--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ বাবে এতিয়া ভাল সময় চলি থকা নাই। তেওঁ দীৰ্ঘদিন ধৰি দুৰ্বল ফৰ্মহীনতাত ভূগি আছে। বহুদিন ধৰি তেওঁ বেটেৰে ৰাণ কৰিবলৈকো সক্ষম হোৱা নাই। তেওঁ ইতিমধ্যে আই পি এলতো দুৰ্বল ফৰ্মৰ বাবে অনুৰাগীৰ সমালোচনাৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত, বিৰাট কোহলীক আগন্তুক টি-২০ শৃংখলাত ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাদ দিব পাৰে বুলি এতিয়া বহুতে আশংকা ব্যক্ত কৰিছে। 

খবৰটো উলাই অহাৰ পাছৰে পৰা, ভাৰতীয় অভিনেতা কমল ৰছিদ খানে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে। বিৰাটৰ ফৰ্ম সন্দৰ্ভত মন্তব্য কৰি কেআৰকে-য়ে অনুষ্কা শৰ্মাক তীব্ৰ আক্ৰমণ কৰে। কেআৰকে টুইটাৰত টুইট কৰিছে, "যেতিয়া অনুষ্কা শৰ্মাৰ বিবাহ বিচ্ছেদ হ'ব তেতিয়া বিৰাট ফৰ্মলৈ ঘূৰি আহিব পাৰিব।" 

কেআৰকেৰ মন্তব্যৰ পিছত নেটিজেনসকলে  কমল আৰ খানৰ মন্তব্যক সামূহিকভাৱে ট্ৰ'ল কৰিছে। কোনোবাই লিখিছিল, 'একেবাৰে নিৰ্লজ্জ মানুহ', আৰু কোনোবাই তেওঁক পুনৰ লিখিছিল, 'অতি নিম্ন খাপৰ চিন্তা... এই মানুহজনৰ কোনো মানৱতা নাই।

ঘটনাক্ৰমে, চলিত আই পি এলত বিৰাট কোহলীয়ে এতিয়ালৈকে ভাল সময় অতিবাহিত কৰা নাই। যদিও তেওঁৰ দলটোৱে ভাল খেলিলেও, বিৰাটৰ বেটেৰে ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষং হোৱা নাই। যোৱা তিনিখন খেলত বিৰাটৰ ৰাণ ক্ৰমান্বয়ে ০, ০, ৯। যিটো ভাৰতৰ প্ৰাক্তন অধিনায়কৰ দ্বাৰা একেবাৰে অভিপ্রেত নহয়। যোৱা টি-২০ বিশ্বকাপৰ পৰাজয়ৰ আঘাত এতিয়াও সতেজ হৈ আছে, যত ভাৰতৰ নাক কাটি পেলোৱা হৈছিল। এইবাৰ বোৰ্ডে বিশ্বকাপ জিকাৰ বাহিৰে আন একো চিন্তা কৰা নাই। কিন্তু তাৰ আগতে, বিৰাটৰ ফৰ্ম  মনত ৰাখিছে বৰ্ডে। বোৰ্ডে টি-২০ ক্ৰিকেটত বিৰাটৰ ভৱিষ্যতৰ বিষয়েও চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত