--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰৈ নাথাকিল হাৰ্দিক পাণ্ডিয়াৰ বেট। যোৱা কেইটামান ইনিংছত তেওঁ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। পাণ্ডিয়াই পুনৰবাৰ বিস্ফোৰক ইনিংছ খেলি বৰোদাক জয়ৰ দিশে আগুৱাই নিছে। চৈয়দ মুস্তাক আলী ট্ৰফীৰ এখন খেলত তেওঁ ত্ৰিপুৰাৰ বিৰুদ্ধে ৪৭ ৰান সংগ্ৰহ কৰে। এই ইনিংছত তেওঁ মুঠ ৫টা ছয় আৰু ৩টা চাৰি  কোবায়। পাণ্ডিয়াৰ ইনিংছৰ আধাৰত বৰোদাই মাত্ৰ ১১.২ অভাৰতে জয়লাভ কৰে।

ত্ৰিপুৰাই দিয়া টাৰ্গেট খেদি যোৱা বৰোদা দলৰ হৈ চাৰি নম্বৰত বেটিং কৰিবলৈ আহিছিল হাৰ্দিকে। তেওঁ ২৩টা বলত ৪৭ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত পাণ্ডিয়াই ৩টা চাৰি আৰু ৫টা ছয় মাৰিবলৈ সক্ষম হয়। বৰোদাৰ ইনিংছত  ত্ৰিপুৰাৰ হৈ দশম অভাৰত পাৰভেজ চুলতানে বলিং কৰিছিল। চুলতানৰ অভাৰত পাণ্ডিয়াই চাৰিটা ছয় আৰু এটা চাৰিটা কৰে। এই অভাৰৰ পৰা তেওঁ ২৮ ৰান সংগ্ৰহ কৰে।


বিগত কেইবাটাও ইনিংছত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে হাৰ্দিকে। বৰোদাৰ হৈ অন্তিমখন খেল খেলিছিল তামিলনাডুৰ বিৰুদ্ধে। এই মেচখনত পাণ্ডিয়াই ৬৯ ৰানৰ ইনিংছ খেলিছিল। তেওঁ উত্তৰাখণ্ডৰ বিৰুদ্ধে অপৰাজিত ৪১ ৰান সংগ্ৰহ কৰিছিল। এই মেচত তেওঁ ১টা উইকেটো দখল কৰে।

ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত খেলা খেলখনত ত্ৰিপুৰাই প্ৰথমে বেটিং কৰি ১০৯ ৰান সংগ্ৰহ কৰে। এইখনত অধিনায়ক মনদ্বীপ সিঙে অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪০টা বলত ৫০ ৰান সংগ্ৰহ কৰে। বৰোদাৰ হৈ বলিং কৰি থাকোঁতে অধিনায়ক ক্ৰুনাল পাণ্ডিয়াই ২টা উইকেট দখল কৰে। আনহাতে অভিমন্যু সিঙে ৩টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত বৰোদাই ১১.২ অভাৰত ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। তাৰ বাবে পাণ্ডিয়াৰ লগতে মিতেশ পেটেলেও সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৩৭ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ