--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত বাৰে বাৰে মুদ্ৰাস্ফীতিৰ জোকাৰণি অনুভৱ কৰি আহিছে জনসাধাৰণে। এতিয়া ৰাজ্যসমূহৰ অন্যতম বৃহৎ গাখীৰ যোগান কোম্পানী আমুলে গাখীৰৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আমুল গাখীৰ বিক্ৰী কৰা গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰকেটিং ফেডাৰেচনে ( GCMMF)  অমুল গাখীৰৰ দাম ৪ শতাংশ বৃদ্ধি কৰিছে, তাৰ পাছত প্ৰতি লিটাৰত ২ টকাকৈ ব্যয়বহুল হ’ব গাখীৰ। ইয়াৰ উপৰিও মাডাৰ ডেইৰী প্ৰতি লিটাৰত গাখীৰৰ দামও ২ টকা বৃদ্ধি কৰিছে।

আমুল গাখীৰৰ দাম ০২ টকা বৃদ্ধি হোৱাৰ পাছত অমুল গোল্ড, আমুল শক্তি আৰু আমুল তাজাৰ দাম বৃদ্ধি পাব। কাইলৈ ​​অৰ্থাৎ ১৭ আগষ্টৰ পৰা আমুল আৰু মাডাৰ ডেইৰী দুয়োটাৰে নতুন গাখীৰৰ মূল্য প্ৰযোজ্য হ’ব। ইয়াৰ পিছত এতিয়া আমুল গ'ল্ড হাৰ প্ৰতি লিটাৰত ৬২ টকা, আমুল শক্তি প্ৰতি লিটাৰত ৫৬ টকা আৰু আমুল তাজাৰ প্ৰতি লিটাৰত ৫০ টকা হ’ব। আধা কেজি আমুল গোল্ডৰ এটা পেকেটৰ দাম হ’ব ৩১ টকা আৰু আমুল ফ্ৰেছৰ পেকেটৰ দাম হ’ব ২৫ টকা। একে সময়তে অমুল শক্তিৰ আধা কেজি পেকেটৰ দাম হ’ব ২৮ টকা।

এই বৃদ্ধিৰ পাছত এতিয়া মাদাৰ ডেইৰী ফুল ক্ৰীম মিল্কে লাভ কৰিব প্ৰতিলিটাৰত ৬১ টকা। ইয়াৰ পূৰ্বে প্ৰতি লিটাৰত লাভ কৰিছিল ৫৯ টকা। আনহাতে গৰুৰ গাখীৰ এতিয়া প্ৰতিলিটাৰত ৫৩ টকাত উপলব্ধ হ’ব। ইয়াৰ লগে লগে টোকেন মিল্কে এতিয়া লাভ কৰিব ৪৬ টকাৰ পৰিৱৰ্তে ৪৮ টকা প্ৰতি লিটাৰত।

তথ্য অনুসৰি কোম্পানীটোৰ মুঠ খৰচ আৰু পৰিচালনা ব্যয় বৃদ্ধি হোৱাৰ বাবে কোম্পানীয়ে গাখীৰৰ দাম বৃদ্ধি কৰিছে। বছৰৰ পিছত বছৰ ধৰি গৰু-ম’হ খুৱাবৰ বাবে ব্যয় ২০ শতাংশ বৃদ্ধি পাইছে। আনহাতে কৃষকক দিয়া দামসমূহো বিগত বৰ্ষত ৮-৯ শতাংশ বৃদ্ধি কৰা হৈছে। এনেবোৰ কাৰণতে গাখীৰৰ দাম বৃদ্ধি পাইছে বুলি জানিব পাৰি।

ইয়াৰ পূৰ্বে মাৰ্চ মাহত কোম্পানীয়ে দাম বৃদ্ধি কৰিছিল, আমুলে পূৰ্বে মাৰ্চ মাহত পেকেটত ভৰোৱা আৰু সতেজ গাখীৰৰ দাম ২ টকাকৈ বৃদ্ধি কৰিছিল। ইয়াৰ আঁৰত কোম্পানীটোৱে ব্যয়বহুল পেট্ৰ’ল আৰু ডিজেলৰ বাবে পৰিবহণৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ