--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নখৰ(Nail) ওপৰতো নিৰ্ভৰ কৰে মানুহৰ স্বাস্থ্য। নখৰ পৰিৱৰ্তনেও সূচায় আপোনাৰ শাৰীৰিক অৱস্থা বৰ্তমান কেনে। কলেষ্টেৰল(Cholesterol) বেছি হ'লে শৰীৰত বহুতো পৰিৱৰ্তন হয় কিন্তু আপুনি জানেনে যে ইয়াৰ প্ৰভাৱ নখৰ ওপৰতো পৰে। অৰ্থাৎ আপোনাৰ নখবোৰ চাই আপুনি জানিব পাৰে যে আপোনাৰ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ ঠিক আছে নে নাই। আপোনাৰ নখৰ ৰং সলনি হ'লে আপুনি সাৱধান হোৱা দৰকাৰ। নখৰ পৰিৱৰ্তনবোৰৰ বিষয়ে জানো আহক-  

১)নখ হালধীয়া হোৱা 

যদি আপোনাৰ নখবোৰ হালধীয়া হৈ পৰিছে, তেন্তে আপুনি অলপ সতৰ্ক হ'ব লাগিব, কিয়নো ই বুজায় যে শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হবলৈ ধৰিছে। আৰু ই বুজায় যে আপোনাৰ ৰক্ত সঞ্চালন সঠিকভাৱে হোৱা নাই, যাৰ ফলত নখবোৰো ফাটিবলৈ আৰম্ভ কৰে আৰু নখৰ বিকাশো বন্ধ হয়। 

২)হাতত জিনজিননি হোৱাৰ অনুভৱ

আপুনি হাতত জিনজিননি অনুভৱ কৰে নেকি। যদি আপুনি বাৰে বাৰে জিনজিননি অনুভৱ কৰে তেন্তে সতৰ্ক হ'ব, কিয়নো ই উচ্চ কলেষ্টেৰলৰ লক্ষণ।  দৰাচলতে মেদবহুলতা আৰু কলেষ্টেৰল বৃদ্ধিৰ ফলত হাতত জিনজিননি হয়। 

৩) নখ ফাটি যোৱা

যদি আপোনাৰ নখ বাৰে বাৰে ফাটি ফাটি যায় তেন্তে বুজিব যে আপোনাৰ শৰীৰত কলেষ্টেৰলৰ স্তৰ অধিক হৈছে।


কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ উপায়

-প্ৰথমতে আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু এই সময়ছোৱাত আপুনি আহাৰত সেউজীয়া পাচলি খাব লাগিব।

-অধিক ফল খাব, ই শাৰীৰিক কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব।

-প্ৰতিদিনে ব্যায়াম কৰাটো অভ্যাস কৰক। ই আপোনাৰ শৰীৰটো সুস্থ ৰাখিব। কলেষ্টেৰলৰ স্তৰ সঠিক মাত্ৰাত ৰাখিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত