--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ বক্স অফিচত মুখথেকেচা খোৱাৰ উপক্ৰম ঘটিছে অক্ষয় কুমাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ৰ। বিগ বাজেটৰ চিনেমাখনক লৈ দেশৰ শাসকীয় পক্ষই বিশেষ আগ্ৰহ প্ৰদৰ্শন কৰিছে যদিও সাধাৰণ দৰ্শকে বিশেষ আগ্ৰহ, আকৰ্ষণ দেখুওৱা পৰিলক্ষিত হোৱা নাই। বক্স অফিচত অক্ষয়ৰ এই নতুন ছবিৰ আয় মধ্যমীয়া ধৰণৰ বুলিব পাৰি। অক্ষয়ৰ লগতে মানুষী ছিল্লাৰ, সঞ্জয় দত্ত আৰু নু ছুড দৰে তাৰকাই অভিনয় কৰা 'সম্ৰাট পৃথ্বীৰাজ' -এ ৩ জুনত মুক্তি লাভ কৰিছিল

 

বহু চৰ্চিত এই ছবিখনক লৈ অক্ষয় কুমাৰে ব্যাপক আশা কৰা দেখা গৈছিলকিন্তু ইমানৰ পাছতো চন্দ্ৰপ্ৰকাশ দ্বিবেদী পৰিচালিত ছবিখনে বক্স অফিচত প্ৰথম দিনা ১০.৫ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই আয় মধ্যমীয়া বুলি অভিহিত কৰা হৈছে। মন কৰিবলগীয়া যে, অক্ষয় কুমাৰৰ পূৰ্বৰ ফ্লপ ছবি বচ্চন পাণ্ডেৰ আৰম্ভণি ৰেকৰ্ডো ভাঙিবলৈ সক্ষম হোৱা নাই 'সম্ৰাট পৃথ্বীৰাজ’-এ।


মুক্তিৰ প্ৰথম দিনটোক অক্ষয়ৰ ছবিখনে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দৰে ৰাজ্যৰ পৰা আটাইতকৈ বেছি লাভান্বিত হোৱা দেখিবলৈ পোৱা গৈছেহিন্দু সম্ৰাট পৃথ্বিৰাজৰ কাহিনীৰ প্ৰতি মধ্য প্ৰদেশ, গুজৰাটৰ লগতে বিহাৰতো দৰ্শকৰ আগ্ৰহ দেখিবলৈ পোৱা গৈছিল। জানিব পৰা মতে 'সম্ৰাট পৃথ্বীৰাজ' উত্তৰ প্ৰদেশত আটাইতকৈ বেছিসংখ্যক লোকে চাইছে তাৰ পাছতো অক্ষয়ৰ ছবিখনে সমগ্ৰ দেশত প্ৰথম দিনা ১০.৫ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয় অৰ্থাৎ তেওঁৰ এই ছবিখনৰ প্ৰতি দেশৰ সকলো স্তৰৰ লোকৰ আগ্ৰহ আৰু আকৰ্ষণ দেখিবলৈ পোৱা হোৱা নাই।



তাৎৰ্যপূৰ্ণভাৱে কাৰ্তিক আৰিয়ান অভিনীত 'ভুল ভুলাইয়া 'ৰ ব্যৱসায়ো অক্ষয়ৰ এই নতুন ছবিতকৈ বেছি ভাল আছিল। আৰিয়ানৰ ছবিখনে প্ৰথম দিনা ১৩৪ কোটি টকাৰ উপাৰ্জন কৰিছিল। অক্ষয় কুমাৰৰ 'সম্ৰাট পৃথ্বীতৰাজ' এই বছৰৰ বহু প্ৰত্যাশিত চিনেমা আছিল। অক্ষয় কুমাৰৰ নেতৃত্বত ছবিখনৰ টীমে ব্যাপক প্ৰচাৰো চলাইছিল। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, উত্তৰাখণ্ডত ছবিখন ৰমুক্ত কৰা হৈছিল। এনে পৰিস্থিতিত, বিশ্বাস কৰা হৈছিল যে 'সম্ৰাট পৃথ্বীৰাজ'ৰ আৰম্ভণি ভাল হ'ব। ইফালে, 'সম্ৰাট পৃথ্বীৰাজ'  ছবিখন সমগ্ৰ দেশৰ ৩,৭৫০খন পৰ্দাত মুক্তি দিয়া হৈছিল। এনে পৰিপ্ৰেক্ষিততো ছবিখনৰ প্ৰতি আকাংক্ষা আছিল বেছি। ৩০০ কোটি টকাৰ বৃহৎ বাজেটেৰে নিৰ্মিত 'সম্ৰাট পৃথ্বীৰাজে সফল্য অৰ্জন কৰিব নে নাই সেয়া সময়েহে ক’ব যদিও বলীউডৰ বিভিন্ন তাৰকাৰ ছবিয়ে এনেদৰে ব্যৰ্থতাৰ মুখ দেখাটো চিন্তাৰ বিষয় হৈ পৰিছে।

 

কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল যে, কংগনা অভিনীত ‘ধাকড়’ৰ এদিনত মাত্ৰ ২০ জন লোকে চোৱাক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল। বিজেপিৰ মুখপাত্ৰৰ দৰে কাম কৰি অহা বাবেই কংগনাৰ প্ৰতি সাধাৰণ চলচ্চিত্ৰপ্ৰেমীৰ আগ্ৰহ নাইকিয়া হোৱা বুলি কোৱা হৈছিল। অক্ষয়ৰ ক্ষেত্ৰতো একে কথা হৈছে নেকি বুলিও চৰ্চা চলিছে।    


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান