--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ সন্ত্রাসবাদীৰ প্ৰতি থকা প্রীতি পুনৰ পোহৰলৈ আহিছে। 'অপাৰেশ্যন সিন্দূৰ'ত নিহত হোৱা সন্ত্রাসবাদীৰ শেষকৃত্য অনুষ্ঠানত পাকিস্তানী সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া তথা ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰাৰ ফটো সমগ্র বিশ্বই দেখা পালে। ইয়াৰ পাছতো দেশখনে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰিবলৈ এৰা নাই।

পাকিস্তান চৰকাৰে শেহতীয়াকৈ কৰা এটা ঘোষণাৰ পৰা জানিব পৰা মতে, চৰকাৰে 'অপাৰেশ্যন সিন্দূৰ'ৰ সময়ত নিহত শতাধিক সন্ত্রাসবাদীৰ পৰিয়াললৈ এক কোটি টকাকৈ ক্ষতিপূৰণ দিব।  কেইবাটাও সংবাদ মাধ্যমে প্রকাশ কৰা এটা বাতৰিত পাকিস্তানৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি এই তথ্য প্রকাশ কৰে।

ইয়াৰ জৰিয়ত আটাইতকৈ বেছি লাভৱান হ’ব কুখ্যাত সন্ত্ৰাসবাদী আজহাৰ মাছুদ। আজহাৰ মাছুদৰ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ বাহাৱালপুৰ মুখ্য কাৰ্যালয়ত ভাৰতে বিমান আক্ৰমণ চলাইছিল। এই বিমান আক্ৰমণত জৈছৰ মুখ্য কাৰ্যালয়ৰ ব্যাপক ক্ষতিসাধন হয়। ভাৰতৰ আক্ৰমণত  আজহাৰ মাছুদে হেৰুৱাইছিল পৰিয়ালৰ ১৪জনকৈ লোকক। 

পাকিস্তান চৰকাৰে কৰা ঘোষণা অনুসৰি এতিয়া দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰে পাকিস্তান চৰকাৰৰ পৰা প্ৰায় ১৪ কোটি টকা লাভ কৰিব। উল্লেখযোগ্য যে 'অপাৰেশ্যন সিন্দূৰ'ৰ সময়ত পাকিস্তানত থকা সন্ত্রাসবাদীৰ ৯টা ঘাটি বিধ্বস্ত কৰা হৈছিল। ইয়াৰ ভিতৰত বাহালপুৰত থকা আজহাৰৰ সন্ত্রাসবাদী সংগঠন কুখ্যাত জৈছ-ই-মহম্মদৰ মুখ্য কার্যালয়ো আছে।

আক্রমণটোত আজহাৰৰ পৰিয়ালৰ লোকৰ লগতে সন্ত্রাসবাদীটোৰ সৈতে সম্পর্ক থকা ১৪টা সন্ত্রাসবাদী নিহত হয়। সেয়েহে আজহাৰে ১৪ কোটি টকা লাভ কৰিব বুলি বাতৰিটোত কোৱা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ