--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূৰ্ণ গতিত চলি আছে ৰঞ্জি ট্ৰফী ২০২৪-২৫৷ দেখিবলৈ পোৱা গৈছে ভাৰতৰ ঘৰুৱা ক্ৰিকেট প্ৰতিভাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। এলিট আৰু প্লেট ডিভিজনত মুঠ ৩৮ টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ৰঞ্জী ট্ৰফীৰ বাবে সাজু হৈছে অসমৰ ক্ৰিকেট দল৷ 

৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিল নাডুৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাই৷

অসমৰ দলত স্থান লাভ কৰা খেলুৱৈসকল হৈছে ডেনিছ দাস(অধিনায়ক),মুখতাৰ হুচেইন(উপ অধিনায়ক), দৰ্শন ৰাজবংশী, মৃণ্ময় দত্ত, ভাৰ্গৱ দত্ত, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুছাৰাফ, সুমিত ঘাদিগাঁওকাৰ(উইকেটকীপাৰ), ৰুহিনন্দন পেগু(উইকেটকীপাৰ), ঋষভ দাস, শুভম মন্ডল, শিৱশংকৰ ৰয়, ৰোহিত সিং আৰু জিতু আলী৷

আসমৰ ক্ৰিকেট সন্থাই মুখ্য প্ৰশিক্ষক হিচাপে বিবেক জয়চিমা; প্ৰশিক্ষক-  ধীৰাজ গোস্বামী; ট্ৰেইনাৰ- ৰাহুল পাণ্ডে; ফিজিঅ'- ভীষ্ম প্ৰতাপ সিং, ভিডিঅ' বিশ্লেষক- ৰাজেশ শৰ্মা, মালিচকাৰী-হৰি কৃষণ; থ্ৰ’ডাউন সহযোগী- কাৰ্তিক তালুকদাৰ আৰু শুভংকৰ দে আৰু মেনেজাৰ সুদীপ চক্ৰৱৰ্তী নাম ঘোষণা কৰিছে৷

এক বিজ্ঞপ্তিত অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই এই কথা প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে স্পৰ্টছ-১৮ নেটৱৰ্কত সম্প্ৰচাৰিত হ’ব আৰু জিঅ'চিনেমা আৰু ৱেবছাইটতো মেচবোৰ সম্প্ৰচাৰিত হ’ব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement