--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ বক্স অফিচত মুখথেকেচা খোৱাৰ উপক্ৰম ঘটিছে অক্ষয় কুমাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ৰ। বিগ বাজেটৰ চিনেমাখনক লৈ দেশৰ শাসকীয় পক্ষই বিশেষ আগ্ৰহ প্ৰদৰ্শন কৰিছে যদিও সাধাৰণ দৰ্শকে বিশেষ আগ্ৰহ, আকৰ্ষণ দেখুওৱা পৰিলক্ষিত হোৱা নাই। বক্স অফিচত অক্ষয়ৰ এই নতুন ছবিৰ আয় মধ্যমীয়া ধৰণৰ বুলিব পাৰি। অক্ষয়ৰ লগতে মানুষী ছিল্লাৰ, সঞ্জয় দত্ত আৰু নু ছুড দৰে তাৰকাই অভিনয় কৰা 'সম্ৰাট পৃথ্বীৰাজ' -এ ৩ জুনত মুক্তি লাভ কৰিছিল

 

বহু চৰ্চিত এই ছবিখনক লৈ অক্ষয় কুমাৰে ব্যাপক আশা কৰা দেখা গৈছিলকিন্তু ইমানৰ পাছতো চন্দ্ৰপ্ৰকাশ দ্বিবেদী পৰিচালিত ছবিখনে বক্স অফিচত প্ৰথম দিনা ১০.৫ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই আয় মধ্যমীয়া বুলি অভিহিত কৰা হৈছে। মন কৰিবলগীয়া যে, অক্ষয় কুমাৰৰ পূৰ্বৰ ফ্লপ ছবি বচ্চন পাণ্ডেৰ আৰম্ভণি ৰেকৰ্ডো ভাঙিবলৈ সক্ষম হোৱা নাই 'সম্ৰাট পৃথ্বীৰাজ’-এ।


মুক্তিৰ প্ৰথম দিনটোক অক্ষয়ৰ ছবিখনে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দৰে ৰাজ্যৰ পৰা আটাইতকৈ বেছি লাভান্বিত হোৱা দেখিবলৈ পোৱা গৈছেহিন্দু সম্ৰাট পৃথ্বিৰাজৰ কাহিনীৰ প্ৰতি মধ্য প্ৰদেশ, গুজৰাটৰ লগতে বিহাৰতো দৰ্শকৰ আগ্ৰহ দেখিবলৈ পোৱা গৈছিল। জানিব পৰা মতে 'সম্ৰাট পৃথ্বীৰাজ' উত্তৰ প্ৰদেশত আটাইতকৈ বেছিসংখ্যক লোকে চাইছে তাৰ পাছতো অক্ষয়ৰ ছবিখনে সমগ্ৰ দেশত প্ৰথম দিনা ১০.৫ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয় অৰ্থাৎ তেওঁৰ এই ছবিখনৰ প্ৰতি দেশৰ সকলো স্তৰৰ লোকৰ আগ্ৰহ আৰু আকৰ্ষণ দেখিবলৈ পোৱা হোৱা নাই।



তাৎৰ্যপূৰ্ণভাৱে কাৰ্তিক আৰিয়ান অভিনীত 'ভুল ভুলাইয়া 'ৰ ব্যৱসায়ো অক্ষয়ৰ এই নতুন ছবিতকৈ বেছি ভাল আছিল। আৰিয়ানৰ ছবিখনে প্ৰথম দিনা ১৩৪ কোটি টকাৰ উপাৰ্জন কৰিছিল। অক্ষয় কুমাৰৰ 'সম্ৰাট পৃথ্বীতৰাজ' এই বছৰৰ বহু প্ৰত্যাশিত চিনেমা আছিল। অক্ষয় কুমাৰৰ নেতৃত্বত ছবিখনৰ টীমে ব্যাপক প্ৰচাৰো চলাইছিল। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, উত্তৰাখণ্ডত ছবিখন ৰমুক্ত কৰা হৈছিল। এনে পৰিস্থিতিত, বিশ্বাস কৰা হৈছিল যে 'সম্ৰাট পৃথ্বীৰাজ'ৰ আৰম্ভণি ভাল হ'ব। ইফালে, 'সম্ৰাট পৃথ্বীৰাজ'  ছবিখন সমগ্ৰ দেশৰ ৩,৭৫০খন পৰ্দাত মুক্তি দিয়া হৈছিল। এনে পৰিপ্ৰেক্ষিততো ছবিখনৰ প্ৰতি আকাংক্ষা আছিল বেছি। ৩০০ কোটি টকাৰ বৃহৎ বাজেটেৰে নিৰ্মিত 'সম্ৰাট পৃথ্বীৰাজে সফল্য অৰ্জন কৰিব নে নাই সেয়া সময়েহে ক’ব যদিও বলীউডৰ বিভিন্ন তাৰকাৰ ছবিয়ে এনেদৰে ব্যৰ্থতাৰ মুখ দেখাটো চিন্তাৰ বিষয় হৈ পৰিছে।

 

কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল যে, কংগনা অভিনীত ‘ধাকড়’ৰ এদিনত মাত্ৰ ২০ জন লোকে চোৱাক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল। বিজেপিৰ মুখপাত্ৰৰ দৰে কাম কৰি অহা বাবেই কংগনাৰ প্ৰতি সাধাৰণ চলচ্চিত্ৰপ্ৰেমীৰ আগ্ৰহ নাইকিয়া হোৱা বুলি কোৱা হৈছিল। অক্ষয়ৰ ক্ষেত্ৰতো একে কথা হৈছে নেকি বুলিও চৰ্চা চলিছে।    


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ