--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূৰ্ণ গতিত চলি আছে ৰঞ্জি ট্ৰফী ২০২৪-২৫৷ দেখিবলৈ পোৱা গৈছে ভাৰতৰ ঘৰুৱা ক্ৰিকেট প্ৰতিভাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। এলিট আৰু প্লেট ডিভিজনত মুঠ ৩৮ টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ৰঞ্জী ট্ৰফীৰ বাবে সাজু হৈছে অসমৰ ক্ৰিকেট দল৷ 

৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিল নাডুৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে অসম ক্ৰিকেট সন্থাই৷

অসমৰ দলত স্থান লাভ কৰা খেলুৱৈসকল হৈছে ডেনিছ দাস(অধিনায়ক),মুখতাৰ হুচেইন(উপ অধিনায়ক), দৰ্শন ৰাজবংশী, মৃণ্ময় দত্ত, ভাৰ্গৱ দত্ত, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুছাৰাফ, সুমিত ঘাদিগাঁওকাৰ(উইকেটকীপাৰ), ৰুহিনন্দন পেগু(উইকেটকীপাৰ), ঋষভ দাস, শুভম মন্ডল, শিৱশংকৰ ৰয়, ৰোহিত সিং আৰু জিতু আলী৷

আসমৰ ক্ৰিকেট সন্থাই মুখ্য প্ৰশিক্ষক হিচাপে বিবেক জয়চিমা; প্ৰশিক্ষক-  ধীৰাজ গোস্বামী; ট্ৰেইনাৰ- ৰাহুল পাণ্ডে; ফিজিঅ'- ভীষ্ম প্ৰতাপ সিং, ভিডিঅ' বিশ্লেষক- ৰাজেশ শৰ্মা, মালিচকাৰী-হৰি কৃষণ; থ্ৰ’ডাউন সহযোগী- কাৰ্তিক তালুকদাৰ আৰু শুভংকৰ দে আৰু মেনেজাৰ সুদীপ চক্ৰৱৰ্তী নাম ঘোষণা কৰিছে৷

এক বিজ্ঞপ্তিত অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই এই কথা প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে স্পৰ্টছ-১৮ নেটৱৰ্কত সম্প্ৰচাৰিত হ’ব আৰু জিঅ'চিনেমা আৰু ৱেবছাইটতো মেচবোৰ সম্প্ৰচাৰিত হ’ব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post