--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে কিছুদিন পূৰ্বে ভাৰতৰ টেষ্ট অধিনায়কত্বৰ পৰা পদত্যাগ কৰে আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰোহিত শৰ্মাকে কোহলীৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে। পেচাৰ যশপ্ৰীত বুমৰাহক উপ-অধিনায়কৰ বাবে বাছনি কৰিছিল বিচিচিআইয়ে। কিন্তু ভাৰতৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙে কৰিছে স্পৰ্শকাতৰ মন্তব্য। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনৰ মতে, ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে ঋষভ পন্তক ভাৰতৰ পৰৱৰ্তী টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া উচিত। স্পৰ্টছ ১৮-ৰ সৈতে এক বাৰ্তালাপত এই কথা ব্যক্ত কৰিছে যুৱৰাজ সিঙে। তেওঁ কয়, ‘আপুনি কাৰোবাক সাজু কৰিব লাগিব। যেনে মাহী ক'ৰপৰা কেপ্টেইন হৈছিল কিন্তু তেওঁলোকে তেওঁক অধিনায়কৰ দায়িত্ব দিয়া হৈছিল, তাৰ পিছত তেওঁ বিকশিত হ'ল।’

তেওঁ লগতে কয়, ‘উইকেট ৰক্ষক  সদায়ে এজন ভাল চিন্তাবিদ। কিয়নো ক্ৰিকেটত উইকেট ৰক্ষকে গোটেই ক্ৰীজখনৰ ওপৰত ভাল দৃষ্টিভংগী ৰাখিব পাৰে। আপুনি ভৱিষ্যতৰ অধিনায়ক হ'ব পৰা এজন যুৱক যদি বাছনি কৰে, তেন্তে প্ৰথম ছয় মাহ বা এবছৰত কোনো অলৌকিক ঘটনাৰ আশা নকৰে যেন। ইয়াৰ বাবে তৰুণ ক্ৰিকেটাৰ সকলক বিশ্বাসত ল’ব পাৰিব লাগিব।’

২০১১ চনৰ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ গৰাকীয়ে পন্তৰ পৰিপক্কতাক প্ৰশংসা কৰা দেখা গৈছে। টেষ্ট দলৰ নেতৃত্ব দিয়াৰ বাবে ঋষভ পন্তক যোগ্য ক্ৰিকেটাৰ বুলিও অভিহিত কৰিছে যুৱৰাজ সিঙে। যুৱৰাজে কয়, ‘মই সেই বয়সত অপৰিপক্ক আছিলোঁ। বিৰাটে কম সময়ৰ ভিতৰতে অধিনায়ক হৈ পৰিছিল। বিৰাটৰ তুলনাত পন্ত অধিক পৰিপক্ক।’ তেওঁ লগতে কয়, ‘মই নাজানো সহায়ক কৰ্মচাৰীসকলে এই বিষয়ে কেনেদৰে চিন্তা কৰে, কিন্তু মই ভাবো টেষ্ট দলৰ নেতৃত্ব দিয়াৰ বাবে যোগ্য ব্যক্তি ঋষভ পন্ত।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত