--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰেমগুৰু ছলমান খানৰ বয়স  ৬০ ঘৰ ছুৱেহে আৰু তথাপি ঘৰখন পাতিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই তেওঁ। কম বয়সতে একাধিক প্ৰেমিকাৰ সৈতে জড়িত হৈ পৰিলেও তেওঁলোক আজি আন কাৰোবাৰ জীৱনসংগীশেহতীয়াকৈ, ছলমান খান আৰু অভিনেত্ৰী ঐশ্বৰ্য  ৰায়ৰ প্ৰেম কাহিনী পুনৰ চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে। এসময়ত তেওঁলোকৰ যুটিটো আছিল ছুপাৰ ডুপাৰ হিট। প্ৰতিজন দম্পতীকে তেওঁলোকৰ প্ৰেমৰ উদাহৰণ দিয়া হৈছিল এসময়ত। দুয়োৰে মাজত ইমানেই গভীৰ প্ৰেম আছিল যে এই সম্পৰ্কই দাম্পত্য জীৱনলৈ বাট ল’ব বুলিয়েই ধাৰণা কৰি লৈছিল একাংশই। কিন্তু এনেহেন এটা ভাল সম্পৰ্কৰ মাজত হঠাত কিয় ফাট মেলিছিল সেই বিষয়ে অৱশ্যে স্পষ্ট ধাৰণা নাই কাৰোৱেই।

মন কৰিবলগীয়া যে, বলীউডৰ জনপ্ৰিয় চিনেমা হুম দিল দে চুকে নমৰ কাম কৰি থাকোঁতে ছলমান খান আৰু ঐশ্বৰ্য ৰায় ইজনে সিজনৰ ঘনিষ্ঠ হৈ পৰিছিল। তেওঁলোকৰ মাজত এনে মধুৰ সম্পৰ্কৰ উৰাবাতৰি সমগ্ৰ বলিউড উদ্যোগটোত বনজুইৰ দৰে ব‌িয়পি পৰিছিল। অৱশ্যে, ভবামতে, নহ’ল সকলো কথা। অন্ত পৰিল দুয়োৰে মাজৰ সম্পৰ্কৰ। যদিও বিচ্ছেদৰ কাৰণ সম্পৰ্কে বহু মতানৈক্য আছিল যদিও পিছত গম পোৱা গল যে ভাইজানে ঐশ্বৰ্যৰ গাত হাত তুলিব বিচাৰিছিল।সংবাদ মাধ্যমৰ সন্মুখত এই কথা নিজেই স্বীকাৰ কৰিছে বলীউড ছেনশ্যেছন ঐশ্বৰ্য ৰায়ে।

ঐশ্বলৰ্যৰ এনে বক্তব্যৰ প্ৰত্যুত্তৰত সম্প্ৰতি ছলমান খানে এনে মন্তব্য কৰিছে যে, তাক শু‌নি এতিয়া অবাক নেটিজেন। ছলমানৰ স্পষ্ট মত, ‘মই ঐশ্বৰ্যৰ গাত হাত তোলাহেঁতেন, তেওঁ কিন্তু ৰক্ষা নাপালেহেঁতেন।’ ইয়াৰ পিছতে অন কেমেৰাত খং উঠা ছলমানে সেই সাক্ষাৎকাৰটিত চেটৰ টেবুল ভাঙি পেলাইছিল। এক কথাত কবলৈ গলে ছলমান খানে ঐশ্বৰ্যৰ বিৰুদ্ধে হাত তোলা থকাটো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। শেহতীয়াকৈ, ইণ্টাৰনেট জগতত ছলমান খানৰ এই কথা ভাইৰেল হৈ পৰিছে



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ