--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বৃহস্পতিবাৰে 'এটা বৃহৎ ঘোষণা' সংক্ষিপ্তকৈ জাৰি কৰে। 

আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে কয় যে তেওঁ 'এখন বৃহৎ সন্মানীয় দেশৰ' সৈতে এখন 'গুৰুত্বপূর্ণ বাণিজ্য চুক্তি' কেইদিনমানৰ পাছত ঘোষণা কৰিব। বিশ্বৰ দুই শক্তিধৰ দেশ চীন আৰু আমেৰিকাৰ মাজত বৃহৎ শুল্ক যুদ্ধৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই সংক্ষিপ্ত ঘোষণাই যথেষ্ট তাৎপর্য বহন কৰিছে।

বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱা দুয়োখন দেশৰ মাজৰ বাণিজ্য যুদ্ধখন প্রশমিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া প্ৰথমটো পদক্ষেপৰ অংশ হিচাপে আমেৰিকা আৰু চীনৰ প্ৰতিনিধি ছুইজাৰলেণ্ডত চলিত সপ্তাহৰ অন্তত মিলিত হ'ব আৰু ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্রাম্পৰ এই সংক্ষিপ্ত ঘোষণা লক্ষণীয় হৈ 'এখন ডাঙৰ সংবাদমেল' অনুষ্ঠিত হ'ব। 

ৰাষ্ট্ৰপতি ট্রাম্পে কয়, 'শুকুৰবাৰে পুৱা ১০ বজাত তেওঁৰ টুথ ছ'চিয়েল প্লেটফর্মত কয় যে এখন বৃহৎ তথা উচ্চ সন্মানীয় দেশৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি কৰাৰ দিশত অ'ভেল অফিচ উদ্বিগ্ন হৈ আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে নিজকে এজন দৰ-দামত পাকৈত বুলি বহুবাৰ কৈ আহিছে আৰু বিশ্বৰ কেইবাখনো দেশৰ সামগ্ৰীত অধিক শুল্ক আৰোপ কৰি বিশ্বজনীন বাণিজ্য বজাৰ ব্যাহত কৰি তুলিছিল। ইয়াৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পে স্পষ্টকৈ নাম নক'লেও আওপকীয়াকৈ চীনৰ সৈতে বাণিজ্য চুক্তি কৰাৰ ইংগিত দিছে। 

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে চীনৰ বিষয়ত কৰা সংক্ষিপ্ত ঘোষণাটোৰ পূর্বে কিন্তু আমেৰিকাৰ প্ৰশাসনে ভাৰত, ব্রিটেইন, দক্ষিণ কোৰিয়া আৰু জাপানৰ সৈতেহে প্রথমে বাণিজ্য চুক্তি কৰিব বুলি ঘোষণা কৰিছিল আৰু শীঘ্ৰেই দেশকেইখনৰ লগত বাণিজ্য চুক্তি কৰিব বুলি ৰাষ্ট্ৰপতি ট্রাম্পেও ঘোষণা কৰিছিল। 

উল্লেখযোগ্য যে আমেৰিকা-চীনৰ বাণিজ্য চুক্তিৰ বাবে আলোচনা কৰিবলৈ মার্কিন ট্ৰেজাৰী সচিব স্কট বেছান্ত আৰু মুখ্য বাণিজ্য আলোচক জেমিয়েচন গ্রীডে চীনৰ অৰ্থনীতিবিদ হে লাইফেঙৰ সৈতে ছুইজাৰলেণ্ডৰ জেনেভাত চলিত সপ্তাহৰ অন্তত মিলিত হ'ব। দুয়োখন দেশে পাৰস্পৰিকভাৱে সমানুপতিক শুল্ক ধাৰ্য কৰাৰ পাছত সৃষ্টি হোৱা বিশ্বজনীন অর্থনৈতিক উত্তেজনা এই আলোচনাই প্রশমন কৰিব বুলি ধাৰণা কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ