--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন সাধাৰণ মানুহৰ দৰেই ৰাজপথেৰে খোজকাঢ়িছে অমিতাভ বচ্চনে। বাটৰুৱাই ৰূপালী পৰ্দাৰ ছুপাৰষ্টাৰজনক এনেকৈ দেখি আপ্লুত হৈ পৰাটো স্বাভাৱিক। বলীউডৰ বিগ বিয়ে এনেদৰে অকলে খোজকঢ়া কথাটো পিছে বিশ্বাসত ল’ব পৰা নাই বাটৰ বাটৰুৱাই!

দৰাচলতে, ব্যক্তিজন অমিতাভ বচ্চন নহয়; তেওঁৰ দৰে হুবহু একে মুখ আৰু শাৰীৰিক গঠনৰ আন কোনোবা। তাৰকাৰ দৰে চুলি কটা, কথা কোৱা আৰু খোজকঢ়াৰ ভংগী অনুকৰণ কৰা দেখা যায় বহুতকে।

বলীউড শ্বেহেনশ্বাহৰ এনে আচাৰ-ব্যৱহাৰক ইয়াৰ আগতেও বহুতে নকল কৰিছে। টেলিভিছনৰ পৰ্দাতো তেওঁক অনুকৰণ কৰা দেখিবলৈ পোৱা যায় প্ৰায়ে। কিন্তু অমিতাভৰ অনুকৰণ কৰি নিশা ভাৰতৰ ৰাজপথত খোজ কাঢ়ি যোৱা মানুহজনে সকলোৰে চকু কপালত তুলিছে। এফালে অমিতাভৰ দৰেই তেওঁৰ আচাৰ-ব্যৱহাৰ, আনফালে তেওঁৰ শাৰিৰীক গঠন কিম্বা আকাৰো সাইলাখ শ্বেহেনশ্বাহৰ দৰেই। আৰু শেহতীয়াকৈ নকল অমিতাভে খোজকঢ়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ভাৰতীয় সংবাদ মাধ্যমত। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে অমিতাভৰ 'শ্বেহেনশ্বাহ'ৰ গীত 'অন্ধেৰী ৰাতো মেইন' বাজি আছে, আৰু ভুৱা অমিতাভ বচ্চনে নীৰৱ ৰাজপথত খোজ কাঢ়িছে।

হিন্দুস্তান টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশ পোৱা মতে, এই ব্যক্তিজনৰ নাম শশীকান্ত পেৰৱাল। পুনেৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে তেওঁ। কেৱল মাত্ৰ দেখিবলৈ শশীকান্ত ৬ ফুট ওখ অমিতাভৰ দৰে নহয়। মাতটোতো আছে মিল। 

মন কৰিবলগীয়া যে, বলীউডৰ বহু ছুপাৰষ্টাৰৰ সাইলাখ একেই ৰূপৰ মিমিক্ৰী কৰা দেখা যায়। এই কথাবোৰে ৰোমাঞ্চিত কৰি তোলে নেটিজেনক। শশীকান্তইয়ো অমিতাভৰ সাইলাখ ৰূপেৰে দিছেহি চমক...!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ