--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰেমগুৰু ছলমান খানৰ বয়স  ৬০ ঘৰ ছুৱেহে আৰু তথাপি ঘৰখন পাতিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই তেওঁ। কম বয়সতে একাধিক প্ৰেমিকাৰ সৈতে জড়িত হৈ পৰিলেও তেওঁলোক আজি আন কাৰোবাৰ জীৱনসংগী। শেহতীয়াকৈ, ছলমান খান আৰু অভিনেত্ৰী ঐশ্বৰ্য  ৰায়ৰ প্ৰেম কাহিনী পুনৰ চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে। এসময়ত তেওঁলোকৰ যুটিটো আছিল ছুপাৰ ডুপাৰ হিট। প্ৰতিজন দম্পতীকে তেওঁলোকৰ প্ৰেমৰ উদাহৰণ দিয়া হৈছিল এসময়ত। দুয়োৰে মাজত ইমানেই গভীৰ প্ৰেম আছিল যে এই সম্পৰ্কই দাম্পত্য জীৱনলৈ বাট ল’ব বুলিয়েই ধাৰণা কৰি লৈছিল একাংশই। কিন্তু এনেহেন এটা ভাল সম্পৰ্কৰ মাজত হঠাত কিয় ফাট মেলিছিল সেই বিষয়ে অৱশ্যে স্পষ্ট ধাৰণা নাই কাৰোৱেই।

মন কৰিবলগীয়া যে, বলীউডৰ জনপ্ৰিয় চিনেমা ‘হুম দিল দে চুকে চনম’ৰ কাম কৰি থাকোঁতে ছলমান খান আৰু ঐশ্বৰ্য ৰায় ইজনে সিজনৰ ঘনিষ্ঠ হৈ পৰিছিল। তেওঁলোকৰ মাজত এনে মধুৰ সম্পৰ্কৰ উৰাবাতৰি সমগ্ৰ বলিউড উদ্যোগটোত বনজুইৰ দৰে ব‌িয়পি পৰিছিল। অৱশ্যে, ভবামতে, নহ’ল সকলো কথা। অন্ত পৰিল দুয়োৰে মাজৰ সম্পৰ্কৰ। যদিও বিচ্ছেদৰ কাৰণ সম্পৰ্কে বহু মতানৈক্য আছিল যদিও পিছত গম পোৱা গ’ল যে ভাইজানে ঐশ্বৰ্যৰ গাত হাত তুলিব বিচাৰিছিল।সংবাদ মাধ্যমৰ সন্মুখত এই কথা নিজেই স্বীকাৰ কৰিছে বলীউড ছেনশ্যেছন ঐশ্বৰ্য ৰায়ে।

ঐশ্বলৰ্যৰ এনে বক্তব্যৰ প্ৰত্যুত্তৰত সম্প্ৰতি ছলমান খানে এনে মন্তব্য কৰিছে যে, তাক শু‌নি এতিয়া অবাক নেটিজেন। ছলমানৰ স্পষ্ট মত, ‘মই ঐশ্বৰ্যৰ গাত হাত তোলাহেঁতেন, তেওঁ কিন্তু ৰক্ষা নাপালেহেঁতেন।’ ইয়াৰ পিছতে অন কেমেৰাত খং উঠা ছলমানে সেই সাক্ষাৎকাৰটিত চেটৰ টেবুল ভাঙি পেলাইছিল। এক কথাত ক’বলৈ গ’লে ছলমান খানে ঐশ্বৰ্যৰ বিৰুদ্ধে হাত তোলা থকাটো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। শেহতীয়াকৈ, ইণ্টাৰনেট জগতত ছলমান খানৰ এই কথা ভাইৰেল হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত