--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বড়োভূমিত চলিছে এতিয়া ৰাজনীতিৰ পাশাখেল৷ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ ৰাজনৈতিক অংকত পণবন্দী হৈ পৰিছে বিটিএডিৰ নাগৰিক৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰে ৰাজনৈতিক মিত্ৰতাৰ অৱসান ঘটাই বিগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিজেপি৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ মিত্ৰশক্তি হিচাপে বিটিএডিৰ ৰাজনীতিত বিপিএফৰ আছিল এক গুৰুত্ব আৰু ভূমিকা৷

পিছে, অসমত বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত হঠাৎ প্ৰেক্ষাপটৰ পৰা অন্তৰ্ধান হৈ পৰিছিল বিপিএফ৷ আৰু, বিজেপিৰ নতুন মিতিৰ হৈ পৰিছিল প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল৷ ইউপিপিএলৰ জৰিয়তে বিটিআৰত নিজৰ সাংগঠনিক ভেটিও সুদৃঢ় কৰাৰ প্ৰয়াস অব্যাহত ৰাখিলে বিজেপিয়ে৷ একেসময়তে বড়ো ৰাজনীতিত মুকলি বিভাজন ঘটাই প্ৰমোদ-হাগ্ৰামাক দুই মেৰুত অৱস্থান কৰোৱাত সফল হৈছিল বিজেপি৷

আৰু শেহতীয়াকৈ, পুনৰ বিজেপিৰ বৰঘৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে বিপিএফ-এ৷ বাক্সাৰ শিমলাত হাগ্ৰামা মহিলাৰীয়ে আজি কেইবাটাও বিস্ফোৰক মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ মন্তব্য কৰি কয়, দিল্লীত প্ৰমোদ বড়োই মোৰ লগত আলোচনা কৰিছে যে বিটিচিৰ পৰা বিজেপিক আউটকৰিব লাগে। বিটিচিৰ বিভিন্ন আঁচনিৰ নামত প্ৰমোদ বড়োই লুণ্ঠনৰাজ চলোৱাৰো অভিযোগ কৰে মহিলাৰীয়ে৷

প্ৰমোদ বড়োই বিটিআৰৰ ৰাইজৰ কাৰণে একো কাম নকৰে বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ৷ বিটিচিৰ বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰমোদ বড়োই বন্ধ কৰি ৰাখিছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে হাগ্ৰামা মহিলাৰীয়ে৷ একেদৰে, বিটিচিত প্ৰমোদ বড়োই পাঁচ বছৰ পূৰ্ণ কৰিব নোৱাৰে বুলি ভৱিষ্যদ্বাণী কৰে হাগ্ৰামা মহিলাৰীয়ে৷ বিটিচিৰ ককলাবাৰী পৰিষদীয় সমষ্টিত ২২ৰ ২৫ হাজাৰ ভোট লাভ কৰি বিপিএফৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি দাবী কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷

আনহাতে, বাক্সাৰ শালবাৰীত এগৰাকী কম্পিউটাৰ শিক্ষকে বড়ো সম্প্ৰদায়ৰ ছোৱালীৰ সতে চেলফী উঠাৰ অপৰাধত এবছুৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ সন্দৰ্ভতো মন্তব্য কৰি মহিলাৰীয়ে এবছুৱে এইটো বেয়া কাম কৰিছে বুলি উল্লেখ কৰে৷ চেলফি উঠাটো বেয়া কাম নহয় বুলি মন্তব্য কৰি তেওঁ প্ৰমোদ বড়োৰ লগতো বহুতে চেলফি উঠে, তেওঁক কিয় মৰা নাই বুলি প্ৰশ্ন কৰে৷ বিটিচি চৰকাৰ এবছুৱে চলাই আছে বুলিও অভিযোগ উত্থাপন কৰে মহিলাৰীয়ে৷ প্ৰমোদ বড়ো এবছুৰ সভাপতি আছিল সেয়ে তেওঁ যদি কাম কৰিব লাগে বড়ো জাতিৰ বাবেহে কাম কৰিব লাগে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা৷মহিলাৰীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ