--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰৈ নাথাকিল হাৰ্দিক পাণ্ডিয়াৰ বেট। যোৱা কেইটামান ইনিংছত তেওঁ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। পাণ্ডিয়াই পুনৰবাৰ বিস্ফোৰক ইনিংছ খেলি বৰোদাক জয়ৰ দিশে আগুৱাই নিছে। চৈয়দ মুস্তাক আলী ট্ৰফীৰ এখন খেলত তেওঁ ত্ৰিপুৰাৰ বিৰুদ্ধে ৪৭ ৰান সংগ্ৰহ কৰে। এই ইনিংছত তেওঁ মুঠ ৫টা ছয় আৰু ৩টা চাৰি  কোবায়। পাণ্ডিয়াৰ ইনিংছৰ আধাৰত বৰোদাই মাত্ৰ ১১.২ অভাৰতে জয়লাভ কৰে।

ত্ৰিপুৰাই দিয়া টাৰ্গেট খেদি যোৱা বৰোদা দলৰ হৈ চাৰি নম্বৰত বেটিং কৰিবলৈ আহিছিল হাৰ্দিকে। তেওঁ ২৩টা বলত ৪৭ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত পাণ্ডিয়াই ৩টা চাৰি আৰু ৫টা ছয় মাৰিবলৈ সক্ষম হয়। বৰোদাৰ ইনিংছত  ত্ৰিপুৰাৰ হৈ দশম অভাৰত পাৰভেজ চুলতানে বলিং কৰিছিল। চুলতানৰ অভাৰত পাণ্ডিয়াই চাৰিটা ছয় আৰু এটা চাৰিটা কৰে। এই অভাৰৰ পৰা তেওঁ ২৮ ৰান সংগ্ৰহ কৰে।


বিগত কেইবাটাও ইনিংছত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে হাৰ্দিকে। বৰোদাৰ হৈ অন্তিমখন খেল খেলিছিল তামিলনাডুৰ বিৰুদ্ধে। এই মেচখনত পাণ্ডিয়াই ৬৯ ৰানৰ ইনিংছ খেলিছিল। তেওঁ উত্তৰাখণ্ডৰ বিৰুদ্ধে অপৰাজিত ৪১ ৰান সংগ্ৰহ কৰিছিল। এই মেচত তেওঁ ১টা উইকেটো দখল কৰে।

ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত খেলা খেলখনত ত্ৰিপুৰাই প্ৰথমে বেটিং কৰি ১০৯ ৰান সংগ্ৰহ কৰে। এইখনত অধিনায়ক মনদ্বীপ সিঙে অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪০টা বলত ৫০ ৰান সংগ্ৰহ কৰে। বৰোদাৰ হৈ বলিং কৰি থাকোঁতে অধিনায়ক ক্ৰুনাল পাণ্ডিয়াই ২টা উইকেট দখল কৰে। আনহাতে অভিমন্যু সিঙে ৩টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত বৰোদাই ১১.২ অভাৰত ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। তাৰ বাবে পাণ্ডিয়াৰ লগতে মিতেশ পেটেলেও সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৩৭ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব