--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক শৰ্মা হৈ পৰিছে সমগ্ৰ ক্রিকেটপ্রেমীৰ নয়নৰমণি । ইংলেণ্ডৰ বিৰুদ্ধে ৱানখেদে ষ্টেডিয়ামত খেলা পঞ্চমখন টি-২০ মেচত তেওঁ বহু ডাঙৰ অভিলেখ ভংগ কৰিছে। ১৩৫ ৰানৰ ধুমুহাময় ইনিংছেৰে তেওঁ সকলোৰে হৃদয় জয় কৰিছিল। 

এতিয়া অভিষেক শৰ্মাই ভাৰতীয় দলৰ তাৰকা বেটছমেন হিচাপে আত্মপ্ৰকাশ কৰিলেও এটা সময় আছিল যেতিয়া তেওঁ জেললৈ যোৱাৰ পৰা সংকীৰ্ণভাৱে সাৰিছিল। আচলতে যোৱা বছৰ এগৰাকী মডেলে আত্মহত্যা কৰিছিল, যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল তেতিয়া তেওঁলোকে গম পাইছিল যে মডেলগৰাকী অভিষেক শৰ্মাৰ বান্ধবী।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তনয়া সিং নামৰ মডেল এগৰাকীয়ে আত্মহত্যা কৰিছিল। চুৰাটৰ ঘৰত মৃতদেহ উদ্ধাৰ হৈছিল তনয়াৰ। তদন্তৰ কিছুদিন পিছত পোহৰলৈ আহিল যে ভাৰতীয় ক্ৰিকেটাৰ অভিষেক শৰ্মাৰ সৈতে তনয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। তনয়াই অভিষেকলৈ হোৱাটছএপত কিছু মেছেজ পঠিয়াইছিল কিন্তু ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ কোনো সঁহাৰি নাপালে আৰক্ষীয়ে।

বিগত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে আত্মহত্যাৰ গোচৰৰ সোধা-পোছাৰ বাবে অভিষেক শৰ্মালৈ আৰক্ষীয়ে চমন প্ৰেৰণ কৰিছিল। জানিব পৰা মতে অভিষেকৰ জেৰা প্ৰায় ৬ ঘণ্টা ধৰি চলিছিল। অভিষেকক কি কি প্ৰশ্ন কৰা হৈছে সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য ৰাজহুৱা কৰা নাছিল। বাৰু, অভিষেকে এই ক্ষেত্ৰত ক্লীন চিট পাইছিল আৰু আই পি এল ২০২৪ত এছআৰএইচৰ হৈ খেলিবলৈ আৰম্ভ কৰে ।

বৰ্তমান ভাৰতৰ টি-২০ দলৰ বাবে এজন শক্তিশালী অ’পেনিং বেটছমেন হিচাপে আত্মপ্ৰকাশ কৰিছে অভিষেক শৰ্মাই। এতিয়ালৈকে তেওঁৰ বেটিঙত ধাৰাবাহিকতাৰ অভাৱ ৰেকৰ্ড কৰা হৈছিল। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ ৫৫.৮০ গড়ৰে ৫টা টি-২০ ইনিংছত ২৭৯ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ এটা শতক আৰু এটা অৰ্ধশতকো অৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ