--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ধিত বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলীত উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰিছিল আতচবাজীৰ ব্যৱহাৰ৷ তাৰ পাছতো দিল্লীত আতচবাজী জ্বলোৱাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।কিয় অমান্য কৰা হ’ল উচ্চতম ন্যায়ালয়ৰ আদেশ? কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়৷

দিল্লী/এনচিআৰত ফটকা ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল, তথাপিও উলংঘা কৰা হ’ল এই নিষেধাজ্ঞা।উচ্চতম ন্যায়ালয়ে আতচবাজীৰ ব্যৱহাৰৰ বাবে হঠাতে বায়ুৰ গুণাগুণ হ্ৰাস পোৱা বুলি উল্লেখ কৰি কয় যে যদি আদালতৰ আদেশ কাৰ্যকৰী কৰা নহয় তেন্তে আদালতৰ আদেশৰ গুৰুত্ব ক’ত থাকিল? লগতে কয় যে ২০২২, ২০২৩ চনৰ তুলনাত এইবাৰ অধিক প্ৰদূষণ হৈছে বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে৷

দিল্লীত ফটকা নিষিদ্ধ কৰাৰ পিছতো এই আদেশ কাৰ্যকৰী কৰিব নোৱাৰাৰ বাবে উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী আয়ুক্তলৈ এক জাননী জাৰি কৰিছে। দিল্লী প্ৰদূষণ সন্দৰ্ভত শুনানিত উচ্চতম ন্যায়ালয়ে দীপাৱলীত আতচবাজীৰ ব্যৱহাৰ বিষয়ত কঠোৰ ভৱে কয় যে আদালতৰ নিৰ্দেশ দিল্লীত কিয় কাৰ্যকৰী হোৱা নাই আৰু উত্তৰ বিচাৰিছে দিল্লী চৰকাৰৰ পৰা। প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিছে।ৰাজহুৱা প্ৰচাৰৰ বাবে লোৱা পদক্ষেপসমূহো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব লাগে বুলি উল্লেখ কৰিছে আদালতে।

দিল্লী আৰক্ষীক এই সন্দৰ্ভত কিছু ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে, যাতে অগলৈ ইয়াৰ পুনৰাবৃত্তি নহয়৷ আৰু উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী আয়ুক্তক এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আহ্বান জনাইছে৷

উচ্চতম ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যইও বিগত ১০ দিনত আতচবাজীৰ ব্যৱহাৰ সবিশেষ জনাই শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।এই দীপাৱলীত প্ৰদূষণ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছে। ১৪ নৱেম্বৰত আদালতে এই দিশসমূহৰ ওপৰত পৰৱৰ্তি শুনানি গ্ৰহণ কৰিব বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়