--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিতৰ্কই লগ নেৰা হৈছে ৰাহুল গান্ধীক। ৰাহুলৰ ইংলেণ্ড ভ্ৰমণক লৈ ইটোৰ পাছত সিটো বিতৰ্কৰ সূত্ৰপাত ঘটিছে। কংগ্ৰেছ নেতাগৰাকীয়ে কেম্বব্ৰিজৰ একাধিক কাৰ্যসূচীত ভাগ লৈ ভাৰতৰ শেহতীয়া স্থিতি তথা বিজেপিৰ শাসনক লৈ কৰা মন্তব্যক লৈ এফালে যিদৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে আনফালে দেশক দীপ ষ্টেটত থকা বুলি কৈও বিতৰ্কৰ সূচনা কৰিছে। তাৰ মাজতে চেম পিট্ৰডা আৰু বৃটিছ সাংসদ জেৰেমী কৰবিনৰ সৈতে তেওঁৰ এখন আলোকচিত্ৰক লৈও চলিছে ব্যাপক বিতৰ্ক। পিছে ইমানতে বিতৰ্কৰ অন্ত হোৱা নাই। এইবাৰ আন এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

 

এটা সূত্ৰই প্ৰকাশ কৰা মতে ৰাহুল গান্ধীয়ে তেওঁৰ লণ্ডন ভ্ৰমণৰ বাবে বিদেশ মন্ত্ৰণালয়ৰ পৰা পলিটিকেল ক্লিয়াৰেন্স বা ৰাজনৈতিক অনুমোদন লোৱা নাছিল। ইয়াকে লৈও এতিয়া ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।নিয়ম অনুসৰি সংসদৰ সদস্যসকলে কোনো বিদেশ ভ্ৰমণৰ পূৰ্বে বিদেশ মন্ত্ৰণালয়ৰ পৰা অনুমতি লব লাগে। অৰ্থাৎ ৰাজনৈতিক অনুমোদন গ্ৰহণ কৰাটো নিয়ম। মন্ত্ৰণালয়ৰ ৱেবছাইটত ভ্ৰমণৰ তিনি সপ্তাহৰ পূ্ৰ্বে সবিশেষ তথ্য সন্নিৱিষ্ট কৰি এই অনুমোদন লাভ কৰিব পাৰি।

 

সাধাৰণতে সকলো সাংসদে কোনো বিদেশৰ চৰকাৰৰ পাৰ অনুষ্ঠানত অংশ লোৱাৰ নিমন্ত্ৰণ লাভ কৰে বিদেশ মন্ত্ৰণালয়ৰ জৰিয়তে। যদিহে কোনো সাংসদে পোনপটীয়াকৈ নিমন্ত্ৰণ লাভ কৰে তেন্তে তেওঁলোকে এই বিষয়ে মন্ত্ৰণালয়ক অৱগত কৰিব লাগে। কিন্তু সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰাহুল গান্ধীয়ে এই বিষয়ে অৱগত কৰা নাছিল। তেওঁ বিদেশ ভ্ৰমণৰ পূৰ্বে বিদেশ মন্ত্রণালয়ৰ পৰা বাধ্যতামূলক অনুমোদনো গ্ৰহণ কৰা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ