--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তান আৰু PoKৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। একে সময়তে পাকিস্তানে এতিয়া ভাৰতৰ বিৰুদ্ধে অপাৰেচন বুনয়ান উল মাৰ্ছুছ আৰম্ভ কৰিছে।  অপাৰেচন সিন্দুৰৰ জৰিয়তে যিদৰে ভাৰতে পাকিস্তানক ধ্বংস কৰিছে ঠিক সেইদৰে পাকিস্তানেও  অপাৰেচন বুনয়ান উল মাৰ্ছুছৰ জৰিয়তে ভাৰতক ধ্বংস কৰি দিয়াৰ পৰিকল্পনা কৰিছে। ইয়াৰ নামটো কোৰানৰ এটা আয়াতৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হৈছে ‘অটুট দেৱাল’। সূত্ৰ অনুসৰি অপাৰেচন বুনয়ান উল মাৰ্ছুছৰ অধীনত পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে পুৱা ভাৰতৰ ১২খনতকৈও অধিক চহৰত আক্ৰমণ চলাইছে।

ইয়াৰ পূৰ্বে পাকিস্তানে গভীৰ নিশা PoK আৰু International Borderত যুদ্ধবিৰতি উলংঘা কৰিছিল। ভাৰতৰ ৩০টাতকৈও অধিক অঞ্চলত নিশাৰ ভিতৰতে পাকিস্তানে ড্ৰ’ন আক্ৰমণ চলাইছিল, যিটো ভাৰতীয় সেনাই বিফল কৰিছিল। এইবাৰ পাকিস্তানেও পঞ্জাৱ, ৰাজস্থান আৰু হাৰিয়ানাৰ আৱাসিক অঞ্চলক লক্ষ্য কৰি লৈ চেষ্টা চলাইছিল। একে সময়তে পুৱাৰ ভাগত নতুন দিল্লী, জম্মু, অমৃতসৰ, পাঠানকোট, জলন্ধৰকে ধৰি ১২খনতকৈও অধিক চহৰত আক্ৰমণ সংঘটিত হয়।

ইয়াৰ পূৰ্বে পাকিস্তানে জম্মু অঞ্চলত প্ৰচণ্ড গুলী, মৰ্টাৰ আৰু গোলাৰে আক্ৰমণ কৰিছিল। জম্মুৰ আৰ এছ পুৰাত পাকিস্তানৰ আক্ৰমণত আহত এজন সাধাৰণ নাগৰিক। পঞ্জাৱৰ ফিৰোজপুৰৰ আৱাসিক এলেকাত পাকিস্তানৰ ড্ৰোন আক্ৰমণৰ ফলত এটা ঘৰত জুই লাগে। এই আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন সদস্য আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 

শনিবাৰে পুৱা পাকিস্তানে দাবী কৰে যে তেওঁলোকৰ তিনিটা বিমান ঘাটি ভাৰতীয় ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নে লক্ষ্য কৰি লৈছে। পাকিস্তানী সেনাৰ মুখপাত্ৰই কয় যে ভাৰতে তেওঁলোকৰ ওপৰত ৬টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। এই আক্ৰমণত ৰাৱালপিণ্ডিৰ নূৰ খান বায়ুসেনা ঘাটি, শ্বোৰকোটৰ ৰফিকী বায়ুসেনা ঘাটি আৰু মুৰিদ বায়ুসেনা ঘাটিক লক্ষ্য কৰি লোৱা হয়। ইফালে পাকিস্তানে NOTAM জাৰি কৰি নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে।

পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই এক অধিসূচনা জাৰি কৰি কয় যে পাকিস্তানৰ আকাশমাৰ্গ পুৱা ৩.১৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সকলো ধৰণৰ বিমান পৰিবহণৰ বাবে বন্ধ কৰি দিয়া হৈছে। ইফালে পাকিস্তান চৰকাৰী নিউজ চেনেলে প্ৰকাশ কৰা অনুসৰি পাকিস্তানী সেনাই ভাৰতীয় আগ্ৰাসনৰ বিৰুদ্ধে আক্ৰমণ প্ৰতিহত কৰিবলৈ অপাৰেচন বুনয়ান উল মাৰ্ছুছ আৰম্ভ কৰিছে।

পাকিস্তানে কয় যে অপাৰেচন বুনয়ান উল মাৰ্ছুছৰ অধীনত ভাৰতৰ পাঠানকোট, উধামপুৰ আৰু শ্ৰীনগৰ ঘাটিত আক্ৰমণ কৰা হৈছে। অৱশ্যে এই কথা ভাৰতে নিশ্চিত কৰা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ