--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না মহামাৰী আৰু লকডাউন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষা এতিয়া বহুতো বিদ্যালয়-মহাবিদ্যালয়ত প্ৰচলিত হৈ আছে। ইয়াৰ মাজতে অনলাইন অধ্যয়নৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন গেজেটৰ প্ৰৱণতাও বৃদ্ধি পাইছে। মোবাইল-লেপটপত ঘণ্টা ঘণ্টা ধৰি অনলাইন অধ্যয়ন কৰোতে শিশুৱে বিভিন্ন প্ৰকাৰৰ আই-গেজেট ব্যৱহাৰ কৰি আছে, যি তেওঁলোকৰ চকুত অত্যন্ত বেয়া প্ৰভাৱ পেলাইছে। নিউ পানভেলৰ আৰজে শংকৰ চকু চিকিৎসালয়ে কৰা শেহতীয়া এক গৱেষণা অনুসৰি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত 'অস্পষ্ট-দৃষ্টি'ৰ সমস্যা নিৰন্তৰ বৃদ্ধি পাবলৈ ধৰিছে। ইয়াক প্ৰতিসৰণ ত্ৰুটি বুলি কোৱা হয়। ইয়াত ৰোগীৰ চকুৰে ৰেটিনাত পোহৰ কেন্দ্ৰীভূত কৰিব নোৱাৰাৰ সমস্যাৰ সৃষ্টি কৰে। ডিজিটেল আই স্ট্ৰেইন (ডিইএছ)ৰ দৰে ঘটনা নিতৌ বৃদ্ধি পাব ধৰিছে। চিকিৎসালয়খনে ২৪৭টা শিশুৰ ওপৰত কৰা গৱেষণাত প্ৰায় ৭৯টা শিশুৰ চকুত এই চকুৰ ত্ৰুটিৰ লক্ষণ দেখা পোৱা গৈছে, যি ১০-১৫ শতাংশৰ স্বাভাৱিক প্ৰৱণতাৰ তুলনাত ৩২ শতাংশ আছিল। চকু সম্পৰ্কীয় এই ৰোগত ব্যক্তিজনৰ চকুৰ দৃষ্টি অস্পষ্ট হৈ পৰে আৰু সাধাৰণ লক্ষণবোৰৰ ভিতৰত আছে মূৰৰ বিষ। দীৰ্ঘদিন ধৰি মূৰৰ বিষ হৈ থকা ফলত গুৰুতৰ ডিজিটেল চকুৰ চাপ (ডিইএছ) সৃষ্টি কৰিব পাৰে। ইণ্ডিয়ান জাৰ্নেল অব অপথালমোলজীত শেহতীয়াকৈ প্ৰকাশিত আন এক অধ্যয়ন অনুসৰি গৱেষণাটোত অংশগ্ৰহণ কৰা ২১৭জন শিক্ষাৰ্থীৰ ভিতৰত ১০৯জন ডিইএছত ভুগি থকা দেখা গৈছিল, যাৰ ভিতৰত ২৬ শতাংশৰ মৃদু লক্ষণ আছিল, ১৩ শতাংশ মধ্যমীয়াভাৱে প্ৰভাৱিত হৈছিল আৰু ১১ শতাংশ গুৰুতৰ আছিল। ডিইএছৰ আটাইতকৈ সচৰাচৰ লক্ষণবোৰ হ'ল চকু খজুৱতি আৰু মূৰৰ বিষ। মহামাৰীৰ সময়ত বিদ্যালয় বন্ধ হোৱাৰ পিছত আৰম্ভ কৰা অনলাইন শিক্ষা আৰু ই-লাৰ্ণিঙৰ বাবে ৩৬ শতাংশ শিক্ষাৰ্থীয়ে মোবাইল ব্যৱহাৰৰ কৰাৰ গড় সময় ৫ ঘণ্টালৈ বৃদ্ধি হৈছিল। আন এক অধ্যয়ন অনুসৰি ডিজিটেল ডিভাইচত দিনে ৪-৫ ঘণ্টা অতিবাহিত কৰা শিক্ষাৰ্থীসকলৰ বাবে ডিইএছৰ বিপদাশংকা যথেষ্ট বৃদ্ধি পাইছে। আৰ জে শংকৰ চকু চিকিৎসালয়ৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ অংকিতাই কয় যে ‘যদি আমি প্ৰাৰম্ভিক পৰ্যায়ত ডিইএছৰ দৰে সমস্যাত আক্ৰান্ত হওঁ, চকু ৰোগ বিশেষজ্ঞই ইয়াৰ গুৰুতৰ লক্ষণবোৰ প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ডাঃ অংকিতাৰ মতে ‘ভিজন থেৰাপীক বিশেষ গ্লাছ, ফিল্টাৰ, প্ৰিজম আৰু কম্পিউটাৰ সহায়ৰ দ্বাৰা চিকিৎসা কৰা হয়। ইয়াত চিকিৎসকে ৰোগীৰ চকুৰ ওপৰত মনোযোগ, সমন্বয় আৰু ট্ৰেকিং উন্নত কৰে। এইটো ক্লিনিক বা ঘৰতো কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ