--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ধিত বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলীত উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰিছিল আতচবাজীৰ ব্যৱহাৰ৷ তাৰ পাছতো দিল্লীত আতচবাজী জ্বলোৱাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।কিয় অমান্য কৰা হ’ল উচ্চতম ন্যায়ালয়ৰ আদেশ? কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়৷

দিল্লী/এনচিআৰত ফটকা ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল, তথাপিও উলংঘা কৰা হ’ল এই নিষেধাজ্ঞা।উচ্চতম ন্যায়ালয়ে আতচবাজীৰ ব্যৱহাৰৰ বাবে হঠাতে বায়ুৰ গুণাগুণ হ্ৰাস পোৱা বুলি উল্লেখ কৰি কয় যে যদি আদালতৰ আদেশ কাৰ্যকৰী কৰা নহয় তেন্তে আদালতৰ আদেশৰ গুৰুত্ব ক’ত থাকিল? লগতে কয় যে ২০২২, ২০২৩ চনৰ তুলনাত এইবাৰ অধিক প্ৰদূষণ হৈছে বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে৷

দিল্লীত ফটকা নিষিদ্ধ কৰাৰ পিছতো এই আদেশ কাৰ্যকৰী কৰিব নোৱাৰাৰ বাবে উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী আয়ুক্তলৈ এক জাননী জাৰি কৰিছে। দিল্লী প্ৰদূষণ সন্দৰ্ভত শুনানিত উচ্চতম ন্যায়ালয়ে দীপাৱলীত আতচবাজীৰ ব্যৱহাৰ বিষয়ত কঠোৰ ভৱে কয় যে আদালতৰ নিৰ্দেশ দিল্লীত কিয় কাৰ্যকৰী হোৱা নাই আৰু উত্তৰ বিচাৰিছে দিল্লী চৰকাৰৰ পৰা। প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ দিছে।ৰাজহুৱা প্ৰচাৰৰ বাবে লোৱা পদক্ষেপসমূহো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব লাগে বুলি উল্লেখ কৰিছে আদালতে।

দিল্লী আৰক্ষীক এই সন্দৰ্ভত কিছু ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে, যাতে অগলৈ ইয়াৰ পুনৰাবৃত্তি নহয়৷ আৰু উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষী আয়ুক্তক এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ আহ্বান জনাইছে৷

উচ্চতম ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যইও বিগত ১০ দিনত আতচবাজীৰ ব্যৱহাৰ সবিশেষ জনাই শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।এই দীপাৱলীত প্ৰদূষণ সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছে। ১৪ নৱেম্বৰত আদালতে এই দিশসমূহৰ ওপৰত পৰৱৰ্তি শুনানি গ্ৰহণ কৰিব বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ