৰ নিমন্ত্ৰণ লাভ কৰে বিদেশ মন্ত্ৰণালয়ৰ জৰিয়তে। যদিহে কোনো সাংসদে পোনপটীয়াকৈ নিমন্ত্ৰণ লাভ কৰে তেন্তে তেওঁলোকে এই বিষয়ে মন্ত্ৰণালয়ক অৱগত কৰিব লাগে। কিন্তু সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰাহুল গান্ধীয়ে এই বিষয়ে অৱগত কৰা নাছিল। তেওঁ বিদেশ ভ্ৰমণৰ পূৰ্বে বিদেশ মন্ত্রণালয়ৰ পৰা বাধ্যতামূলক অনুমোদনো গ্ৰহণ কৰা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত