--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ সন্ত্রাসবাদীৰ প্ৰতি থকা প্রীতি পুনৰ পোহৰলৈ আহিছে। 'অপাৰেশ্যন সিন্দূৰ'ত নিহত হোৱা সন্ত্রাসবাদীৰ শেষকৃত্য অনুষ্ঠানত পাকিস্তানী সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া তথা ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰাৰ ফটো সমগ্র বিশ্বই দেখা পালে। ইয়াৰ পাছতো দেশখনে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰিবলৈ এৰা নাই।

পাকিস্তান চৰকাৰে শেহতীয়াকৈ কৰা এটা ঘোষণাৰ পৰা জানিব পৰা মতে, চৰকাৰে 'অপাৰেশ্যন সিন্দূৰ'ৰ সময়ত নিহত শতাধিক সন্ত্রাসবাদীৰ পৰিয়াললৈ এক কোটি টকাকৈ ক্ষতিপূৰণ দিব।  কেইবাটাও সংবাদ মাধ্যমে প্রকাশ কৰা এটা বাতৰিত পাকিস্তানৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি এই তথ্য প্রকাশ কৰে।

ইয়াৰ জৰিয়ত আটাইতকৈ বেছি লাভৱান হ’ব কুখ্যাত সন্ত্ৰাসবাদী আজহাৰ মাছুদ। আজহাৰ মাছুদৰ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ বাহাৱালপুৰ মুখ্য কাৰ্যালয়ত ভাৰতে বিমান আক্ৰমণ চলাইছিল। এই বিমান আক্ৰমণত জৈছৰ মুখ্য কাৰ্যালয়ৰ ব্যাপক ক্ষতিসাধন হয়। ভাৰতৰ আক্ৰমণত  আজহাৰ মাছুদে হেৰুৱাইছিল পৰিয়ালৰ ১৪জনকৈ লোকক। 

পাকিস্তান চৰকাৰে কৰা ঘোষণা অনুসৰি এতিয়া দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰে পাকিস্তান চৰকাৰৰ পৰা প্ৰায় ১৪ কোটি টকা লাভ কৰিব। উল্লেখযোগ্য যে 'অপাৰেশ্যন সিন্দূৰ'ৰ সময়ত পাকিস্তানত থকা সন্ত্রাসবাদীৰ ৯টা ঘাটি বিধ্বস্ত কৰা হৈছিল। ইয়াৰ ভিতৰত বাহালপুৰত থকা আজহাৰৰ সন্ত্রাসবাদী সংগঠন কুখ্যাত জৈছ-ই-মহম্মদৰ মুখ্য কার্যালয়ো আছে।

আক্রমণটোত আজহাৰৰ পৰিয়ালৰ লোকৰ লগতে সন্ত্রাসবাদীটোৰ সৈতে সম্পর্ক থকা ১৪টা সন্ত্রাসবাদী নিহত হয়। সেয়েহে আজহাৰে ১৪ কোটি টকা লাভ কৰিব বুলি বাতৰিটোত কোৱা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান