--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধান গাখীৰ বিক্ৰেতা প্ৰতিষ্ঠান অমুল আৰু মাদাৰ ডেইৰীয়ে যোৱা ছমাহত প্ৰায় ৮ শতাংশ গাখীৰৰ দাম বৃদ্ধি কৰিছে। এই সপ্তাহত পুনৰ বৃদ্ধি পালে দুয়োটা দুগ্ধ কোম্পানীৰে পেকেট কৰা গাখীৰৰ দাম। ইয়াৰ প্ৰভাৱ দিল্লী, মুম্বাইকে ধৰি বহু সৰু সৰু চহৰত দেখা পোৱা যায়। দিল্লী, মুম্বাই, কলকাতা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মানুহে ফুল ক্ৰীম গাখীৰৰ বাবে প্ৰতি লিটাৰত প্ৰায় ৬১ টকা, টনযুক্ত গাখীৰৰ বাবে প্ৰতি লিটাৰত প্ৰায় ৫১ টকা আৰু ডাবল টন গাখীৰৰ পেকেটত প্ৰতি লিটাৰত প্ৰায় ৪৫ টকা ।

অৱশ্যে আপুনি জানি আচৰিত হ’ব যে কৰ্ণাটকৰ মানুহে এতিয়াও অতি কম দামত গাখীৰ পাই আছে। বেংগালুৰুত গাখীৰৰ দাম বৃদ্ধি হোৱাৰ পাছতো কৰ্ণাটকত প্ৰতি লিটাৰত ৩৮ৰ পৰা ৪৬ টকা।

মূল্যবৃদ্ধিৰ সন্দৰ্ভত কি ক’লে কোম্পানীটোৱে?

আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে যোৱা ১৬ আগষ্টত ঘোষণা কৰিছিল যে অহা ১৭ আগষ্টৰ পৰা আহমেদাবাদ আৰু সৌৰাষ্ট্ৰত প্ৰতি লিটাৰত ২ টকাকৈ গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুজৰাট, দিল্লী এন চি আৰ, পশ্চিম বংগ, মুম্বাই আদি বজাৰত। প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিলে এম আৰ পি ৪% বৃদ্ধি পাব। কোম্পানীটোৱে দাবী কৰা মতে, পৰিচালনা আৰু গাখীৰ উৎপাদনৰ মুঠ ব্যয় বৃদ্ধি পোৱাৰ বাবেই এই মূল্যবৃদ্ধি প্ৰয়োজনীয়। কেৱল গৰু-ম’হক খুৱাবলৈ ব্যয় পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় ২০% বৃদ্ধি পাইছে। জিচিএমএমএফৰ বিষয়াসকলে কয় যে ইনপুট খৰচ বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই আমাৰ সদস্য সংঘসমূহে বিগত বছৰৰ তুলনাত কৃষকৰ মূল্য ৮-৯% বৃদ্ধি কৰিছে। 

অৱশ্যে বেংগালুৰুত কথা ক’লেও এইখন চহৰত পূৰ্ণ ক্ৰীম গাখীৰ প্ৰতি লিটাৰত ৪৬ টকা লাভ কৰি আছে। অৰ্থাৎ আন চহৰৰ তুলনাত এতিয়াও প্ৰতি লিটাৰত ১৫ টকা সস্তা। একেদৰে ইয়াত প্ৰতি লিটাৰত টন গাখীৰ লাভ কৰিছে ৩৮ টকা, যিটো আন চহৰৰ তুলনাত ১৩ টকা কম। দৰাচলতে ২০০৮ চনৰ পৰা কৃষকৰ পৰা ক্ৰয়ৰ হাৰত কৰ্ণাটক চৰকাৰে দুগ্ধ সংঘক ইনক্ৰিমেণ্ট( প্ৰলোভন)  দি আহিছে। ইয়াক প্ৰথমে য়েদিয়ুৰাপ্পা চৰকাৰে আৰম্ভ কৰিছিল আৰু তাৰ পিছত প্ৰতি লিটাৰত ইনক্ৰিমেণ্টৰ হাৰ আছিল ০২ টকা। ২০১৩ চনত কংগ্ৰেছ চৰকাৰে প্ৰতি লিটাৰত ৫ টকালৈ বৃদ্ধি কৰিছিল। পৰৱৰ্তী সময়ত য়েদিয়ুৰাপ্পা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত প্ৰতি লিটাৰত ০৬ টকালৈ বৃদ্ধি কৰা হয়। কৰ্ণাটকত কে এম এফে নন্দিনী নামৰ ব্ৰেণ্ডে গাখীৰ বিক্ৰী কৰে








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ