--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পদিনা অসমীয়া সমাজত অতি জনপ্ৰিয়। পদিনাৰ চাট্‌নি বেয়া পোৱা মানুহ হয়তো নায়েই৷ বিশেষকৈ কেঁচা আমৰ লগত পদিনাৰ চাট্‌নিৰ সোৱাদ অতুলনীয়৷ বহু মানুহে চাহ, চৰ্বত আদিতো পদিনা পাত ব্যৱহাৰ কৰে। পদিনা এবিধ বাৰমহীয়া সুগন্ধিযুক্ত বনৌষধি। ই যে অকল সোৱাদবিশিষ্ট তেনে নহয়, পদিনাৰ আছে বহুতো ঔষধি গুণ৷ ইয়াক ঠাইবিশেষে পদুনা নামেৰেও জনা যায়৷ ইয়াৰ বৈজ্ঞানিক নাম মেন্থা স্পাইকেটা ( Mentha spicata )৷ পদিনা সহজতে আমাৰ বাৰীত পোৱা যায়। 

সুস্বাস্থ্যৰ বাবে পদিনা কিমান উপকাৰী জানো আহক

১)পদিনাত পোৱা পটাচিয়ামে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰে৷

২)পদিনাৰ পাত চোবাই খালে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পায়'ৰিয়া আদি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৩)পদিনাৰ ৪-৫ টা পাত লৈ পানীত উতলাৱক আৰু সেই পানী মুখত লৈ কুলকুলি কৰিলে মুখৰ দুৰ্গন্ধ আঁতৰ হয়।

৪)পদিনাৰ পাত মিহলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয়।

৫) পদিনাৰ ৰস ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখি, পৰুৱা আদি পলাই যায়।

৬) পদিনাই তেজ পৰিষ্কাৰ কৰে আৰু ৰক্তসঞ্চালন ক্ৰিয়া মজবুত কৰে৷

৭)পদিনাৰ পাত পিহি তাৰ প্ৰলেপ মুখত লগালে বা তাৰ ভাপ ললে শালমইনা, বিভিন্ন দাগ,মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয়।

৮) হঠাতে পেট বিষ হলে পদিনাৰ সজীৱ ৰসৰ লগত আদা আৰু সৈন্ধৱ লৱণ মিহলাই সেৱন কৰিলে লাভ হয়।

৯) যদি কাহ হয়,তেন্তে পদিনা মিহলাই তৈয়াৰ কৰা চাহৰ লগত অকণমান নিমখ দি খালে আৰাম পোৱা যায়।

১০)পদিনাৰ পাতৰ সজীৱ ৰস ক্ষয়ৰোগ,এজমা আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগত উপকাৰী।

১১)পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলে চৰ্দি,পানীলগা,জ্বৰ আদি ৰোগ উপশম হয়। লগতে নিমুনিয়াৰ দ্বাৰা দেখা দিয়া লক্ষণসমূহো নষ্ট হৈ যায়।

১২)পদিনাত যথেষ্ট এণ্টিঅক্সিডেণ্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তাই ৰাখে৷

১৩) পদিনা সেৱনে মহিলাৰ অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰে৷

১৪) প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কমকৈ প্ৰস্ৰাৱ হোৱা, মূত্ৰনলীৰ সংক্ৰমণ দূৰ কৰাত পদিনাৰ চৰবত উপযোগী৷ 

১৫)কৃমি হ’লে ৰাতিপুৱা খালী পেটত পদিনাৰ ৰস গৰম পানীৰ লগত মিহলাই খাব লাগে৷

১৬)বিছাই ডাকিলে পদিনাৰ পাত মোহাৰি বিছা লগা স্থানত ঘহিলে বিষ উপশম হয়৷

গতিকে এনে অনেক ঔষধি গুণৰ অধিকাৰী পদিনা আমি নিময়িতভাৱে সেৱন কৰি নিজক সুস্বাস্থ্যৱান আৰু ৰোগমুক্ত কৰি ৰাখো আহক৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ