--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বড়োভূমিত চলিছে এতিয়া ৰাজনীতিৰ পাশাখেল৷ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ ৰাজনৈতিক অংকত পণবন্দী হৈ পৰিছে বিটিএডিৰ নাগৰিক৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰে ৰাজনৈতিক মিত্ৰতাৰ অৱসান ঘটাই বিগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিজেপি৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ মিত্ৰশক্তি হিচাপে বিটিএডিৰ ৰাজনীতিত বিপিএফৰ আছিল এক গুৰুত্ব আৰু ভূমিকা৷

পিছে, অসমত বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত হঠাৎ প্ৰেক্ষাপটৰ পৰা অন্তৰ্ধান হৈ পৰিছিল বিপিএফ৷ আৰু, বিজেপিৰ নতুন মিতিৰ হৈ পৰিছিল প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল৷ ইউপিপিএলৰ জৰিয়তে বিটিআৰত নিজৰ সাংগঠনিক ভেটিও সুদৃঢ় কৰাৰ প্ৰয়াস অব্যাহত ৰাখিলে বিজেপিয়ে৷ একেসময়তে বড়ো ৰাজনীতিত মুকলি বিভাজন ঘটাই প্ৰমোদ-হাগ্ৰামাক দুই মেৰুত অৱস্থান কৰোৱাত সফল হৈছিল বিজেপি৷

আৰু শেহতীয়াকৈ, পুনৰ বিজেপিৰ বৰঘৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে বিপিএফ-এ৷ বাক্সাৰ শিমলাত হাগ্ৰামা মহিলাৰীয়ে আজি কেইবাটাও বিস্ফোৰক মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ মন্তব্য কৰি কয়, দিল্লীত প্ৰমোদ বড়োই মোৰ লগত আলোচনা কৰিছে যে বিটিচিৰ পৰা বিজেপিক আউটকৰিব লাগে। বিটিচিৰ বিভিন্ন আঁচনিৰ নামত প্ৰমোদ বড়োই লুণ্ঠনৰাজ চলোৱাৰো অভিযোগ কৰে মহিলাৰীয়ে৷

প্ৰমোদ বড়োই বিটিআৰৰ ৰাইজৰ কাৰণে একো কাম নকৰে বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ৷ বিটিচিৰ বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰমোদ বড়োই বন্ধ কৰি ৰাখিছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে হাগ্ৰামা মহিলাৰীয়ে৷ একেদৰে, বিটিচিত প্ৰমোদ বড়োই পাঁচ বছৰ পূৰ্ণ কৰিব নোৱাৰে বুলি ভৱিষ্যদ্বাণী কৰে হাগ্ৰামা মহিলাৰীয়ে৷ বিটিচিৰ ককলাবাৰী পৰিষদীয় সমষ্টিত ২২ৰ ২৫ হাজাৰ ভোট লাভ কৰি বিপিএফৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি দাবী কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷

আনহাতে, বাক্সাৰ শালবাৰীত এগৰাকী কম্পিউটাৰ শিক্ষকে বড়ো সম্প্ৰদায়ৰ ছোৱালীৰ সতে চেলফী উঠাৰ অপৰাধত এবছুৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ সন্দৰ্ভতো মন্তব্য কৰি মহিলাৰীয়ে এবছুৱে এইটো বেয়া কাম কৰিছে বুলি উল্লেখ কৰে৷ চেলফি উঠাটো বেয়া কাম নহয় বুলি মন্তব্য কৰি তেওঁ প্ৰমোদ বড়োৰ লগতো বহুতে চেলফি উঠে, তেওঁক কিয় মৰা নাই বুলি প্ৰশ্ন কৰে৷ বিটিচি চৰকাৰ এবছুৱে চলাই আছে বুলিও অভিযোগ উত্থাপন কৰে মহিলাৰীয়ে৷ প্ৰমোদ বড়ো এবছুৰ সভাপতি আছিল সেয়ে তেওঁ যদি কাম কৰিব লাগে বড়ো জাতিৰ বাবেহে কাম কৰিব লাগে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা৷মহিলাৰীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান