--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ বাবে এতিয়া ভাল সময় চলি থকা নাই। তেওঁ দীৰ্ঘদিন ধৰি দুৰ্বল ফৰ্মহীনতাত ভূগি আছে। বহুদিন ধৰি তেওঁ বেটেৰে ৰাণ কৰিবলৈকো সক্ষম হোৱা নাই। তেওঁ ইতিমধ্যে আই পি এলতো দুৰ্বল ফৰ্মৰ বাবে অনুৰাগীৰ সমালোচনাৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত, বিৰাট কোহলীক আগন্তুক টি-২০ শৃংখলাত ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাদ দিব পাৰে বুলি এতিয়া বহুতে আশংকা ব্যক্ত কৰিছে। 

খবৰটো উলাই অহাৰ পাছৰে পৰা, ভাৰতীয় অভিনেতা কমল ৰছিদ খানে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে। বিৰাটৰ ফৰ্ম সন্দৰ্ভত মন্তব্য কৰি কেআৰকে-য়ে অনুষ্কা শৰ্মাক তীব্ৰ আক্ৰমণ কৰে। কেআৰকে টুইটাৰত টুইট কৰিছে, "যেতিয়া অনুষ্কা শৰ্মাৰ বিবাহ বিচ্ছেদ হ'ব তেতিয়া বিৰাট ফৰ্মলৈ ঘূৰি আহিব পাৰিব।" 

কেআৰকেৰ মন্তব্যৰ পিছত নেটিজেনসকলে  কমল আৰ খানৰ মন্তব্যক সামূহিকভাৱে ট্ৰ'ল কৰিছে। কোনোবাই লিখিছিল, 'একেবাৰে নিৰ্লজ্জ মানুহ', আৰু কোনোবাই তেওঁক পুনৰ লিখিছিল, 'অতি নিম্ন খাপৰ চিন্তা... এই মানুহজনৰ কোনো মানৱতা নাই।

ঘটনাক্ৰমে, চলিত আই পি এলত বিৰাট কোহলীয়ে এতিয়ালৈকে ভাল সময় অতিবাহিত কৰা নাই। যদিও তেওঁৰ দলটোৱে ভাল খেলিলেও, বিৰাটৰ বেটেৰে ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষং হোৱা নাই। যোৱা তিনিখন খেলত বিৰাটৰ ৰাণ ক্ৰমান্বয়ে ০, ০, ৯। যিটো ভাৰতৰ প্ৰাক্তন অধিনায়কৰ দ্বাৰা একেবাৰে অভিপ্রেত নহয়। যোৱা টি-২০ বিশ্বকাপৰ পৰাজয়ৰ আঘাত এতিয়াও সতেজ হৈ আছে, যত ভাৰতৰ নাক কাটি পেলোৱা হৈছিল। এইবাৰ বোৰ্ডে বিশ্বকাপ জিকাৰ বাহিৰে আন একো চিন্তা কৰা নাই। কিন্তু তাৰ আগতে, বিৰাটৰ ফৰ্ম  মনত ৰাখিছে বৰ্ডে। বোৰ্ডে টি-২০ ক্ৰিকেটত বিৰাটৰ ভৱিষ্যতৰ বিষয়েও চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস