--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে কিছুদিন পূৰ্বে ভাৰতৰ টেষ্ট অধিনায়কত্বৰ পৰা পদত্যাগ কৰে আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰোহিত শৰ্মাকে কোহলীৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে। পেচাৰ যশপ্ৰীত বুমৰাহক উপ-অধিনায়কৰ বাবে বাছনি কৰিছিল বিচিচিআইয়ে। কিন্তু ভাৰতৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙে কৰিছে স্পৰ্শকাতৰ মন্তব্য। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনৰ মতে, ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে ঋষভ পন্তক ভাৰতৰ পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া উচিত। স্পৰ্টছ ১৮-ৰ সৈতে এক বাৰ্তালাপত এই কথা ব্যক্ত কৰিছে যুৱৰাজ সিঙে। তেওঁ কয়, ‘আপুনি কাৰোবাক সাজু কৰিব লাগিব। যেনে মাহী ক'ৰপৰা কেপ্টেইন হৈছিল কিন্তু তেওঁলোকে তেওঁক অধিনায়কৰ দায়িত্ব দিয়া হৈছিল, তাৰ পিছত তেওঁ বিকশিত হ'ল।’

তেওঁ লগতে কয়, ‘উইকেট ৰক্ষক  সদায়ে এজন ভাল চিন্তাবিদ। কিয়নো ক্ৰিকেটত উইকেট ৰক্ষকে গোটেই ক্ৰীজখনৰ ওপৰত ভাল দৃষ্টিভংগী ৰাখিব পাৰে। আপুনি ভৱিষ্যতৰ অধিনায়ক হ'ব পৰা এজন যুৱক যদি বাছনি কৰে, তেন্তে প্ৰথম ছয় মাহ বা এবছৰত কোনো অলৌকিক ঘটনাৰ আশা নকৰে যেন। ইয়াৰ বাবে তৰুণ ক্ৰিকেটাৰ সকলক বিশ্বাসত ল’ব পাৰিব লাগিব।’

২০১১ চনৰ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ গৰাকীয়ে পন্তৰ পৰিপক্কতাক প্ৰশংসা কৰা দেখা গৈছে। টেষ্ট দলৰ নেতৃত্ব দিয়াৰ বাবে ঋষভ পন্তক যোগ্য ক্ৰিকেটাৰ বুলিও অভিহিত কৰিছে যুৱৰাজ সিঙে। যুৱৰাজে কয়, ‘মই সেই বয়সত অপৰিপক্ক আছিলোঁ। বিৰাটে কম সময়ৰ ভিতৰতে অধিনায়ক হৈ পৰিছিল। বিৰাটৰ তুলনাত পন্ত অধিক পৰিপক্ক।’ তেওঁ লগতে কয়, ‘মই নাজানো সহায়ক কৰ্মচাৰীসকলে এই বিষয়ে কেনেদৰে চিন্তা কৰে, কিন্তু মই ভাবো টেষ্ট দলৰ নেতৃত্ব দিয়াৰ বাবে যোগ্য ব্যক্তি ঋষভ পন্ত।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস