--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধান গাখীৰ বিক্ৰেতা প্ৰতিষ্ঠান অমুল আৰু মাদাৰ ডেইৰীয়ে যোৱা ছমাহত প্ৰায় ৮ শতাংশ গাখীৰৰ দাম বৃদ্ধি কৰিছে। এই সপ্তাহত পুনৰ বৃদ্ধি পালে দুয়োটা দুগ্ধ কোম্পানীৰে পেকেট কৰা গাখীৰৰ দাম। ইয়াৰ প্ৰভাৱ দিল্লী, মুম্বাইকে ধৰি বহু সৰু সৰু চহৰত দেখা পোৱা যায়। দিল্লী, মুম্বাই, কলকাতা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মানুহে ফুল ক্ৰীম গাখীৰৰ বাবে প্ৰতি লিটাৰত প্ৰায় ৬১ টকা, টনযুক্ত গাখীৰৰ বাবে প্ৰতি লিটাৰত প্ৰায় ৫১ টকা আৰু ডাবল টন গাখীৰৰ পেকেটত প্ৰতি লিটাৰত প্ৰায় ৪৫ টকা ।

অৱশ্যে আপুনি জানি আচৰিত হ’ব যে কৰ্ণাটকৰ মানুহে এতিয়াও অতি কম দামত গাখীৰ পাই আছে। বেংগালুৰুত গাখীৰৰ দাম বৃদ্ধি হোৱাৰ পাছতো কৰ্ণাটকত প্ৰতি লিটাৰত ৩৮ৰ পৰা ৪৬ টকা।

মূল্যবৃদ্ধিৰ সন্দৰ্ভত কি ক’লে কোম্পানীটোৱে?

আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে যোৱা ১৬ আগষ্টত ঘোষণা কৰিছিল যে অহা ১৭ আগষ্টৰ পৰা আহমেদাবাদ আৰু সৌৰাষ্ট্ৰত প্ৰতি লিটাৰত ২ টকাকৈ গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুজৰাট, দিল্লী এন চি আৰ, পশ্চিম বংগ, মুম্বাই আদি বজাৰত। প্ৰতি লিটাৰত ২ টকা বৃদ্ধি কৰিলে এম আৰ পি ৪% বৃদ্ধি পাব। কোম্পানীটোৱে দাবী কৰা মতে, পৰিচালনা আৰু গাখীৰ উৎপাদনৰ মুঠ ব্যয় বৃদ্ধি পোৱাৰ বাবেই এই মূল্যবৃদ্ধি প্ৰয়োজনীয়। কেৱল গৰু-ম’হক খুৱাবলৈ ব্যয় পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় ২০% বৃদ্ধি পাইছে। জিচিএমএমএফৰ বিষয়াসকলে কয় যে ইনপুট খৰচ বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই আমাৰ সদস্য সংঘসমূহে বিগত বছৰৰ তুলনাত কৃষকৰ মূল্য ৮-৯% বৃদ্ধি কৰিছে। 

অৱশ্যে বেংগালুৰুত কথা ক’লেও এইখন চহৰত পূৰ্ণ ক্ৰীম গাখীৰ প্ৰতি লিটাৰত ৪৬ টকা লাভ কৰি আছে। অৰ্থাৎ আন চহৰৰ তুলনাত এতিয়াও প্ৰতি লিটাৰত ১৫ টকা সস্তা। একেদৰে ইয়াত প্ৰতি লিটাৰত টন গাখীৰ লাভ কৰিছে ৩৮ টকা, যিটো আন চহৰৰ তুলনাত ১৩ টকা কম। দৰাচলতে ২০০৮ চনৰ পৰা কৃষকৰ পৰা ক্ৰয়ৰ হাৰত কৰ্ণাটক চৰকাৰে দুগ্ধ সংঘক ইনক্ৰিমেণ্ট( প্ৰলোভন)  দি আহিছে। ইয়াক প্ৰথমে য়েদিয়ুৰাপ্পা চৰকাৰে আৰম্ভ কৰিছিল আৰু তাৰ পিছত প্ৰতি লিটাৰত ইনক্ৰিমেণ্টৰ হাৰ আছিল ০২ টকা। ২০১৩ চনত কংগ্ৰেছ চৰকাৰে প্ৰতি লিটাৰত ৫ টকালৈ বৃদ্ধি কৰিছিল। পৰৱৰ্তী সময়ত য়েদিয়ুৰাপ্পা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত প্ৰতি লিটাৰত ০৬ টকালৈ বৃদ্ধি কৰা হয়। কৰ্ণাটকত কে এম এফে নন্দিনী নামৰ ব্ৰেণ্ডে গাখীৰ বিক্ৰী কৰে








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে